সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

দিল্লী হাটত চলি থকা 'শিল্প সমাগম মেলা ২০২৬'-ত মুঠ বিক্ৰীৰ পৰিমাণে ৭৩.৪৯ লাখ টকা অতিক্ৰম কৰিছে, যিয়ে কাৰিকৰসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰতি জনসাধাৰণৰ বৰ্ধিত আগ্ৰহক প্ৰতিফলিত কৰিছে

এই মেলাই ব্যাপক জনপ্ৰিয়তা লাভ কৰাৰ লগতে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপন কৰিছে

ইয়াত সাতটা বিশেষ থিমেটিক জ’নত ১৩০ টাতকৈও অধিক বিপণীত পৰম্পৰাগত হস্তশিল্প, হস্ততাঁত সামগ্ৰী আৰু থলুৱা সৃষ্টিসমূহ প্ৰদৰ্শন কৰা হৈছে

দৈনিক সাংস্কৃতিক কাৰ্যসূচী, পৰম্পৰাগত সংগীত আৰু লোকনৃত্যই ইয়াত এক সজীৱ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে

পোষ্ট কৰা হৈছে: 11 NOV 2026 8:01PM by PIB Guwahati

দেশৰ ৰাজধানীৰ দিল্লী হাট, আইএনএ-ত চলি থকা 'শিল্প সমাগম মেলা ২০২৬'-ত নাগৰিক, পৰিয়াল আৰু যুৱ দৰ্শনাৰ্থীৰ বিপুল অংশগ্ৰহণ দেখা গৈছে। এই মেলাই ভাৰতৰ পৰম্পৰাগত শিল্পকৰ্ম, সাংস্কৃতিক ঐতিহ্য আৰু কলাত্মক বৈচিত্ৰ্যৰ এক জীৱন্ত উদযাপনৰ সুযোগ দিছে।

দৰ্শনাৰ্থীসকলৰ বৰ্ধিত আগ্ৰহ মেলাৰ বিক্ৰীৰ পৰিসংখ্যাত স্পষ্ট হৈ পৰিছে। মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ চাৰিটা ৰাষ্ট্ৰীয় নিগমে ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰ, ২০২৬-ৰ ভিতৰত প্ৰায় ৭৩.৪৯ লাখ টকাৰ সামূহিক বিক্ৰী নথিভুক্ত কৰিছে। এই বিক্ৰীয়ে দৰ্শনাৰ্থীৰ উৎসাহজনক সঁহাৰি আৰু হিতাধিকাৰী সম্প্ৰদায়সমূহৰ উৎপাদিত সামগ্ৰীৰ বজাৰৰ বৰ্ধিত সুযোগক সূচাইছে।

এই চাৰিটা অংশগ্ৰহণকাৰী নিগম হৈছে-নেচনেল চিডিউল্ড কাষ্টছ ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পোৰেচন, নেচনেল বেকৱৰ্ড ক্লাছেছ ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পোৰেচন, নেচনেল চাফাই কৰ্মচাৰীজ ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পোৰেচন আৰু নেচনেল দিব্যাংগজন ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পোৰেচন।

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই ১৫ দিনীয়া মেলাখন এখন আকৰ্ষণীয় মঞ্চ হিচাপে পৰিগণিত হৈছে, য’ত দৰ্শনাৰ্থীসকলে থলুৱা সামগ্ৰীসমূহ চাব পাৰে, আঞ্চলিক শিল্পকলাৰ অভিজ্ঞতা অৰ্জন কৰিব পাৰে আৰু দেশৰ চহকী সাংস্কৃতিক পৰম্পৰাৰ সৈতে জড়িত হ’ব পাৰে।

‘প্রকাশ আৰু পৰম্পৰা – জ্যোতি সে জ্যোতি জ্বলায়েঁ’ মূল বিষয়বস্তুৰ ওপৰত আধাৰিত এই মেলাখনে পৰম্পৰাগত কাৰুশিল্প আৰু সাংস্কৃতিক ঐতিহ্যক সাতটা থিমেটিক জ’নৰ জৰিয়তে একত্ৰিত কৰিছে। এই জ’ন কেইটা হ’ল: কলা অংগন, প্ৰকাশ চৌক, পূজা পথ, সজাৱত বাজাৰ, ঘৰানা, স্বাদ চৌক আৰু মঞ্চ। প্ৰতিটো জ’নেই দৰ্শনাৰ্থীসকলক পৰম্পৰাগত ক্ৰাফ্ট, উৎসৱৰ সজ্জা, গৃহ সজ্জা, সাংস্কৃতিক সামগ্ৰী আৰু আঞ্চলিক খাদ্য পৰম্পৰাৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰে।

