ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

ভগৱান বিৰছা মুণ্ডালৈ পুষ্পাঞ্জলি অৰ্পণেৰে জাতীয় গৌৰৱ দিৱস পালন ৰে'ল মন্ত্ৰালয়ৰ

পোষ্ট কৰা হৈছে: 13 NOV 2026 4:30PM by PIB Guwahati

ৰে'ল মন্ত্ৰালয়ে আজি নতুন দিল্লীৰ ৰে'ল ভৱনত আনুষ্ঠানিক বন্তি প্ৰজ্বলন কৰাৰ লগতে মহান জনজাতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাষ্ট্ৰীয় নায়ক ভগৱান বিৰছা মুণ্ডালৈ পুষ্পাঞ্জলি অৰ্পণ কৰি জনজাতীয় গৌৰৱ দিৱস পালন কৰে।

অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ভগৱান বিৰছা মুণ্ডাক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অসাধাৰণ অৱদান আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তেওঁৰ সাহসিকতাক স্মৰণ কৰে। তেওঁলোকে জনজাতীয় সম্প্ৰদায়ৰ অধিকাৰ, মৰ্যাদা আৰু কল্যাণ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত থকা তেওঁৰ অটল প্ৰতিশ্ৰুতিৰ কথাও স্মৰণ কৰে।

জনজাতি গৌৰৱ দিৱস পালনে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ অমূল্য অৱদানৰ কথা সোঁৱৰাই দিয়ে আৰু ভাৰতৰ চহকী জনজাতীয় ঐতিহ্যৰ প্ৰতি ৰাষ্ট্ৰীয় গৌৰৱ, একতা আৰু সন্মানৰ মনোভাবো শক্তিশালী কৰে।

ভগৱান বিৰছা মুণ্ডাৰ আদৰ্শ, সাহস আৰু স্থায়ী উত্তৰাধিকাৰৰ প্ৰতি সমূহীয়া শ্ৰদ্ধাঞ্জলিৰে কাৰ্যসূচীটোৰ সামৰণি পৰে।

অনুষ্ঠানত ৰে'লৱে বৰ্ডৰ সদস্য (টি আৰ এছ), বিত্ত সদস্য আৰু আন্তঃগাঁথনি সদস্য উপস্থিত আছিল। সঞ্চালক প্ৰধান (ডি জি), সচিব, ৰে'ল ব'ৰ্ড আৰু অন্যান্য জ্যেষ্ঠ বিষয়া তথা ৰে'ল মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলো এই অনুষ্ঠানত উপস্থিত আছিল।

 

Dharmendra Tewari/Dr Nayan Solanki/Manik Sharma/ BC


(ৰিলিজ আই ডি : 2336089) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil