পোষ্ট কৰা হৈছে:
13 NOV 2026 6:32PM by PIB Guwahati
বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগৰ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (চি বি ডি টি) বিশেষ অভিযান ৬-ৰ অধীনত উল্লেখযোগ্য ফলাফল লাভ কৰিছে।প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ (ডি এ আৰ পি জি) নিৰ্দেশনা অনুসৰি তথা ২০২১ চনৰ পৰা চলি অহা সফল অভিযানসমূহৰ ধাৰাবাহিকতা হিচাপে আয়কৰ বিভাগৰ সকলো ক্ষেত্ৰীয় কাৰ্যালয়ত চলোৱা এই অভিযানত স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া, অভিলেখ ব্যৱস্থাপনা সুশৃংখলিত কৰা আৰু নিষ্পত্তি নোহোৱা বিষয়সমূহ নিষ্পত্তিত গুৰুত্ব দিয়া হৈছে।
বিশেষ অভিযান ৬-ৰ সময়ত আয়কৰ বিভাগে সকলো মূল দিশতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। পদ্ধতিগতভাৱে অপ্ৰয়োজনীয় সামগ্ৰী আঁতৰোৱা আৰু স্থান অনুকূলন পদক্ষেপৰ জৰিয়তে চি বি ডি টি-এ কাৰ্যালয়ৰ ১.৫৪ লাখ বৰ্গফুট স্থান মুকলি কৰিছে আৰু আৱৰ্জনা তথা অচল সামগ্ৰী বিক্ৰীৰ পৰা ৩৬.৯ লাখ টকা ৰাজহ অৰ্জন কৰিছে। অভিলেখ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৯০,০০০-তকৈ অধিক বাস্তৱৰ ফাইল আঁতৰোৱাৰ উপৰি ২৪,০০০-তকৈ অধিক ই-ফাইল বন্ধ কৰা হৈছে। ভাৰতৰ সকলো আয়কৰ কাৰ্যালয়ৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলোৱাৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বহনক্ষমতাৰ প্ৰতি বিভাগৰ প্ৰতিশ্ৰুতি শক্তিশালী হৈছে।
নাগৰিককেন্দ্ৰিক দিশত চি বি ডি টি-এ ২৯,১৫৩টা ৰাজহুৱা অভিযোগ নিষ্পত্তি কৰিছে। এই সংখ্যা ১৫,০৮১টা গোচৰৰ প্ৰাৰম্ভিক লক্ষ্যতকৈ অধিক। এই সাফল্যসমূহে সামূহিকভাৱে দক্ষতা, নাগৰিককেন্দ্ৰিক কৰ প্ৰশাসন আৰু ব্যৱসায় কৰাৰ সহজতাৰ প্ৰতি চি বি ডি টি-ৰ অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
.
বিশেষ অভিযানৰ বিষয়ে ৰাজহুৱা সজাগতা বৃদ্ধিৰ বাবে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক প্ৰচাৰ চলোৱা হৈছে। আয়কৰ বিভাগৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহে তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ চৰকাৰী হেণ্ডেলত দুই শতাধিক টুইট আৰু পোষ্ট শ্বেয়াৰ কৰি অভিযানৰ বিশেষ দিশ তথা আৰু স্থানীয় পদক্ষেপসমূহ সদৰি কৰিছে।
কাৰ্যকৰী লক্ষ্যসমূহ পূৰণ কৰাৰ উপৰি, বিশেষ অভিযান ৬-ৰ অধীনত বিভিন্ন অঞ্চলত কেইবাটাও অনন্য আৰু উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে।অভিযানৰ সময়ত ৰূপায়ণ কৰা কেইটামান উল্লেখযোগ্য উৎকৃষ্ট পদ্ধতি তলত উল্লেখ কৰা হ’ল:
ই-বৰ্জ্য নিষ্কাশন
বেংগালুৰু, চেন্নাই, গুজৰাট, গুৱাহাটী, হায়দৰাবাদ, ওড়িশা আৰু দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন আয়কৰ কাৰ্যালয় চৌহদত উৎপন্ন হোৱা ই-বৰ্জ্যৰ সঠিক নিষ্কাশনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে পৰিৱেশগতভাৱে দায়িত্বশীল বৰ্জ্য ব্যৱস্থাপনাক প্ৰসাৰিত কৰাৰ উপৰি পৰিত্যক্ত ইলেক্ট্ৰনিক সামগ্ৰীৰ পদ্ধতিগত পৰিচালনা নিশ্চিত কৰাৰ লগতে ১৭,৬৬,২২৫ টকাৰ ৰাজহো অৰ্জন কৰিছে।
মুকলি হোৱা স্থান এতিয়া উন্নত স্থান আবণ্টন আৰু সংৰক্ষণ ব্যৱস্থাকে ধৰি বহুমুখী চৰকাৰী ব্যৱহাৰৰ বাবে উপলব্ধ হৈছে । এই পদক্ষেপে বিশৃংখলতা হ্ৰাস কৰাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি উন্নত কৰাৰ উপৰি কৰ্মস্থলৰ সংগঠন বৃদ্ধি কৰি বিভাগীয় আন্তঃগাঁথনিৰ অধিক দক্ষ ব্যৱহাৰ সক্ষম কৰিছে। এই অনুশীলনে পৰিৱেশগতভাৱে দায়িত্বশীল ই-বৰ্জ্য ব্যৱস্থাপনাকো প্ৰসাৰিত কৰাৰ লগতে অধিক পৰিষ্কাৰ, নিৰাপদ আৰু কাৰ্যক্ষম কৰ্ম পৰিৱেশত অৰিহণা যোগায়।
কলকাতা, ওড়িশা আৰু গুজৰাটত সৃজনশীলতা আৰু বহনক্ষমতা প্ৰদৰ্শন কৰি আয়োজিত ‘বৰ্জ্যৰ পৰা কলা’ পদক্ষেপ আৰু প্ৰদৰ্শনী –
- গজ-গৰুড় প্ৰতীকী গাঁথনি: প্ৰধান মুখ্য আয়কৰ আয়ুক্ত, ভুৱনেশ্বৰ, ওড়িশাৰ কাৰ্যালয়ে ‘বৰ্জ্যৰ পৰা কলা’ প্ৰদৰ্শনী আয়োজন কৰে। গৰুড়ে হাতীক শুঁৰেৰে ধৰি থকা পৌৰাণিক দৃশ্য চিত্ৰিত কৰা গজ-গৰুড় নামৰ এটা প্ৰতীকী গাঁথনি ওড়িশাৰ প্ৰধান মুখ্য আয়কৰ আয়ুক্তৰ সৌজন্যত স্থাপন কৰা হয়।ভগা ষ্টীলৰ গ্ৰিল, পৰিত্যক্ত প্লাষ্টিক ৰঙৰ পাত্ৰ, একক ব্যৱহাৰৰ প্লাষ্টিক পানীৰ বটল আৰু ভগা প্লাষ্টিক পানী কুলাৰৰ টুকুৰাকে ধৰি কাৰ্যালয়ৰ আৱৰ্জনা ব্যৱহাৰ কৰি এই গাঁথনি শূন্য ব্যয়ত নিৰ্মাণ কৰা হয়। এই পদক্ষেপে বিশেষ অভিযান-৬-ৰ অধীনত "বৰ্জ্যৰ পৰা কলা" অভিযানৰ সৈতে সুন্দৰভাৱে সংগতি ৰখাৰ লগতে শক্তি, সতৰ্কতা আৰু পৰিৱেশ তত্ত্বাৱধানৰ প্ৰাতিষ্ঠানিক মূল্যবোধক দৃশ্যমানভাৱে প্ৰক্ষেপ কৰে।
- পশ্চিমবংগ আৰু ছিকিমৰ প্ৰধান মুখ্য আয়কৰ আয়ুক্তৰ কাৰ্যালয়ে ০১.১০.২০২৬-ৰ পৰা ০৬.১০.২০২৬-লৈ কলকাতাৰ আয়কৰ ভৱনৰ সম্প্ৰসাৰিত ছাদত ‘বৰ্জ্যৰ পৰা কলা’ প্ৰদৰ্শনী আয়োজন কৰি পৰিত্যক্ত ঘৰুৱা/কাৰ্যালয় সামগ্ৰীৰে নিৰ্মিত উদ্ভাৱনীমূলক শিল্পকৰ্ম প্ৰদৰ্শন কৰে। ব্যৱহৃত প্লাষ্টিক বটল, কেন, পাত্ৰ আৰু অন্যান্য আৱৰ্জনা জাতীয় সামগ্ৰীক মানৱ মূৰ্তি, জন্তুৰ প্ৰতিকৃতি, গছৰ টাব আৰু সজ্জাগত শিল্পকৰ্মৰ আকৰ্ষণীয় চিত্ৰণলৈ ৰূপান্তৰিত কৰাৰ লগতে এখন ফটোগ্ৰাফ গেলাৰীৰো ব্যৱস্থা কৰা হয়।
- বৰ্জ্য সামগ্ৰীৰ উৎপাদনশীল ব্যৱহাৰ আৰু পুনঃব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে আহমেদাবাদৰ ভেজালপুৰৰ আয়কৰ ভৱনত মূল্যৱান পুনঃব্যৱহাৰযোগ্য সামগ্ৰী তৈয়াৰ কৰাৰ উদ্দেশ্যে “বৰ্জ্যৰ পৰা সম্পদ” বিষয়ত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।
ওপৰৰ পদক্ষেপসমূহে শিল্পীসুলভ সৃজনশীলতাক পৰিৱেশ সচেতনতাৰ সৈতে সুন্দৰভাৱে ৰজিতা খুৱাই বৰ্জ্যৰ পৰা কলা তথা বৰ্জ্যৰ পৰা সম্পদৰ বাৰ্তাৰ লগতে বহনক্ষম জীৱনৰ বাৰ্তাক প্ৰসাৰিত কৰিছে।
দিল্লীত ‘ক্ৰীড়া নিযুক্তি প'ৰ্টেল’ সৃষ্টি
দিল্লীৰ প্ৰধান মুখ্য আয়কৰ আয়ুক্তৰ কাৰ্যালয়ে বিশেষ অভিযান ৬-ৰ অধীনত ডিজিটাইজেচন পদক্ষেপৰ অংশ হিচাপে প্ৰাৰ্থীসকলে অনলাইনত আবেদন জমা দিব পৰাকৈ ক্ৰীড়া কোটা নিযুক্তি - ২০২৬-ৰ বাবে এটা অনলাইন নিযুক্তি প'ৰ্টেল বিকশিত কৰিছে। এই প'ৰ্টেল এটা উদ্ভাৱনীমূলক পদ্ধতি, যাৰ লক্ষ্য হৈছে কাগজপত্ৰ, বাস্তৱিক নথিপত্ৰ আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি স্বচ্ছ, দক্ষ আৰু সুশৃংখলিত নিযুক্তি প্ৰক্ৰিয়া নিশ্চিত কৰা। ইয়াৰ ফলত আবেদনৰ অভিলেখত সহজ প্ৰৱেশ, দ্ৰুত পৰীক্ষণ আৰু নিযুক্তি প্ৰক্ৰিয়াৰ উন্নত নিৰীক্ষণো সম্ভৱ হয় তথা ই ডিজিটেল ইণ্ডিয়া আৰু ই-শাসনৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ।
পশ্চিমবংগ আৰু ছিকিম, মুম্বাই, উত্তৰ প্ৰদেশ (পূব) আৰু গুজৰাট অঞ্চলত আয়কৰ বিভাগৰ নাগৰিককেন্দ্ৰিক পদক্ষেপ
এই অভিযানৰ অধীনত পশ্চিমবংগ আৰু ছিকিম, মুম্বাই, উত্তৰ প্ৰদেশ (পূব) আৰু গুজৰাটৰ আয়কৰ কাৰ্যালয়সমূহে সংশ্লিষ্ট আয়কৰ কাৰ্যালয়ৰ উপৰি কলকাতাৰ প্ৰখ্যাত পৰ্যটন স্থান ছেইণ্ট জ’নছ চাৰ্চ, কালিম্পঙৰ কামুদিনী হোমছ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দাৰ্জিলিঙৰ মিউনিচিপাল গাৰ্লছ হাই স্কুল, মেহছানাৰ তীৰ্থস্থান, আহমদাবাদৰ বস্ত্ৰাপুৰ ৰেলৱে ষ্টেচন আদি বিভিন্ন ৰাজহুৱা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলায়। এই পদক্ষেপসমূহে বিভাগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বহনক্ষমতাৰ প্ৰতি প্ৰতিশ্ৰুতি শক্তিশালী কৰিছে।
দিল্লীত স্থান অনুকূলনৰ জৰিয়তে ‘লঘু পুস্তকালয়’ স্থাপন
দিল্লীৰ আয়কৰ সঞ্চালক প্ৰধান (অনুসন্ধান)ৰ কাৰ্যালয়ে কম ব্যৱহৃত মজিয়াৰ স্থানক ‘লঘু পুস্তকালয়’লৈ ৰূপান্তৰ কৰিছে। এয়া হৈছে পঢ়াৰ লাউঞ্জ, কিতাপৰ আলমাৰি, উপযুক্ত পোহৰ, বহাৰ ব্যৱস্থা আৰু ঘৰৰ ভিতৰৰ গছ থকা এটা ক্ষুদ্ৰ পুথিভঁৰাল। এই পদক্ষেপে স্থানৰ অনুকূল ব্যৱহাৰক প্ৰসাৰিত কৰাৰ লগতে অধ্যয়ন আৰু কৰ্মচাৰীৰ কল্যাণৰ বাবে অনুকূল পৰিৱেশ প্ৰদান কৰে।
চি বি ডি টি -এ পুৰণি অভিলেখৰ নিয়মীয়া পৰ্যালোচনা আৰু নিষ্পত্তি, ডিজিটেল অভিলেখ ব্যৱস্থাপনা তথা বৈজ্ঞানিক কাৰ্যালয় বৰ্জ্য ব্যৱস্থাপনাৰ জৰিয়তে স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়াৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰিছে। ই বহনক্ষমতা আৰু জীৱনৰ সুচলতাৰ পদক্ষেপৰ প্ৰতিও সমৰ্পিত হৈ আছে।
****
KT/KMN/DD