বিষয়াজনে কয় যে মেলাখনত ১৩০ টাতকৈও অধিক ষ্টল আছে য’ত বিভিন্ন ধৰণৰ হস্তশিল্প, হস্ততাঁত সামগ্ৰী, পৰম্পৰাগত বস্ত্ৰ, চাকি, উৎসৱৰ সজ্জা, গৃহ সজ্জাৰ সামগ্ৰী আৰু অন্যান্য থলুৱা সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। দৰ্শনাৰ্থীসকলে অতি আগ্ৰহেৰে ষ্টলসমূহ চাই ফুৰিছে, কাৰিকৰসকলৰ কাৰুশিল্পৰ প্ৰশংসা কৰিছে আৰু ভাৰতৰ চহকী কলাত্মক পৰম্পৰাক প্ৰতিফলিত কৰা সামগ্ৰীসমূহ ক্ৰয় কৰিছে।

এই মেলাৰ অন্যতম প্ৰধান আকৰ্ষণ হৈছে প্ৰতিখন সন্ধিয়া 'মঞ্চ'ত আয়োজিত সজীৱ সাংস্কৃতিক কাৰ্যসূচী। বিভিন্ন ৰাজ্যৰ শিল্পী আৰু সাংস্কৃতিক দলে ৰঙীন লোকনৃত্য, পৰম্পৰাগত সংগীত আৰু আঞ্চলিক কলা প্ৰদৰ্শন কৰিছে। এই প্ৰদৰ্শনসমূহে দৰ্শনাৰ্থীসকলক এক উৎসৱমুখৰ পৰিৱেশৰ মাজত ভাৰতৰ সাংস্কৃতিক সমৃদ্ধি আৰু আঞ্চলিক পৰম্পৰাৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ দিছে।

সাংস্কৃতিক সন্ধিয়াবোৰে এই মেলাখনক কেৱল এক প্ৰদৰ্শনী বা বজাৰ কৰা স্থানৰ ঊৰ্ধ্বলৈ লৈ গৈছে। দৰ্শনাৰ্থীসকলে অনুষ্ঠানসমূহ উপভোগ কৰাৰ লগতে বিভিন্ন আঞ্চলিক পৰম্পৰা আৱিষ্কাৰ কৰিছে।

এই মেলাই অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাফাই কৰ্মচাৰী আৰু বিশেষভাৱে সক্ষম (দিব্যাংগ) কাৰিকৰ আৰু হিতাধিকাৰীসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰিবলৈ আৰু গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিবলৈ এক গুৰুত্বপূৰ্ণ বিপণন মঞ্চ প্ৰদান কৰিছে। মন্ত্ৰালয়ে কাৰিকৰসকলক বিনামূলীয়া ষ্টল, ভ্ৰমণ খৰচ, দৈনিক বানচ আৰু সামগ্ৰী পৰিবহনৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ অংশগ্ৰহণ সহজ কৰি তুলিছে। ইয়াৰ উপৰি 'ভাৰত টিউলিপ' নামৰ প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকক ই-কমাৰ্চৰ সৈতে সংযোগ কৰা হৈছে আৰু 'পাৰ্পল ফেষ্ট'ৰ জৰিয়তে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সৃজনীশীলতাক উদগনি যোগোৱা হৈছে।

২০২২ চনৰ পৰা মন্ত্ৰালয়ে 'শিল্প সমাগম মেলা' আয়োজন কৰি আহিছে, যাৰ দ্বাৰা এতিয়ালৈকে ১০০০ তকৈও অধিক কাৰিকৰ উপকৃত হৈছে। এই উদ্যোগৰ উদ্দেশ্য হৈছে আত্মসংস্থাপনক উদগনি দিয়া, উদ্যোগী মনোভাৱ শক্তিশালী কৰা আৰু বহনক্ষম জীৱিকাৰ সুযোগৰ জৰিয়তে আৰ্থ-সামাজিক সবলীকৰণৰ প্ৰসাৰ কৰা।

নতুন দিল্লীৰ দিল্লী হাট, আইএনএ-ত এই 'শিল্প সমাগম মেলা ২০২৬' অহা ১৫ নৱেম্বৰ, ২০২৬ লৈকে চলি থাকিব।

***

PR-219-TAR/KV/GA/RK


(ৰিলিজ আই ডি : 2335330) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil