সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশত পৱিত্ৰ ধাতু প্ৰদৰ্শনীৰ অন্তিম পৰ্যায় উপলক্ষে শাক্যমুনি বুদ্ধৰ পৱিত্ৰ ধাতু ন্যামছাইস্থিত সোণালী পেগোডালৈ অনা হৈছে

অৰুণাচল প্ৰদেশৰ ৰাজ্যপালে ন্যামছাইত পৱিত্ৰ ধাতু প্ৰদৰ্শনী উদ্বোধন কৰে; ২০২৬ চনৰ ১৪ৰ পৰা ২০ নৱেম্বৰলৈকে সাধাৰণ ৰাইজৰ দৰ্শনৰ বাবে পৱিত্ৰ ধাতুসমূহ মুকলি থাকিব।

বমডিলাত ৩৫,০০০ৰো অধিক ভক্তই পৱিত্ৰ ধাতুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে; টাৱাং আৰু বমডিলাত দৰ্শনাৰ্থীৰ মুঠ সংখ্যাই ৬৬,০০০ অতিক্ৰম কৰে।

গোল্ডেন পেগোডাত বৌদ্ধ ঐতিহ্যৰ সন্দৰ্ভত দুখন বিশেষ প্ৰদৰ্শনী উদ্বোধন কৰা হয়।

পোষ্ট কৰা হৈছে: 15 NOV 2026 7:32AM by PIB Guwahati

শাক্যমুনি বুদ্ধৰ পৱিত্ৰ ধাতুসমূহ ২০২৬ চনৰ ১৪ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ ন্যামছাইত উপস্থিত হয়। ইয়াৰ জৰিয়তে ৰাজ্যখনত পৱিত্ৰ ধাতুসমূহৰ প্ৰদৰ্শনীৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ শুভাৰম্ভ হয়। পূব অৰুণাচল প্ৰদেশৰ বৌদ্ধ ধৰ্মীয় বিশ্বাস আৰু ঐতিহ্যৰ অন্যতম উল্লেখযোগ্য কেন্দ্ৰ গোল্ডেন পেগোডা (কংমু খাম)ত পৱিত্ৰ ধাতুসমূহক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে প্ৰতিষ্ঠা কৰা হয়।

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কৈৱল্য ত্ৰিবিক্ৰম পাৰনাইকে ন্যামছাইৰ নালুং হেলিপেডত পৱিত্ৰ ধাতুসমূহ গ্ৰহণ কৰে। এই উপলক্ষে তেওঁৰ সৈতে উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইন, ৰাজ্যখনৰ মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ধৰ্মীয় নেতাসকলো উপস্থিত থাকে। পৱিত্ৰ ধাতুসমূহৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ গোল্ডেন পেগোডালৈ যোৱা আনুষ্ঠানিক শোভাযাত্ৰাৰ সময়ত পথৰ কাষে কাষে ভক্ত আৰু স্থানীয় ৰাইজ সমবেত হয়।

পৱিত্ৰ ধাতুসমূহৰ আদৰণী আৰু প্ৰতিষ্ঠা অনুষ্ঠানৰ পিছত গোল্ডেন পেগোডাত আনুষ্ঠানিকভাৱে প্ৰদৰ্শনী উদ্বোধন কৰা হয়। এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইন, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ (IBC) সঞ্চালক প্ৰধান শ্ৰী ৰাঘৱ প্ৰসাদ ভাটনাগৰ, বৌদ্ধ সংঘৰ শ্ৰদ্ধাৰ সদস্যসকলৰ লগতে অন্যান্য বিশিষ্ট অতিথিসকলো উপস্থিত থাকে।

ৰাজ্যপালে ভগৱান বুদ্ধৰ শিক্ষাৰ সমসাময়িক প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে।

সমবেত লোকসকলক সম্বোধন কৰি ৰাজ্যপালে এই পৱিত্ৰ ধাতু প্ৰদৰ্শনীক গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যপূৰ্ণ  উপলক্ষ বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে পৱিত্ৰ ধাতুসমূহে ভগৱান বুদ্ধৰ জীৱন, বোধিলাভ আৰু কালজয়ী শিক্ষাৰ প্ৰতীক বহন কৰে।

