পোষ্ট কৰা হৈছে:
14 NOV 2026 6:51PM by PIB Guwahati
বেলজিয়াম নৌসেনাৰ কমাণ্ডাৰ ৰিয়াৰ এডমিৰেল টেংগুই বটমেনে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰা আৰু নৌসেনাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ লক্ষ্যৰে ১৪ নৱেম্বৰ ২০২৬ত চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ কৰিছে।
উপস্থিত হোৱাৰ পাছত তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাৰ্ঘ্য অৰ্পণ কৰি শ্বহীদ সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ছাউথ ব্লকত তেওঁক আনুষ্ঠানিক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।
ভ্ৰমণৰ সময়ত ৰিয়াৰ এডমিৰেল টেংগুই বটমেনে নৌসেনা প্ৰধান এডমিৰেল কৃষ্ণ স্বামীনাথনৰ সৈতে সামুদ্ৰিক নিৰাপত্তা, পৰিচালনামূলক সম্পৰ্ক, প্ৰশিক্ষণ, কৰ্মী বিনিময় আৰু নৌ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন বিষয় আলোচনা কৰে। তেওঁ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায় অন্বেষণৰ বাবে অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে।
ভাৰত আৰু বেলজিয়ামৰ মাজত দীৰ্ঘদিনীয়া সামুদ্ৰিক সম্পৰ্ক আছে। এই ভ্ৰমণ দুয়োখন দেশৰ নৌসেনাৰ মাজৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱাৰ লগতে বৰ্তমানৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন ক্ষেত্ৰ অন্বেষণৰ জৰিয়তে সামুদ্ৰিক সহযোগিতাক অধিক গতি দিব বুলি আশা কৰা হৈছে।
VM/AS/DD