জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

খোৱাপানী আৰু অনাময় বিভাগত স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু নিষ্পত্তি নোহোৱাকৈ থকা কামৰ বোজা হ্ৰাস কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতাৰে সামৰণি পৰিল বিশেষ অভিযান ৬.০

পোষ্ট কৰা হৈছে: 11 NOV 2026 4:09PM by PIB Guwahati

জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ খোৱাপানী আৰু অনাময় বিভাগ (DDWS)-এ চৰকাৰী কাৰ্যালয়সমূহত স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু নিষ্পত্তি নোহোৱাকৈ থকা কামৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত বিশেষ অভিযান ৬.০ সফলতাৰে সম্পন্ন কৰিছে।

এই অভিযানত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসাৰ, কৰ্মক্ষেত্ৰৰ ব্যৱস্থাপনাৰ উন্নতি, নথি-পত্ৰৰ ব্যৱস্থাপনা শক্তিশালী কৰা আৰু নিষ্পত্তি নোহোৱাকৈ থকা বিষয়সমূহ সময়মতে নিষ্পত্তি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

অভিযানৰ পূৰ্বে প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে ৩০ ছেপ্টেম্বৰত স্বচ্ছতা শপত আৰু স্বচ্ছতা কুইজৰ আয়োজন কৰা হয়। ইয়াৰ পাছত ১ অক্টোবৰত জল শক্তি মন্ত্ৰীৰ নেতৃত্বত কালিন্দী কুঞ্জত শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

অভিযানৰ ৰূপায়ণ পৰ্যায়ত  ৮ অক্টোবৰত ‘সফাই মিত্ৰ সন্মান’ শীৰ্ষক সম্বৰ্ধনা অনুষ্ঠানৰ লগতে অনাময় কৰ্মীসকলৰ বাবে এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। তেওঁলোকৰ অমূল্য অৱদানক স্বীকৃতি প্ৰদান আৰু তেওঁলোকৰ কল্যাণৰ প্ৰসাৰৰ উদ্দেশ্যে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল।

ইয়াৰ উপৰি ১৫ অক্টোবৰত বিভাগৰ আভ্যন্তৰীণ পৰ্যায়ত স্বচ্ছতা বিষয়ক এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে বিষয়াসকল আৰু কৰ্মচাৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা হয়।

পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত কৰ্মক্ষেত্ৰ বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখি বিভাগটোৰ বিষয়া আৰু কৰ্মচাৰীসকলে ২৮ অক্টোবৰত চিজিঅ’ কমপ্লেক্সৰ অনাময় উদ্যানত এক স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীত শ্ৰমদানৰ জৰিয়তে পথসমূহ ঝাড়ু দিয়া, আৱৰ্জনা সংগ্ৰহ কৰা আৰু চৌহদত জমা হৈ থকা আৱৰ্জনা পৰিষ্কাৰ কৰা হয়। এই কাৰ্যকলাপসমূহে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সামূহিক দায়বদ্ধতাৰ মনোভাৱ প্ৰতিফলিত কৰে।

 

আৱদ্ধ হৈ থকা বিষয়সমূহ নিষ্পত্তি আৰু নথি-পত্ৰৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰা হয়।

 

অভিযানৰ সময়ছোৱাত বিভাগটোৱে ৫৭৬টা ৰাজহুৱা অভিযোগ আৰু ৰাজহুৱা অভিযোগৰ সৈতে জড়িত আটাইকেইটা ২৯টা আপীল নিষ্পত্তি কৰে। ইয়াৰ উপৰি সাংসদসকলৰ পৰা অহা ২৫টা প্ৰসংগ, সংসদীয় ৩টা আশ্বাস আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (PMO) পৰা অহা ২টা প্ৰসংগ নিষ্পত্তি কৰা হয়।

 

ইয়াৰ লগতে ১০০খন ই-ফাইল পৰ্যালোচনা কৰি বন্ধ কৰা হয়। ইয়াৰ ফলত চৰকাৰী নথি-পত্ৰৰ ব্যৱস্থাপনা অধিক সুশৃংখল কৰাৰ লগতে প্ৰশাসনিক দক্ষতা বৃদ্ধিত সহায়ক হয়।

 

অভিযানটোৰ প্ৰচাৰ আৰু দৃশ্যমানতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভাগটোৱে ডিজিটেল আৰু সামাজিক মাধ্যমৰ মঞ্চসমূহৰো ব্যৱহাৰ কৰে।

 

এই সামূহিক প্ৰচেষ্টাসমূহৰ জৰিয়তে খোৱাপানী আৰু অনাময় বিভাগে স্বচ্ছতাক এক নিৰন্তৰ অভ্যাস হিচাপে প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে। লগতে অনাময় কৰ্মীসকলৰ মৰ্যাদা আৰু কল্যাণৰ প্ৰসাৰ, কৰ্ম পৰিৱেশৰ উন্নতি আৰু আৱদ্ধ হৈ থকা বিষয়সমূহ সময়মতে নিষ্পত্তিৰ জৰিয়তে প্ৰশাসনিক দক্ষতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিও পুনৰ ব্যক্ত কৰে।

 

 

PS/PB


(ৰিলিজ আই ডি : 2335096) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी