সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীৰ ভাৰত মণ্ডপমত সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত ‘ক্ৰিয়েটিভ ইণ্ডিয়া: সামূহিক সম্ভাৱনা’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন; ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ বিকাশৰ বাবে অংশীদাৰসকলক একেলগে কাম কৰিবলৈ আহ্বান

পোষ্ট কৰা হৈছে: 13 NOV 2026 5:28PM by PIB Guwahati

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে সহযোগিতামূলক আৰ্হিৰ ওপৰত এখন সন্মিলন ‘ক্ৰিয়েটিভ ইণ্ডিয়া: সামূহিক সম্ভাৱনা’ৰ আয়োজন কৰে। মাননীয় কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে উদ্বোধন কৰা এই সন্মিলনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠানসমূহ, উদ্যোগ জগত, দাতব্য সংস্থা, সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তি আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলে অংশগ্ৰহণ কৰে। ভাৰতৰ সাংস্কৃতিক ঐশ্বৰ্যই কেনেদৰে দেশৰ বিকাশ, জীৱিকা সৃষ্টিৰ লগতে বিশ্বত ভাৰতৰ স্থান অধিক শক্তিশালী কৰাত সম্পূৰ্ণৰূপে অৰিহণা যোগাব পাৰে, সেই বিষয়ে এই সন্মিলনত আলোচনা কৰা হয়।

“ভাৰতৰ সৃষ্টিশীল শক্তিয়েই হৈছে দেশখনৰ প্ৰকৃত শক্তি,” বুলি শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে কয়। তেওঁ লগতে কয়, “আমাৰ সভ্যতা এখন জীৱন্ত সভ্যতা, যাৰ সৃষ্টিশীলতা প্ৰতিটো অঞ্চল আৰু প্ৰতিটো প্ৰজন্মৰ মাজত নিহিত হৈ আছে। বিশ্বই যেতিয়া ধাৰণা আৰু কল্পনাশক্তিনিৰ্ভৰ অৰ্থনীতিৰ দিশে আগবাঢ়িছে, তেতিয়া আমাৰ কৰ্তব্য হৈছে এই প্ৰতিভাসমূহক সুযোগৰ সৈতে সংযুক্ত কৰা, যাতে ভাৰতৰ সংস্কৃতি দেশৰ সমৃদ্ধিৰ লগতে বিশ্বমঞ্চত ভাৰতৰ কণ্ঠস্বৰৰ  শক্তিশালী ভেটি হৈ পৰে।”

“চৰকাৰৰ ভূমিকা হৈছে অনুঘটক হিচাপে কাম কৰা,” বুলি সংস্কৃতি মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক আগৰৱালে কয়। তেওঁ লগতে কয়, “যেতিয়া মন্ত্ৰালয়ে সহযোগিতাৰ দুৱাৰ মুকলি কৰে আৰু অংশীদাৰসকলে সেই কাম আগুৱাই লৈ যায়, তেতিয়া আমাৰ ঐতিহ্য সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক, শিল্পী আৰু উদ্যোগসমূহৰ বাবে এটা জীৱন্ত সম্পদ হিচাপে পৰিগণিত হয়। এনে অংশীদাৰিত্ব গঢ়ি তোলাৰ উদ্দেশ্যেই সৃষ্টিশীল অৰ্থনীতি বিভাগ (Creative Economy Division) গঠন কৰা হৈছে।”

প্ৰসংগৰ অৱতাৰণা কৰি শ্ৰী ইন্দৰজিৎ সিং, আইএএছ, যুটীয়া সচিব (সৃষ্টিশীল অৰ্থনীতি)য়ে কাশী সংস্কৃতি পথ (Kashi Culture Pathway)ৰ পৰা বিকশিত ভাৰতৰ দৃষ্টিভংগীলৈকে ভাৰতৰ উন্নয়নৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু হিচাপে সংস্কৃতিৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মন্ত্ৰালয়ৰ ৪৩টা প্ৰতিষ্ঠান—৩,৬০০ৰো অধিক সংৰক্ষিত স্মৃতিসৌধৰ পৰা আৰম্ভ কৰি সংগ্ৰহালয়, আৰ্কাইভ, একাডেমী আৰু মণ্ডল সাংস্কৃতিক কেন্দ্ৰসমূহলৈকে—ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ ৰাজহুৱা আন্তঃগাঁথনি হিচাপে কাম কৰি আহিছে। ভাৰতৰ ঐতিহ্য, সংগ্ৰহ আৰু জীৱন্ত পৰম্পৰাসমূহৰ সংৰক্ষক হিচাপে মন্ত্ৰালয়ে ভাৰতীয় সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন খণ্ড, উদ্যোগ আৰু সৃষ্টিশীল ব্যক্তিসকলৰ বাবে  স্বাভাৱিক মিলনস্থলী হিচাপে কাম কৰাৰ সুযোগ প্ৰদান কৰে বুলিও তেওঁ উল্লেখ কৰে।

অংশীদাৰিত্বৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় সাংস্কৃতিক পুঁজি (National Culture Fund)-য়ে ১৯৯৬ চনৰ পৰা ৩৯টা অংশীদাৰৰ সৈতে ৬৬টা প্ৰকল্প সম্পূৰ্ণ কৰিছে আৰু ‘এডপ্ট  এ হেৰিটেজ’ (Adopt a Heritage) কাৰ্যসূচীৰ জৰিয়তে ৬৬টা স্মৃতিসৌধত অংশীদাৰসকলক জড়িত কৰা হৈছে।
গোদৰেজ ইণ্ডাষ্ট্ৰিজ গ্ৰুপৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে পবিত্ৰ পিপ্ৰাহৱাৰ ধ্বংসাৱশেষসমূহ স্বদেশলৈ ঘূৰাই অনা হৈছে। ‘সভ্যতা ফাউণ্ডেশ্যন’ৰ সহযোগত পুৰাণ কিল্লাত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। একেদৰে, নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ আৰু ছেৰেণ্ডিপিটি আৰ্টছ ফাউণ্ডেশ্যনৰ সহযোগত ভেনিচ ২০২৬-ত ভাৰতৰ পেভিলিয়ন স্থাপন কৰা হৈছে। গুগল আৰ্টছ এণ্ড কালচাৰৰ সৈতে স্বাক্ষৰিত এখন নতুন বুজাবুজিৰ চুক্তিয়ে (MoU) ভাৰতৰ ঐতিহ্যক বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যোৱাত সহায় কৰিব।

সংস্কৃতিত বিনিয়োগ, সংস্কৃতিনিৰ্ভৰ স্থান, সাংস্কৃতিক উদ্যোগী আৰু প্ৰযুক্তি তথা যোগাযোগ—এই চাৰিটা বিষয়ক লৈ অনুষ্ঠিত অধিৱেশনসমূহত পৃষ্ঠপোষক, বিনিয়োগকাৰী, ঐতিহ্য সংৰক্ষণৰ সৈতে জড়িত কৰ্মী, ডিজাইনাৰ, উদ্যোগী আৰু প্ৰযুক্তি খণ্ডৰ নেতাসকলে মত বিনিময় কৰে।
এই আলোচনাসমূহত দান-বৰঙণি আৰু ব্যক্তিগত মূলধন বিনিয়োগৰ বাবে বিশ্বাসযোগ্য পথ, স্মৃতিসৌধ, সংগ্ৰহালয় আৰু উৎসৱসমূহক জীৱন্ত পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা, শিল্পী আৰু ডিজাইনাৰসকলৰ বাবে জীৱিকাৰ পৰা উদ্যোগ স্থাপনলৈকে আগবঢ়াৰ পথ সৃষ্টি কৰা আৰু ভাৰতৰ নিজস্ব দৃষ্টিভংগী আৰু চৰ্ত অনুসৰি দেশৰ জ্ঞান তথা বৰ্ণাঢ্য সাংস্কৃতিক আখ্যানসমূহ বিশ্বৰ দৰবাৰত উপস্থাপন কৰাৰ নতুন পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা হয়।

এই দিনটোৰ আলোচনাৰ পৰা লাভ কৰা পৰামৰ্শ আৰু গুৰুত্বপূৰ্ণ দিশসমূহে ভাৰতৰ ভিতৰত আৰু বিদেশত থকা ৰাজ্যসমূহ, প্ৰতিষ্ঠানসমূহ তথা অংশীদাৰসকলৰ সৈতে মন্ত্ৰালয়ৰ অব্যাহত সহযোগিতামূলক কাৰ্যকলাপক দিক নিৰ্দেশনা প্ৰদান কৰিব।

ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে এটা উমৈহতীয়া আৰু ক্ৰমবিকাশশীল কাৰ্যপ্ৰণালী গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে মন্ত্ৰালয়ে। এই কাৰ্যপ্ৰণালী  পৰিমাপ কৰিব  পৰা ফলাফল, সৰলীকৃত সহযোগিতা ব্যৱস্থা আৰু সংস্কৃতিৰ ক্ষেত্ৰত মূলধন বিনিয়োগৰ বাবে সু-সংগঠিত ব্যৱস্থাৰ ওপৰত আধাৰিত হ’ব।
একত্ৰিত কৰা, সহযোগিতা আগবঢ়োৱা আৰু সক্ষম কৰি তোলাৰ নীতিৰে পৰিচালিত হৈ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ, সাংস্কৃতিক প্ৰতিষ্ঠান, উদ্যোগ জগত, দাতব্য সংস্থা, সৃষ্টিশীল ব্যক্তি আৰু আন্তঃৰাষ্ট্ৰীয় মহলকে ধৰি সকলো অংশীদাৰক এই কাৰ্যপ্ৰণালী গঢ়ি তোলাত সহযোগিতা কৰিবলৈ আৰু মন্ত্ৰালয়ৰ প্ৰতিষ্ঠানসমূহৰ সৈতে একেলগে কাম কৰি ভাৰতৰ ঐতিহ্য তথা জীৱন্ত পৰম্পৰাসমূহক স্থায়ী জীৱিকা, উদ্যোগ আৰু বিশ্বমঞ্চত ভাৰতৰ উপস্থিতিৰ শক্তিশালী আধাৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

M. Annadurai/SD


(ৰিলিজ আই ডি : 2336139) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी