স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

যক্ষ্মাজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জে পি নড্ডাৰ আলোকপাত; পুনৰ দোহাৰিলে যক্ষ্মামুক্ত ভাৰতৰ সংকল্প

সমগ্ৰ অঞ্চলতে যক্ষ্মাত মৃত্যু হ্ৰাস কৰাত ভাৰতৰ উল্লেখযোগ্য অৱদানক স্বীকৃতি দক্ষিণ-পূব এছিয়া অঞ্চলৰ ডব্লিউ এইচ অ’ৰ

২০১৫ চনৰ পৰা যক্ষ্মাজনিত মৃত্যুৰ ক্ষেত্ৰত সৰ্বাধিক হ্ৰাসৰ গোলকীয় হাৰ ৩৫% ৰ বিপৰীতে ভাৰতত ৩৮% হ্ৰাস,: ডব্লিউ এইচ অ’ গোলকীয় যক্ষ্মা প্ৰতিবেদন ২০২৬

ভাৰতৰ ৯৪% যক্ষ্মা চিকিৎসা সফলতাৰ হাৰৰ জৰিয়তে শক্তিশালী ৰোগ নিৰ্ণয়, সময়মতে চিকিৎসা আৰু ৰোগীৰ সৰ্বাংগীণ যত্ন প্ৰতিফলিত

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যক্ষ্মাৰ বিৰুদ্ধে ভাৰতৰ যক্ষ্মা বিৰোধী যুঁজ, জনসাধাৰণৰ অংশগ্ৰহণ আৰু ৰোগীকেন্দ্ৰিক যত্নৰ দ্বাৰা পৰিচালিত দেশজোৰা জন আন্দোলনত পৰিণত হৈছে: শ্ৰী জে. পি. নাড্ডা

যক্ষ্মামুক্ত ভাৰত অভিযানে সামৰি লৈছে ২৫ কোটিৰো অধিক লোক; ১১ কোটিৰো অধিক বুকুৰ এক্স-ৰে’, আৰু ৩ কোটি আণৱিক পৰীক্ষা সম্পন্ন

তীব্ৰতৰ পৰ্যবেক্ষণৰ জৰিয়তে সম্ভৱ হৈ উঠিছে প্ৰায় ১৫ লাখ উপসৰ্গবিহীন যক্ষ্মা ৰোগী চিনাক্তকৰণ, আগতীয়া ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসা

পোষ্ট কৰা হৈছে: 13 NOV 2026 2:04PM by PIB Guwahati

বিশ্ব স্বাস্থ্য সংস্থাৰ (ডব্লিউ এইচ অ’) গোলকীয় যক্ষ্মা প্ৰতিবেদন ২০২৬ প্ৰকাশৰ পাছত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই যক্ষ্মা (টি বি) ৰ বিৰুদ্ধে যুঁজত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে। এই প্ৰতিবেদনত ২০১৫ চনৰ পৰা যক্ষ্মাত মৃত্যুৰ হাৰ গোলকীয়ভাৱে ৩৫%তকৈ অধিক হ্ৰাস হোৱাৰ বিপৰীতে ভাৰতত ৩৮% হ্ৰাস পোৱা বুলি উল্লেখ কৰা হৈছে। লগতে ঔষধেৰে আৰোগ্য কৰিব পৰা যক্ষ্মা ৰোগীৰ ক্ষেত্ৰত ৯৪% চিকিৎসা সফলতাৰ হাৰ লাভ কৰা বুলি প্ৰকাশ কৰা হৈছে।

এই ফলাফলক উৎসাহজনক বুলি অভিহিত কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে চৰকাৰৰ  কোনো যক্ষ্মা ৰোগীকে অৱহেলিত হ’বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁ লগতে যক্ষ্মামুক্ত ভাৰতৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে প্ৰযুক্তি, জনসাধাৰণৰ অংশগ্ৰহণ আৰু  ৰোগীৰ সৰ্বাংগীণ যত্নৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