ৰাজ্যপালে সমসাময়িক প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত বৌদ্ধ ধৰ্মৰ শিক্ষাৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে মানৱজাতিয়ে সংঘাত, অসহিষ্ণুতা আৰু হিংসাৰ সন্মুখীন হোৱা এনে  সময়ত শান্তি, কৰুণা, প্ৰজ্ঞা আৰু অহিংসাৰ বাণীয়ে বিশেষ তাৎপৰ্য বহন কৰে।

তেওঁ জনসাধাৰণক এই মূল্যবোধসমূহ নিজৰ দৈনন্দিন জীৱনত আত্মস্থ কৰিবলৈ আৰু সম্প্ৰীতি, মৰ্যাদা তথা পাৰস্পৰিক সন্মানৰ আধাৰত এখন সমাজ গঢ়ি তোলাত অৰিহণা যোগাবলৈ আহ্বান জনায়।

ৰাজ্যপালে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়, অৰুণাচল প্ৰদেশ চৰকাৰ, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘ আৰু এই প্ৰদৰ্শনীৰ সৈতে জড়িত সকলোৰে সামূহিক প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ ওচৰলৈ পৱিত্ৰ ধাতুসমূহ কাষ চপাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ কথা স্বীকাৰ কৰে।

উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইনে অৰুণাচল প্ৰদেশৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ বৌদ্ধ ঐতিহ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে মহাযান, বজ্ৰযান আৰু থেৰবাদী বৌদ্ধ পৰম্পৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বিকশিত হোৱা এখন ৰাজ্যত এই প্ৰদৰ্শনীৰ বিশেষ তাৎপৰ্য আছে। তেওঁ ন্যামছাইত পৱিত্ৰ ধাতুসমূহৰ আগমনক ভক্তসকলৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে ভগৱান বুদ্ধৰ শিক্ষাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এটা বিৰল সুযোগ বুলি অভিহিত কৰে।

এই উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ উদ্যোগত আয়োজিত দুখন বিশেষ প্ৰদৰ্শনী গোল্ডেন পেগোডাৰ ধ্যান কেন্দ্ৰত উদ্বোধন কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ উদ্যোগত আয়োজিত “পৱিত্ৰ পিপৰাহৱাৰ উন্মোচন: ভগৱান বুদ্ধৰ পৱিত্ৰ ধাতু আৰু সেইসমূহৰ আৱিষ্কাৰৰ কাহিনী” শীৰ্ষক প্ৰদৰ্শনীখনত পিপৰাহৱাৰ ধাতুসমূহৰ ঐতিহাসিক, প্ৰত্নতাত্ত্বিক আৰু আধ্যাত্মিক তাৎপৰ্য দাঙি ধৰা হৈছে। ইয়াত উত্তৰ প্ৰদেশৰ পিপৰাহৱাত কৰা প্ৰত্নতাত্ত্বিক আৱিষ্কাৰসমূহৰ লগতে বৌদ্ধ ধাতুৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ সুদীৰ্ঘ পৰম্পৰাৰ বিষয়েও আলোকপাত কৰা হৈছে।

প্ৰদৰ্শনীখনত পিপৰাহৱাৰ ৰত্নসম্ভাৰৰ যাত্ৰা আৰু এশ বছৰতকৈও অধিক সময়ৰ পিছত ২০২৫ চনত সেইসমূহ ভাৰতলৈ ঘূৰাই অনাৰ বিষয়টোও বিশেষভাৱে দাঙি ধৰা হৈছে। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীসকলে ভাৰতৰ বৌদ্ধ ঐতিহ্য সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰখাৰ গুৰুত্ব সম্পৰ্কে জানিবলৈ  সুযোগ লাভ কৰিব।

