পোষ্ট কৰা হৈছে:
13 NOV 2026 8:32PM by PIB Guwahati
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে (MSME) ইয়াৰ অধীনস্থ সংস্থাসমূহৰ সৈতে মিলি বিশেষ অভিযান ৬.০ (২–৩১ অক্টোবৰ, ২০২৬)ৰ সময়ছোৱাত একাধিক পদক্ষেপ গ্ৰহণ কৰে। এই পদক্ষেপসমূহৰ মূল লক্ষ্য আছিল মন্ত্ৰালয়ৰ কাৰ্যালয় আৰু ক্ষেত্ৰীয় প্ৰতিষ্ঠানসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, অমীমাংসিত বিষয়সমূহৰ সংখ্যা হ্ৰাস কৰা, নথি-পত্ৰৰ ব্যৱস্থাপনা উন্নত কৰা আৰু পৰিৱেশৰ বহনক্ষমতা নিশ্চিত কৰা।
এই অভিযানৰ অধীনত ১৪২টা স্থান সামৰি লোৱা হয়। ইয়াৰ ফলত ১,৫০০ বৰ্গফুট ঠাই পুনৰুদ্ধাৰ কৰাৰ লগতে ই-আৱৰ্জনাকে ধৰি পেলনীয়া সামগ্ৰী আৰু অব্যৱহৃত পুৰণি সামগ্ৰী নিষ্কাশনৰ জৰিয়তে ২,৪৭,১৫৬ টকা ৰাজহ সংগ্ৰহ কৰা হয়। কাৰ্যালয়ৰ চৌহদৰ বাহিৰতো এই অভিযানে ৰাজহুৱা স্থানসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, সম্প্ৰদায়ৰ লোকসকলৰ অংশগ্ৰহণ আৰু ই-আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ উদ্ভাৱনীমূলক পদ্ধতিক উৎসাহিত কৰে।
ইয়াৰ উপৰি, অমীমাংসিত বিষয়সমূহৰ সংখ্যা হ্ৰাস আৰু নথি-পত্ৰৰ ব্যৱস্থাপনা উন্নত কৰাৰ ক্ষেত্ৰতো এই অভিযানৰ অধীনত উল্লেখযোগ্য অগ্ৰগতি পৰিলক্ষিত হয়। ইয়াৰ উল্লেখযোগ্য ফলাফলসমূহ তলত উল্লেখ কৰা হ’লঃ
অভিযানৰ সাফল্যৰ খতিয়ান
মন্ত্ৰালয়ে ১৪২টা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলায়। ইয়াৰ ফলত ১,৫০০ বৰ্গফুট কাৰ্যালয়ৰ ঠাই পুনৰুদ্ধাৰ কৰাৰ লগতে ই-আৱৰ্জনাকে ধৰি পেলনীয়া আৰু অব্যৱহৃত পুৰণি সামগ্ৰী নিষ্কাশনৰ জৰিয়তে ২,৪৭,১৫৬ টকাৰ ৰাজহ সংগ্ৰহ কৰা হয়। অমীমাংসিত বিষয়সমূহৰ সংখ্যা হ্ৰাস আৰু নথি-পত্ৰৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো উল্লেখযোগ্য সাফল্য অৰ্জন কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য সাফল্যসমূহ হ’লঃ
. প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (PMO) পৰা লাভ কৰা ১১টা উল্লেখ, সাংসদসকলৰ পৰা লাভ কৰা ২৯টা উল্লেখ আৰু ২টা সংসদীয় আশ্বাসৰ নিষ্পত্তি কৰা হয়।
. ১,৯৭৩টা ৰাজহুৱা অভিযোগ আৰু ৮৪টা অভিযোগ-আপিল নিষ্পত্তি কৰা হয়।
. ২,৯২৪খন ভৌতিক ফাইল পৰ্যালোচনা কৰা হয়, ইয়াৰে ২৩৩খন ফাইল অপ্ৰয়োজনীয় বুলি বিবেচনা কৰি আঁতৰোৱা হয়।
. ৩৫৫খন ই-ফাইল পৰ্যালোচনা কৰা হয়, ইয়াৰে ৮৭খন ই-ফাইল বন্ধ কৰা হয়।
স্বচ্ছতাৰ শপতগ্ৰহণ আৰু জনসাধাৰণৰ অংশগ্ৰহণ
মন্ত্ৰালয় আৰু ইয়াৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ প্ৰায় ২৫০গৰাকী বিষয়াক স্বচ্ছতাৰ শপতবাক্য পাঠ কৰোৱাৰ জৰিয়তে এই অভিযানৰ শুভাৰম্ভ কৰা হয়। ২০২৬ চনৰ স্বচ্ছতা হি সেৱা অভিযানৰ (১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ) ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হয়।
ইয়াৰ উপৰি, মন্ত্ৰালয়ৰ ৱেবছাইটৰ জৰিয়তে অনলাইনযোগে স্বচ্ছতাৰ শপত গ্ৰহণ কৰিবলৈও নাগৰিকসকলক উৎসাহিত কৰা হয়।
অনলাইন শপতগ্ৰহণৰ লিংক: https://dashboard.msme.gov.in/events/pledge.aspx
চুবুৰীয়া অঞ্চলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা: কাৰ্যালয়ৰ চৌহদৰ বাহিৰতো স্বচ্ছতা অভিযানৰ সম্প্ৰসাৰণ
পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান ৰাজহুৱা স্থানসমূহলৈও সম্প্ৰসাৰিত কৰি NSIC-ৰ মুখ্য কাৰ্যালয়ৰ দলে চাফাই কৰ্মীসকলৰ (Safai Mitras) সৈতে মিলি ওচৰ-পাজৰৰ মেট্ৰ’ ষ্টেচন, উদ্যান আদি বিভিন্ন ৰাজহুৱা স্থানত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। দোকানী, শিক্ষাৰ্থী আৰু স্থানীয় বাসিন্দাসকলক আৱৰ্জনাৰ পৃথকীকৰণ আৰু ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বিষয়ে সজাগ কৰা হয়।
বেংগালুৰুৰ ৰাজাজীনগৰ ঔদ্যোগিক এলেকাত NSIC-ৰ শাখা কাৰ্যালয় আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে মিলি আৱৰ্জনা পৰিষ্কাৰ কৰে, ৰাজহুৱা পদপথসমূহ চাফা কৰে আৰু জৈৱ-বিঘটনশীল তথা অজৈৱ-বিঘটনশীল আৱৰ্জনাসমূহ পৃথকীকৰণ কৰে। ইয়াৰ উপৰি, ওচৰ-পাজৰৰ উদ্যোগপতিসকলক বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনাৰ বিষয়ে সজাগ কৰা হয়।
পূৰ্বৰ অৱস্থা: বেংগালুৰুৰ ৰাজাজীনগৰত আৱৰ্জনাৰ দ'ম।
পিছৰ অৱস্থা: একেটা স্থান সম্পূৰ্ণৰূপে আৱৰ্জনামুক্ত ।
একেদৰে, MGIRI-য়ে ২০২৬ চনৰ ১৩ অক্টোবৰত মহাৰাষ্ট্ৰৰ ৱাৰ্ধা জিলাৰ য়েলাকেলি গাঁৱৰ নদীৰ ঘাটত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ আয়োজন কৰে।
পূৰ্বৰ অৱস্থা: মহাৰাষ্ট্ৰৰ ৱাৰ্ধাৰ লেতেৰা নদীৰ ঘাট।
পিছৰ অৱস্থা: একেটা নদীৰ ঘাট পৰিষ্কাৰ-পৰিচ্ছন্ন ।
ই-আৱৰ্জনাৰ পৰা কাৰ্যক্ষম যঁতৰ নিৰ্মাণ
ৱাৰ্ধাৰ MGIRI-য়ে পেলনীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰ পুনৰ ব্যৱহাৰৰ সম্ভাৱনা প্ৰদৰ্শন কৰি প্ৰায় সম্পূৰ্ণৰূপে পেলনীয়া ইলেক্ট্ৰনিক উপাদানসমূহৰ পৰা এটা কাৰ্যক্ষম যঁতৰ নিৰ্মাণ কৰে। পুৰণি মাদাৰবৰ্ড, পিচিবি (PCB) ষ্ট্ৰিপ, পুৰণি DVD ড্ৰাইভৰ পৰা সংগ্ৰহ কৰা পুলি, বিয়েৰিং আৰু অন্যান্য পেলনীয়া উপাদানসমূহ পুনৰ ব্যৱহাৰ কৰি এই কাৰ্যক্ষম আৰ্হিটো প্ৰস্তুত কৰা হয়।
এই পদক্ষেপে হ্ৰাস কৰা (Reduce), পুনৰ ব্যৱহাৰ কৰা (Reuse) আৰু পুনঃচক্ৰীয়কৰণ (Recycle)—এই তিনিটা নীতিৰ বাস্তৱ ৰূপ দাঙি ধৰে। লগতে, ই-আৱৰ্জনাক উপযোগী সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক চিন্তাধাৰাৰো নিদৰ্শন দাঙি ধৰে।
অধিক সেউজীয়া আৰু আদৰণীয় কৰ্মক্ষেত্ৰ গঢ়ি তোলা
মন্ত্ৰালয়ে কাৰ্যালয়ৰ কৰ্মক্ষেত্ৰসমূহত ডেস্ক আৰু কৰ্মস্থানৰ মাজৰ বিভাজকসমূহৰ কাষে কাষে টাবত ৰোৱা গছ-গছনি স্থাপন কৰি সেউজীয়া পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ ফলত কৰ্মক্ষেত্ৰসমূহ অধিক সতেজ, সুন্দৰ আৰু আদৰণীয় হৈ পৰে।
এম এছ এম ই মন্ত্ৰালয়ৰ কাৰ্যালয়ত কৰ্মস্থানসমূহৰ কাষে কাষে টাবত ৰোৱা গছ-গছনি।
নৈনীৰ NSIC-ৰ শাখা কাৰ্যালয়ে নিজৰ বাগিচাৰ ঘাঁহনিখন সৃষ্টিশীলভাৱে “N S I C” আখৰৰ আকৃতি দি এখন স্বচ্ছতা ছেলফি পইণ্ট গঢ়ি তোলে। এই পদক্ষেপটো কোনো ধৰণৰ খৰচ নকৰাকৈ কাৰ্যালয়ৰ ভিতৰতে ৰূপায়ণ কৰা হয় আৰু ইয়াত প্লাষ্টিক বা ফ্লেক্স সামগ্ৰী ব্যৱহাৰ কৰা হোৱা নাছিল। ই আন কাৰ্যালয়সমূহৰ বাবেও এটা সহজ, বহনক্ষম আৰু অনুকৰণযোগ্য আৰ্হি হিচাপে পৰিগণিত হৈছে।
ইয়াৰ উপৰি,এন এছ আই চি-ৰ মুখ্য কাৰ্যালয়ে অভ্যৰ্থনা কক্ষসমূহত সেউজীয়াৰ সংযোজন ঘটাই সেই স্থানসমূহ অধিক সুন্দৰ কৰি তোলে। ইয়াৰ জৰিয়তে পৰিষ্কাৰ, সেউজীয়া আৰু আদৰণীয় কৰ্মপৰিৱেশ গঢ়ি তোলাৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰা হয়।
স্বচ্ছতাৰ বাৰ্তা গাঁও, বিদ্যালয় আৰু সমাজৰ মাজলৈ সম্প্ৰসাৰণ
নাগৰিকসকলৰ অংশগ্ৰহণ এই অভিযানৰ এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে পৰিগণিত হয়। ৬ অক্টোবৰত MGIRI-য়ে দেৱলাপাৰৰ গো-বিজ্ঞান অনুসন্ধান কেন্দ্ৰত কৰ্মচাৰী আৰু গাঁওবাসীৰ অংশগ্ৰহণেৰে স্বচ্ছতা আৰু অনাময় সম্পৰ্কীয় সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে।
একেদৰে, কে ভি আই চি -য়ে সজাগতা কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থী আৰু স্থানীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে সংযোগ স্থাপন কৰে। ৫ অক্টোবৰত উত্তৰ প্ৰদেশৰ সীতাপুৰস্থিত নন্দকিশোৰ কৈলাস চন্দ্ৰ মহাবিদ্যালয়ত ১০০ৰো অধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে এখন আলোচনা-চক্ৰ, তৰ্ক প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰে। ইয়াৰ লগতে যঁতৰ আৰু মৃৎশিল্প নিৰ্মাণত ব্যৱহৃত চক্ৰৰ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয়।
ইয়াৰ উপৰি, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত, উটিত অনুষ্ঠিত PMEGP সজাগতা শিবিৰত আৰু তামিলনাডুৰ ৰামনাথপুৰমস্থিত মহম্মদ ছাথাক মহাবিদ্যালয়ত স্বচ্ছতাৰ শপতবাক্য পাঠ কৰোৱা হয়।
বিদ্যালয়ৰ প্ৰাতঃসভাত স্বচ্ছতাৰ শপতগ্ৰহণ।
সজাগতা সৃষ্টি আৰু দক্ষতা বিকাশ
অভিযানটোৰ বিষয়ে বিষয়া আৰু দৰ্শনাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে কাৰ্যালয়সমূহৰ বিভিন্ন স্থানত ষ্টেণ্ডী আৰু বেনাৰ প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ উপৰি, মন্ত্ৰালয়ৰ বিষয়াসকলক i-GOT কৰ্মযোগী মঞ্চৰ জৰিয়তে ই-আৱৰ্জনা ব্যৱস্থাপনা আৰু নথি-পত্ৰ ব্যৱস্থাপনাৰ সৈতে জড়িত নিৰ্বাচিত পাঠ্যক্ৰমসমূহ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছিল।
গতি অব্যাহত ৰখা
বিশেষ অভিযান ৬.০-এ পৰিচ্ছন্নতা, বহনক্ষমতা আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতা বৃদ্ধিৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণৰ গুৰুত্ব পুনৰ প্ৰতিপন্ন কৰিছে। এমএছএমই মন্ত্ৰালয়ে নিয়মীয়া পৰিচ্ছন্নতা অভিযান, দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা বিষয়সমূহৰ দ্ৰুত নিষ্পত্তি, নথি-পত্ৰৰ ফলপ্ৰসূ ব্যৱস্থাপনা আৰু ই-আৱৰ্জনাৰ বৈজ্ঞানিক পদ্ধতিৰে নিষ্পত্তিৰ জৰিয়তে এই পদক্ষেপসমূহক প্ৰাতিষ্ঠানিক ৰূপ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। এই ধাৰাবাহিক প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে এমএছএমই পৰিৱেশতন্ত্ৰৰ অধীনস্থ কৰ্মক্ষেত্ৰসমূহক অধিক পৰিষ্কাৰ-পৰিচ্ছন্ন, সেউজীয়া আৰু দক্ষ কৰি তোলা।
Sunil Kumar Tiwari/SD