পোষ্ট কৰা হৈছে:
11 NOV 2026 6:27PM by PIB Guwahati
ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী জেনেৰেল ধীৰাজ শেঠে ১১ নৱেম্বৰত নতুন দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অনুষ্ঠিত যান্ত্ৰিক বাহিনী সন্মিলন ২০২৬ত “ভাৰতীয় উপমহাদেশত ভৱিষ্যতৰ যুদ্ধৰ কৌশল সম্পৰ্কীয় দৃষ্টিভংগী” শীৰ্ষক বক্তৃতা প্ৰদান কৰে।
অশ্বাৰোহী বিষয়া সন্থাই যান্ত্ৰিক বাহিনীৰ সঞ্চালকালয়ৰ সহযোগত আয়োজন কৰা এই দুদিনীয়া সন্মিলনত জ্যেষ্ঠ কৰ্মৰত সেনা বিষয়া, অৱসৰপ্ৰাপ্ত সেনা বিষয়া, প্ৰতিৰক্ষা বিজ্ঞানী, উদ্যোগৰ প্ৰতিনিধি আৰু কৌশলগত চিন্তাবিদসকল একত্ৰিত হৈ যুদ্ধৰ পৰিৱৰ্তিত চৰিত্ৰ সম্পৰ্কে আলোচনা কৰে।
নিজৰ ভাষণত সেনাবাহিনীৰ মুৰব্বীগৰাকীয়ে নিত্য-নতুন অভিযানমূলক প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰাৰ বাবে ভাৰতীয় সেনাই অব্যাহত ৰখা ৰূপান্তৰৰ বিষয়ত আলোকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই ৰূপান্তৰ কেৱল আধুনিক সা-সঁজুলি আৰু সাংগঠনিক পুনৰ্গঠনৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ বাবে উদ্ভাৱন, প্ৰযুক্তিগত অভিযোজন আৰু ক্ষিপ্ৰতাৰ কৰ্মসংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজন। অৱশ্যে এই সকলোৰে কেন্দ্ৰবিন্দু হ’ব লাগিব যোদ্ধা।
ভৱিষ্যতৰ যুদ্ধৰ বাবে যৌথতা আৰু সমন্বয়ক এক গুৰুত্বপূৰ্ণ সহায়ক শক্তি হিচাপে উল্লেখ কৰি সেনাবাহিনীৰ মুৰব্বীগৰাকীয়ে বিভিন্ন সামৰিক বাহিনী আৰু অভিযানৰ ক্ষেত্ৰসমূহৰ মাজত নিৰৱচ্ছিন্ন সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে থলুৱা সামৰ্থ্যৰ বিকাশ আৰু উদ্যোগ তথা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে শক্তিশালী অংশীদাৰিত্বৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা অৰ্জনৰ প্ৰতি ভাৰতীয় সেনাবাহিনীৰ প্ৰতিশ্ৰুতি দোহাৰে।
যান্ত্ৰিক বাহিনীৰ ক্ৰমবিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি সেনাবাহিনীৰ মুৰব্বীগৰাকীয়ে ইয়াৰ যাত্ৰাক পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লোৱাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ মানসিকতাৰ এক নিদৰ্শন বুলি অভিহিত কৰে। ভৱিষ্যতৰ যুদ্ধতো যান্ত্ৰিক বাহিনীয়ে ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
সেনাবাহিনীৰ মুৰব্বীগৰাকীৰ ভাষণ সন্মিলনৰ উদ্বোধনী অধিৱেশনৰ মূল আকৰ্ষণ আছিল। অশ্বাৰোহী বিষয়া সন্থাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অশোক মেহতাৰ আদৰণী ভাষণেৰে উদ্বোধনী অধিৱেশন আৰম্ভ হয়। এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল এ বি শিৱানে ৰচনা কৰা “আৰ্মাৰ ২০৪০: ষ্টীল, ছিলিকন এণ্ড দ্য ফিউচাৰ বেটলস্পেচ” শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হয়।
“ভাৰতীয় প্ৰেক্ষাপটত সমসাময়িক যান্ত্ৰিক যুদ্ধ” শীৰ্ষক মূল ভাষণ প্ৰদান কৰি যান্ত্ৰিক বাহিনীৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল প্ৰীত পাল সিঙে কেৱল যুদ্ধৰ মঞ্চকেন্দ্ৰিক সামৰ্থ্যৰ পৰা এক সংহত, নেটৱৰ্ক-সক্ষম আৰু স্বয়ংক্ৰিয় যুদ্ধ ব্যৱস্থালৈ হোৱা পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই বিষয়সমূহৰ আধাৰত সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বয়ংক্ৰিয় আক্ৰমণ ব্যৱস্থা, মানৱচালিত আৰু মানৱবিহীন ব্যৱস্থাৰ যৌথ ব্যৱহাৰ, সংহত ড্ৰোন যুদ্ধ, পৰৱৰ্তী প্ৰজন্মৰ যুদ্ধ ব্যৱস্থা আৰু বহুক্ষেত্ৰীয় যান্ত্ৰিক অভিযান সম্পৰ্কেও আলোচনা কৰা হ’ব।
১২ নৱেম্বৰত “ভাৰতীয় যান্ত্ৰিক বাহিনী ২০৩৫: ভৱিষ্যতৰ অভিযানমূলক পৰিৱেশৰ বাবে ৰূপান্তৰ” শীৰ্ষক মুক্ত আলোচনাৰে এই দুদিনীয়া সন্মিলনৰ সামৰণি পৰিব।

*******
Nishant / Ashish/PB