 

ভাৰতৰ সাফল্যৰ এটা উল্লেখযোগ্য স্বীকৃতি স্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া আঞ্চলিক কাৰ্যালয়ে (ডব্লিউ এইচ অ’- এচ ই এ আৰ অ’) অঞ্চলজুৰি যক্ষ্মাজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাত দেশৰ অৱদানকো স্বীকৃতি দিছে। ছ’চিয়েল মিডিয়াৰ এটা প’ষ্টত ডব্লিউ এইচ অ’- এচ ই এ আৰ অ’ই কয়, “বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া অঞ্চলত যক্ষ্মাত মৃত্যু হ্ৰাস কৰাৰ অগ্ৰগতিত ভাৰতে উল্লেখযোগ্য অৱদান আগবঢ়াইছে।” সংস্থাটোৱে ডব্লিউ এইচ অ’ গোলকীয় যক্ষ্মা প্ৰতিবেদন ২০২৬ত উল্লেখ কৰা ভাৰতৰ সাফল্য সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ঘোষণাও প্ৰকাশ কৰে।

শ্ৰী নাড্ডাই নিজৰ বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যক্ষ্মাৰ বিৰুদ্ধে ভাৰতৰ যুঁজ প্ৰযুক্তি, জনসাধাৰণৰ অংশগ্ৰহণ আৰু ৰোগীকেন্দ্ৰিক যত্নৰ দ্বাৰা পৰিচালিত দেশজোৰা জন আন্দোলনলৈ ৰূপান্তৰিত হোৱা বুলি প্ৰকাশ কৰে । তেওঁ লগতে উল্লেখ কৰে যে আগতীয়া চিনাক্তকৰণ, উন্নত ৰোগ নিৰ্ণয়, পুষ্টি সাহায্য আৰু জনসাধাৰণক সংগঠিত কৰাৰ ক্ষেত্ৰত কৰা নিৰন্তৰ বিনিয়োগে দেশৰ যক্ষ্মা নিৰ্মূল প্ৰচেষ্টাক শক্তিশালী কৰিছে।

যক্ষ্মামুক্ত ভাৰত অভিযানৰ পৰিসৰৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে কয় যে তীব্ৰতৰ যক্ষ্মা আগতীয়া চিনাক্তকৰণ ব্যৱস্থাৰ অধীনত ২৫ কোটিৰো অধিক লোকক সামৰি লোৱাৰ লগতে ১১ কোটিৰো অধিক বুকুৰ এক্স-ৰে’ আৰু ৩ কোটি সূক্ষ্ম পৰীক্ষা সম্পন্ন কৰা হৈছে। এই প্ৰচেষ্টাৰ ফলত প্ৰায় ১৫ লাখ উপসৰ্গবিহীন ৰোগীকে ধৰি ৪৮.৬৪ লাখ যক্ষ্মা ৰোগী চিনাক্ত হৈছে ।ইয়াৰ দ্বাৰা আগতীয়া ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসা আৰম্ভ কৰাটো সম্ভৱ হৈছে।

শ্ৰী নাড্ডাই লগতে এআই-সক্ষম ৰোগ নিৰ্ণয়, নিক্ষয় পোষণ যোজনাৰ অধীনত পুষ্টি সাহায্য আৰু নিক্ষয় মিত্ৰসকলৰ নিষ্ঠাৱান প্ৰচেষ্টাই যক্ষ্মা যত্ন শক্তিশালী কৰা আৰু ৰোগীৰ সহায় উন্নত কৰাত আগবঢ়োৱা ভূমিকাৰ ওপৰত আলোকপাত কৰে।

চৰকাৰৰ সংকল্প দোহাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে কয় যে এই সাফল্যসমূহে কোনো যক্ষ্মা ৰোগীকে অৱহেলিত হ’বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰিছে। নিৰন্তৰ জন ভাগিদাৰী আৰু সামূহিক প্ৰচেষ্টা যক্ষ্মামুক্ত ভাৰতৰ দিশত ভাৰতৰ যাত্ৰাৰ কেন্দ্ৰবিন্দু হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে ।

ডব্লিউ এইচ অ’ গোলকীয় যক্ষ্মা প্ৰতিবেদন ২০২৬ত ভাৰতত যক্ষ্মাত আনুমানিক মৃত্যুৰ সৰ্বাধিক হ্ৰাসৰ তথ্য প্ৰকাশিত হৈছে। মৃত্যুৰ হাৰ ২০১৫ চনত প্ৰতি লাখ জনসংখ্যাত ২৮ গৰাকীৰ পৰা ২০২৫ চনত ১৮ গৰাকীলৈ হ্ৰাস হৈছে। ঔষধেৰে ভাল হ’ব পৰা যক্ষ্মা ৰোগীৰ ক্ষেত্ৰত ৯৪% চিকিৎসা সফলতাৰ হাৰে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী (এন টি ই পি) ৰ অধীনত ৰোগ নিৰ্ণয়, চিকিৎসা প্ৰদান, ৰোগীৰ অনুসৰণ আৰু সৰ্বাংগীণ সহায়ৰ উন্নতি প্ৰতিফলিত কৰিছে।

 

সক্ৰিয় ৰোগী চিনাক্তকৰণ, প্ৰযুক্তি-সক্ষম পৰ্যবেক্ষণ ব্যৱস্থা আৰু ৰোগীকেন্দ্ৰিক যত্নৰ দিশত নিৰন্তৰ পৰিৱৰ্তনৰ জৰিয়তে ভাৰতৰ অগ্ৰগতি হৈছে।২০২৪ চনৰ ডিচেম্বৰত তীব্ৰতৰ ১০০ দিনীয়া অভিযান হিচাপে আৰম্ভ কৰা যক্ষ্মামুক্ত ভাৰত অভিযান পাছলৈ দেশজুৰি সম্প্ৰসাৰিত হোৱাৰ লগতে ই দুৰ্বল আৰু উচ্চ বিপদাশংকাযুক্ত জনসংখ্যাৰ মাজত প্ৰসাৰ শক্তিশালী কৰিছে। ২০২৬ চনৰ মাৰ্চত আৰম্ভ কৰা আন এটা তীব্ৰতৰ অভিযানে আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসাত গুৰুত্ব অব্যাহত ৰাখিছে।

১৪.৯৭ লাখ উপসৰ্গবিহীন যক্ষ্মা ৰোগী চিনাক্তকৰণ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।  ইয়াৰ জৰিয়তে সক্ৰিয় পৰ্যবেক্ষণৰ কাৰ্যকৰিতা প্ৰতিফলিত হৈছে। এনে পৰ্যবেক্ষণৰ দ্বাৰা সাধাৰণ লক্ষণ নথকা লোকৰ মাজতো সংক্ৰমণ ধৰা পৰিছে। এনে আগতীয়া চিনাক্তকৰণে দ্ৰুত চিকিৎসাৰ সুযোগ দিয়াৰ ফলত ৰোগ বৃদ্ধি আৰু অধিক সংক্ৰমণৰ বিপদ হ্ৰাস পায়। 

এআই-সক্ষম বহনযোগ্য ডিজিটেল বুকুৰ এক্স-ৰে’, দ্ৰুত আণৱিক ৰোগ নিৰ্ণয় প্ৰযুক্তি আৰু নিক্ষয় ডিজিটেল মঞ্চকে ধৰি প্ৰযুক্তিগত উদ্ভাৱনে যক্ষ্মা পৰ্যবেক্ষণ, ৰোগ নিৰ্ণয় আৰু চিকিৎসা নিৰীক্ষণ শক্তিশালী কৰিছে। এই পদক্ষেপসমূহৰ লগত নিক্ষয় পোষণ যোজনাৰ অধীনত পুষ্টি সাহায্য আৰু নিক্ষয় মিত্ৰ পদক্ষেপৰ জৰিয়তে জনসাধাৰণৰ সহায় সংযুক্ত হোৱাৰ ফলত যক্ষ্মা চিকিৎসাধীন লোকসকলৰ বৃহত্তৰ প্ৰয়োজন পূৰণত ইতিবাচক প্ৰভাৱ পৰিছে।

জনসাধাৰণৰ অংশগ্ৰহণে ভাৰতৰ যক্ষ্মা প্ৰতিক্ৰিয়াৰ এটা নিৰ্ণায়ক বৈশিষ্ট্য হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৫ চনত ৬৭,৯৩৩ খন পঞ্চায়তক যক্ষ্মামুক্ত বুলি ঘোষণা কৰা হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় নিৰ্মূল প্ৰচেষ্টাত তৃণমূল পৰ্যায়ৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণ প্ৰতিফলিত হৈছে। জে অ’ এছ এইচ টিমছ পদক্ষেপে চৰকাৰী বিষয়া, এন চি চি কেডেট আৰু মাই ভাৰত স্বেচ্ছাসেৱকসকলক একত্ৰিত কৰি স্থানীয় পৰ্যায়ত সজাগতা সৃষ্টি, প্ৰসাৰ আৰু সংগঠনৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ আৰু অধিক সম্প্ৰসাৰিত কৰিছে।

কাৰ্যসূচীৰ পুঁজিৰ প্ৰয়োজনীয়তাৰ ৯৬% ঘৰুৱা সম্পদৰ দ্বাৰা পূৰণ হোৱাৰ জৰিয়তে যক্ষ্মা নিৰ্মূলৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে । তদুপৰি ইয়াৰ জৰিয়তে নিৰন্তৰ ৰাষ্ট্ৰীয় বিনিয়োগ আৰু দেশৰ যক্ষ্মা প্ৰতিক্ৰিয়াৰ প্ৰতি শক্তিশালী কৰ্তৃত্ব প্ৰতিফলিত হৈছে ।

ডব্লিউ এইচ অ’- এচ ই এ আৰ অ’-ৰ স্বীকৃতি আৰু ডব্লিউ এইচ অ’ গোলকীয় যক্ষ্মা প্ৰতিবেদন ২০২৬ৰ তথ্যই একেলগে যক্ষ্মাত মৃত্যু হ্ৰাস কৰা আৰু ৰোগটোৰ বিৰুদ্ধে আঞ্চলিক আৰু বিশ্বব্যাপী প্ৰচেষ্টা ত্বৰান্বিত কৰাত ভাৰতৰ অৱদানৰ ওপৰত আলোকপাত কৰিছে। এই অগ্ৰগতিয়ে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰিত প্ৰৱেশাধিকাৰ, বৈজ্ঞানিক উদ্ভাৱন, শক্তিশালী কাৰ্যসূচী ৰূপায়ণ আৰু  জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ সম্মিলিত প্ৰভাৱ প্ৰতিফলিত কৰিছে।

এই দিশসমূহৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰ যক্ষ্মা প্ৰতিৰোধ, আগতীয়া ৰোগ নিৰ্ণয়, যথা সময়ত আৰু ফলপ্ৰসূ চিকিৎসা, পুষ্টি সহায়  তথা জনসাধাৰণৰ অংশগ্ৰহণ আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল, স্বাস্থ্য খণ্ডৰ পেছাদাৰী, উন্নয়ন অংশীদাৰ আৰু নাগৰিকসকলৰ সামূহিক অংশগ্ৰহণৰ দ্বাৰা সমৰ্থিত হৈ ভাৰতে যক্ষ্মামুক্ত ভাৰতৰ লক্ষ্যৰ দিশত আগবাঢ়ি গৈ আছে।

 

যক্ষ্মা হাৰিব, দেশ জিকিব!

 

 

*****

SR/DD


(ৰিলিজ আই ডি : 2335871) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi