নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

অন্ধ্ৰ প্ৰদেশক ভাৰতৰ পূবৰ সামুদ্ৰিক প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বন্দৰ উন্নয়ন আৰু জাহাজ নিৰ্মাণৰ উদ্যোগ গঢ়ি তুলিবলৈ বিশ্বৰ আগশাৰীৰ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান তথা বিনিয়োগকাৰীসকলক আমন্ত্ৰণ

পোষ্ট কৰা হৈছে: 12 NOV 2026 4:47PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি বিশাখাপট্টনমত অনুষ্ঠিত ৩১সংখ্যক চিআইআই পাৰ্টনাৰশ্বিপ সন্মিলন, ২০২৬ত ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত  তেওঁ অন্ধ্ৰ প্ৰদেশক বিশ্বমানৰ প্ৰতিযোগিতামূলক সামুদ্ৰিক আৰু পৰিবহণ-যোগান ব্যৱস্থাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে ভাৰতৰ পূব তথা মধ্য অঞ্চলৰ আভ্যন্তৰীণ অঞ্চলসমূহৰ বাবে প্ৰধান প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ এক সুস্পষ্ট পৰিকল্পনা দাঙি ধৰে।উদ্যোগপতি, বিনিয়োগকাৰী আৰু নীতিনিৰ্ধাৰকসকলক সম্বোধন কৰি শ্ৰী সোণোৱালে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰশংসা কৰে।তেওঁ উল্লেখ কৰে যে নব্বৈৰ দশকতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিজিটেল অৰ্থনীতিৰ সম্ভাৱনা উপলব্ধি কৰি হায়দৰাবাদক প্ৰযুক্তিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

 

একেদৰে একবিংশ শতিকাৰ সামুদ্ৰিক খণ্ডতো অন্ধ্ৰ প্ৰদেশৰ বাবে এক ঐতিহাসিক সুযোগ আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে।অন্ধ্ৰ প্ৰদেশৰ কৌশলগত সুবিধাসমূহৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বংগোপসাগৰৰ কাষত ৰাজ্যখনৰ প্ৰায় ১,০৫৩ কিলোমিটাৰ দীঘল উপকূলীয় অঞ্চল আছে।লগতে, ভাৰতক পূব আৰু দক্ষিণ-পূব এছিয়াৰ লগতে বৃহত্তৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে সংযোগ কৰা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক যাতায়াত পথসমূহৰ ওচৰত অৱস্থিত হোৱাটো ৰাজ্যখনৰ এক বিশেষ সুবিধা।তেওঁ বিশাখাপট্টনম বন্দৰৰ সফলতাৰ কথাও উল্লেখ কৰে।২০২৫-২৬ বিত্তীয় বৰ্ষত বিশাখাপট্টনম বন্দৰে অভিলেখসংখ্যক ৯১.১৭ নিযুত মেট্ৰিক টন সামগ্ৰী পৰিবহণ কৰি প্ৰায় ১০ শতাংশ বৃদ্ধিৰ হাৰ লাভ কৰে।লগতে, একেৰাহে চতুৰ্থটো বছৰলৈ বন্দৰটোৱে নিৰন্তৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে।মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বিশাখাপট্টনম বন্দৰৰ সক্ষমতা অধিক বৃদ্ধি, ব্যৱসায়-বাণিজ্যৰ পৰিৱেশ সহজ কৰি তোলা আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা তেওঁ স্থাপন কৰিছে।মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সাগৰমালা, সামুদ্ৰিক ভাৰত দৃষ্টিভংগী ২০৩০ আৰু সামুদ্ৰিক অমৃত কাল দৃষ্টিভংগী ২০৪৭ৰ জৰিয়তে এক ব্যাপক সামুদ্ৰিক ৰূপান্তৰৰ দিশে আগবাঢ়িছে।এই পৰিকল্পনাসমূহৰ অধীনত প্ৰায় ৮০ লাখ কোটি টকাৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।তেওঁ লগতে কয় যে এই ৰাষ্ট্ৰীয় প্ৰচেষ্টাত অন্ধ্ৰ প্ৰদেশ এক গুৰুত্বপূৰ্ণ অংশীদাৰ।মুলাপেটা, মচিলিপট্টনম, ৰামায়াপট্টনম আৰু কাকিনাডা এছচিজে বন্দৰকে ধৰি চাৰিটা বৃহৎ নতুন বন্দৰ নিৰ্মাণৰ কাম চলি আছে।এই বন্দৰসমূহ কাৰ্যক্ষম হৈ উঠিলে ৰাজ্যখনৰ সামগ্ৰী পৰিবহণৰ ক্ষমতা আৰু ঔদ্যোগিক সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব।

 

 

মন্ত্ৰীগৰাকীৰ ভাষণৰ আন এক উল্লেখযোগ্য দিশ আছিল দুগৰাজপট্টনমত প্ৰস্তাৱিত নতুন জাহাজ নিৰ্মাণ উদ্যোগিক কেন্দ্ৰ।ৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ অভিযানৰ অধীনত প্ৰকল্পটোৱে নীতিগত অনুমোদন লাভ কৰিছে।

প্ৰায় ৩০,০০০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ’বলগীয়া এই উদ্যোগিক কেন্দ্ৰটোৰ বাৰ্ষিক জাহাজ নিৰ্মাণৰ মুঠ লক্ষ্য ক্ষমতা ১২ লাখ টন নিৰ্ধাৰণ কৰা হৈছে।

তেওঁ জানিবলৈ দিয়ে যে এই প্ৰকল্পৰ ৰূপায়ণৰ বাবে অন্ধ্ৰ প্ৰদেশ সামুদ্ৰিক ব'ৰ্ড আৰু বিশাখাপট্টনম বন্দৰ প্ৰাধিকৰণক লৈ এটা বিশেষ  সংস্থা গঠন কৰা হৈছে।

শ্ৰী সোণোৱালে বিশ্বৰ আগশাৰীৰ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান, প্ৰযুক্তি কোম্পানী, সঁজুলি নিৰ্মাতা, বন্দৰ পৰিচালনাকাৰী সংস্থা আৰু বিনিয়োগকাৰীসকলক এই প্ৰকল্পৰ সৈতে জড়িত হ'বলৈ আহ্বান জনায়।

 

মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ লক্ষ্যৰ কথা উল্লেখ কৰে।

• বিকশিত ভাৰত ২০৪৭ৰ সপ্তধাৰা পৰিকল্পনাৰ সৈতে সংগতি ৰাখি বন্দৰকেন্দ্ৰিক উন্নয়নৰ ক্ষেত্ৰত অন্ধ্ৰ প্ৰদেশক ভাৰতৰ আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা।

• অন্ধ্ৰ প্ৰদেশক বিশ্বমানৰ জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা।

•অন্ধ্ৰ প্ৰদেশক এছিয়া, পূব এছিয়া আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে সংযোগ স্থাপন কৰা ভাৰতৰ পূব দিশৰ সামুদ্ৰিক প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠা কৰা।

মন্ত্ৰীগৰাকীয়ে কয় যে এই লক্ষ্যসমূহ বাস্তৱায়িত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, অন্ধ্ৰ প্ৰদেশ চৰকাৰ আৰু দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলৰ মাজত ঘনিষ্ঠ অংশীদাৰিত্বৰ প্ৰয়োজন।

মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অন্ধ্ৰ প্ৰদেশে ভাৰতৰ সামুদ্ৰিক ভৱিষ্যৎ নিৰ্মাণত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।লগতে, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰাজ্যখনে যথেষ্ট অৰিহণা যোগাব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দৃঢ় বিশ্বাস প্ৰকাশ কৰে।

 

/DM


(ৰিলিজ আই ডি : 2335639) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Telugu_Vw