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ দ্বাৰা সজাই তোলা “ধম্মৰ সংযোগস্থল: ধ্ৰুপদী ঐতিহ্য, জীৱন্ত কলা আৰু নৃতাত্ত্বিক দৃষ্টিভংগী” শীৰ্ষক দ্বিতীয়খন প্ৰদৰ্শনীত বৌদ্ধ ধৰ্মৰ সমৃদ্ধ কলাত্মক, ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হৈছে। ইয়াত বৌদ্ধ পৰম্পৰাসমূহৰ ক্ৰমবিকাশ আৰু কলা, সংস্কৃতি তথা সমাজৰ ওপৰত ইয়াৰ অব্যাহত প্ৰভাৱৰ বিষয়টো বিশেষভাৱে দাঙি ধৰা হৈছে।

এই দুয়োখন প্ৰদৰ্শনীয়ে একেলগে পৱিত্ৰ ধাতু প্ৰদৰ্শনীৰ আধ্যাত্মিক অভিজ্ঞতাক অধিক সমৃদ্ধ কৰি তুলিছে। ইয়াৰ জৰিয়তে ভক্ত, শিক্ষাৰ্থী, গৱেষক আৰু দৰ্শনাৰ্থীসকলে ভগৱান বুদ্ধৰ জীৱন আৰু শিক্ষা তথা ভাৰতৰ সমৃদ্ধ বৌদ্ধ ঐতিহ্য সম্পৰ্কে নিজৰ জ্ঞান আৰু বুজাবুজি অধিক গভীৰ কৰাৰ  সুযোগ লাভ কৰিব।

ন্যামছাইত ছদিনীয়া প্ৰশিক্ষণৰ পাছত পৱিত্ৰ ধাতুসমূহ পশ্চিম কামেং জিলাৰ বমডিলাস্থিত থুবচোগ গাটছেল লিং (TGL) মঠলৈ অনা হৈছে।এই মঠক ল’ৱাৰ গোম্পা বুলিও জনা যায়।

২০২৬ চনৰ ৮ৰ পৰা ১৩ নৱেম্বৰলৈকে অনুষ্ঠিত এই প্ৰদৰ্শনীখনে ভক্তসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰে। এই সময়ছোৱাত ৩৫,০০০ৰো অধিক ভক্তই মঠটো পৰিদৰ্শন কৰি প্ৰাৰ্থনা জনায়, আশীৰ্বাদ গ্ৰহণ কৰে আৰু পৱিত্ৰ ধাতুসমূহৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

পশ্চিম কামেং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া অঞ্চলসমূহৰ পৰা অহা বৌদ্ধ ভিক্ষু, জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম ব্যক্তি আৰু ভক্তসকলে গভীৰ বিশ্বাস আৰু শ্ৰদ্ধা-ভক্তিৰে ৰাজহুৱা দৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

জিলা প্ৰশাসনে সুশৃংখলভাৱে ৰাজহুৱা দৰ্শনৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন অঞ্চলৰ ভক্তসকলে যাতে প্ৰদৰ্শনীখন পৰিদৰ্শন কৰাৰ সুযোগ লাভ কৰে, তাৰ বাবে সমষ্টিভিত্তিক অংশগ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

বমডিলাত ভক্তসকলৰ ব্যাপক সমাগমে পৱিত্ৰ ধাতুসমূহৰ গভীৰ আধ্যাত্মিক গুৰুত্ব আৰু অঞ্চলটোত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰচলিত হৈ অহা বৌদ্ধ পৰম্পৰাৰ প্ৰতিফলন ঘটায়।

১৩ নৱেম্বৰত ৰাজহুৱা দৰ্শনৰ সামৰণি পৰাৰ পিছত, ১৪ নৱেম্বৰৰ পুৱা পৱিত্ৰ ধাতুসমূহক ন্যামছাইলৈ পৰৱৰ্তী যাত্ৰাৰ বাবে আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়।

অৰুণাচল প্ৰদেশত পৱিত্ৰ ধাতুসমূহৰ প্ৰদৰ্শনী ২০২৬ চনৰ ৩১ অক্টোবৰত ঐতিহাসিক গাডেন নামগ্যাল লাটছে (টাৱাং মঠ)ত আৰম্ভ হৈছিল। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, শ্ৰদ্ধাৰ বৌদ্ধ ভিক্ষুসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

টাৱাঙত অনুষ্ঠিত এই পৱিত্ৰ ধাতু প্ৰদৰ্শনী ২০২৬ চনৰ ৭ নৱেম্বৰলৈকে অব্যাহত থাকে আৰু ইয়াত ৩১,০০০ৰো অধিক ভক্তই অংশগ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত বমডিলাত অনুষ্ঠিত প্ৰদৰ্শনীখনত ৩৫,০০০ৰো অধিক ভক্তই দৰ্শন কৰাৰ ফলত দুয়োটা স্থানত দৰ্শনাৰ্থীৰ মুঠ সংখ্যাই ৬৬,০০০ অতিক্ৰম কৰিছে।

১৩ বছৰৰ বিৰতিৰ পিছত পৱিত্ৰ ধাতুসমূহ অৰুণাচল প্ৰদেশলৈ পুনৰ উভতি অহাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ সম্প্ৰদায়ৰ লোকসকলে ভগৱান বুদ্ধৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ  অমূল্য সুযোগ লাভ কৰিছে।

এই প্ৰদৰ্শনীয়ে বিভিন্ন বৌদ্ধ পৰম্পৰা আৰু সাংস্কৃতিক পটভূমিৰ ভক্তসকলক একত্ৰিত কৰিছে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ভাৰতৰ বৃহত্তৰ বৌদ্ধ ঐতিহ্যৰ সৈতে সংযুক্ত কৰি ৰখা সুদীৰ্ঘকালৰ আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পৰ্কসমূহকো পুনৰ সুদৃঢ় কৰিছে।

পৱিত্ৰ ধাতুসমূহ ২০২৬ চনৰ ১৪ৰ পৰা ২০ নৱেম্বৰলৈকে ৰাজহুৱা দৰ্শনৰ বাবে ন্যামছাইৰ গোল্ডেন পেগোডা (কংমু খাম)ত প্ৰতিষ্ঠিত অৱস্থাত ৰখা হ’ব।

গোল্ডেন পেগোডা অৰুণাচল প্ৰদেশত থেৰবাদী বৌদ্ধ ধৰ্মীয় বিশ্বাস আৰু চৰ্চাৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ন্যামছাইত অনুষ্ঠিত এই প্ৰদৰ্শনীয়ে পূব অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া অঞ্চলসমূহৰ ভক্তসকলক প্ৰাৰ্থনা জনোৱাৰ লগতে পৱিত্ৰ ধাতুসমূহৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ  সুযোগ প্ৰদান কৰিব।

প্ৰদৰ্শনীৰ সামৰণিৰ পিছত ২০২৬ চনৰ ২১ নৱেম্বৰত পৱিত্ৰ ধাতুসমূহ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ উভতাই নিয়াৰ কথা নিৰ্ধাৰণ কৰা হৈছে।

এই প্ৰদৰ্শনীখন ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশ চৰকাৰ, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ (IBC) সহযোগত আয়োজন কৰিছে।

এই পদক্ষেপে ভাৰতৰ বৌদ্ধ ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ প্ৰতি ভাৰত চৰকাৰৰ নিৰন্তৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে এই পৱিত্ৰ ঐতিহ্যক ভক্তসকলৰ অধিক কাষ চপাই অনাৰ লগতে বৌদ্ধ সম্প্ৰদায়সমূহৰ মাজত সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক অধিক সুদৃঢ় কৰা।

টাৱাং, বমডিলা আৰু ন্যামছাইত অনুষ্ঠিত এই প্ৰদৰ্শনীয়ে অৰুণাচল প্ৰদেশৰ বৌদ্ধ পৰম্পৰাৰ বৈচিত্ৰ্যকো উদযাপন কৰিছে আৰু ভগৱান বুদ্ধৰ সাৰ্বজনীন বাণী—শান্তি, কৰুণা, প্ৰজ্ঞা, অহিংসা আৰু সম্প্ৰীতিৰ আদৰ্শক অধিক সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।

M Annadurai/SD


(ৰিলিজ আই ডি : 2336502) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati