মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশেষ অভিযান ৬.০ৰ অধীনত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে লাভ কৰিলে উল্লেখযোগ্য সফলতা

বিশেষ অভিযানৰ অধীনত ১২ লাখতকৈও অধিক ক্ষেত্ৰ পৰ্যায়ৰ প্ৰতিষ্ঠানত স্বচ্ছতা অভিযান সম্পন্ন

বিশেষ অভিযান ৬.০ৰ অংশ হিচাপে অনুষ্ঠিত বিশেষ এদিনীয়া কাৰ্যসূচীত ৫১,০৯০টা অভিযোগ নিষ্পত্তি

পোষ্ট কৰা হৈছে: 11 NOV 2026 7:05PM by PIB Guwahati

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন সকলো স্বায়ত্তশাসিত আৰু বিধিবদ্ধ সংস্থাকে ধৰি ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ স্বচ্ছতা উন্নত কৰা আৰু বাকী থকা প্ৰসংগসমূহ নিষ্পত্তি কৰাৰ উদ্দেশ্যে বিশেষ অভিযান ৬ ৰূপায়ণৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰাৰ লগতে কাৰ্যপৰিকল্পনা আৰু লক্ষ্য নিৰ্ধাৰণ কৰিছিল।

 

এই বিশেষ অভিযানৰ লক্ষ্য আছিল স্বচ্ছতাৰ প্ৰসাৰ, কৰ্মপদ্ধতি সুশৃংখল কৰা আৰু মন্ত্ৰালয় তথা ইয়াৰ স্বায়ত্তশাসিত সংস্থাসমূহৰ অধীনত বাকী থকা অভিযোগসমূহ নিষ্পত্তি কৰা।

 

বিশেষ অভিযান ৬ৰ ৰূপায়ণ পৰ্যায়ৰ অংশ হিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৩০ অক্টোবৰত এক বিশেষ এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই কাৰ্যসূচীত ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰী আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে বৃহৎ পৰিসৰত তলত উল্লেখ কৰা কাৰ্যকলাপসমূহ সম্পন্ন কৰা হৈছিল—

 

ক্ষেত্ৰ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহত স্বচ্ছতা অভিযান।

 

জনসাধাৰণৰ অভিযোগৰ ফলপ্ৰসূ নিষ্পত্তি আৰু অভিযোগ নিষ্পত্তি শিবিৰ/ই-শিবিৰৰ আয়োজন। মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ অধীনত পোষণ ট্ৰেকাৰ, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (PMMVY) আৰু চিপিজিআৰএএমএছ (CPGRAMS) পৰ্টেলৰ জৰিয়তে লাভ কৰা অভিযোগসমূহ নিষ্পত্তিৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

 

বিশেষ এদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ ফলত মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ অধীনত পৰিচালিত ক্ষেত্ৰ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহত বৃহৎ পৰিসৰত স্বচ্ছতা অভিযান আৰু জনসাধাৰণৰ অভিযোগ নিষ্পত্তি অভিযান অনুষ্ঠিত কৰা হয়।

 

এই প্ৰতিষ্ঠানসমূহৰ ভিতৰত অংগনৱাড়ী কেন্দ্ৰ, শিশু যত্ন প্ৰতিষ্ঠান, শক্তি সদন, সখী নিৱাস, শিশুৰ বাবে দিবা যত্ন কেন্দ্ৰ আদি অন্তৰ্ভুক্ত আছিল।

 

ইয়াৰ ফলস্বৰূপে বিশেষ অভিযানৰ অধীনত সমগ্ৰ দেশতে অৱস্থিত ১২,০৮,৩১৩টা ক্ষেত্ৰ পৰ্যায়ৰ প্ৰতিষ্ঠানত স্বচ্ছতা সম্পৰ্কীয় কাৰ্যকলাপ সম্পন্ন কৰা হয় আৰু বিশেষ এদিনীয়া কাৰ্যসূচীৰ সময়ছোৱাত ৫১,০৯০টা অভিযোগ নিষ্পত্তি কৰা হয়।

 

ইয়াৰ উপৰি উক্ত প্ৰতিষ্ঠানসমূহত গছপুলি ৰোপণ অভিযান, অংগনৱাড়ী আৰু অন্যান্য ক্ষেত্ৰ পৰ্যায়ৰ প্ৰতিষ্ঠানৰ হিতাধিকাৰীসকলৰ মাজত হাত ধোৱাৰ সজাগতা বাৰ্তা প্ৰচাৰ আদি ৫,৫১,৬৫৩টা অন্যান্য কাৰ্যকলাপ সম্পন্ন কৰা হয়।

 

ইয়াৰ উপৰি মন্ত্ৰালয়ে স্বচ্ছতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা চাফাই মিত্ৰ আৰু অনাময় কৰ্মীসকলৰ সেৱাক স্বীকৃতি প্ৰদান কৰি তেওঁলোকৰ প্ৰশংসা কৰে।

 

গোটেই বছৰজুৰি চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত কৰি ৰখাৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়োৱা চাফাই মিত্ৰসকলৰ প্ৰতি কৃতজ্ঞতাৰ চিনস্বৰূপে তেওঁলোকক নতুন পোছাক আৰু বঁটাৰে সম্বৰ্ধনা জনোৱা হয়।

 

বিশেষ অভিযান ৬ৰ অধীনত অনুষ্ঠিত এদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে মিজোৰামত অভিযোগ নিষ্পত্তি শিবিৰৰ আয়োজন কৰা হয়৷

********

 

RC/PB


(ৰিলিজ আই ডি : 2335210) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी