পোষ্ট কৰা হৈছে:
11 NOV 2026 4:03PM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি তূতুকুড়িত তামিলনাড মাৰ্কেণ্টাইল বেংক (TMB)ৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ অনাগত বছৰসমূহত বেংকটোক ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আগবাঢ়িবলৈ আহ্বান জনায়।
বেংকটোৰ ১০৫ বছৰীয়া উল্লেখযোগ্য যাত্ৰাৰ বাবে অভিনন্দন জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ১৯২১ চনত নাদাৰ বেংক লিমিটেড হিচাপে ইয়াৰ আৰম্ভণিৰ কথা স্মৰণ কৰে আৰু দেশৰ বেংকিং খণ্ডলৈ আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰে। তেওঁ কয় যে, এক সাধাৰণ আৰম্ভণিৰ পৰা বেংকটো আজি এক বৃহৎ বেংকিং প্ৰতিষ্ঠানত পৰিণত হৈছে। বৰ্তমান ১৭খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলত বেংকটোৰ ৬৩২টা শাখা আছে। বেংকটোৱে ৫৩ লাখতকৈও অধিক গ্ৰাহকক সেৱা আগবঢ়াই আহিছে আৰু ইয়াৰ মুঠ ব্যৱসায়ৰ পৰিমাণে ১.৩০ লাখ কোটি টকা অতিক্ৰম কৰিছে।
ৰাষ্ট্ৰ নিৰ্মাণত বেংকসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ দায়িত্বশীলভাৱে ঋণ প্ৰদান আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSMEs), কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, উদ্যোগী, মহিলাৰ নেতৃত্বত পৰিচালিত উদ্যোগ আৰু কৰ্পৰেট প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত বেংকিং খণ্ডৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ ডিজিটেল বেংকিং আৰু ইউপিআইৰ জৰিয়তে অহা পৰিৱৰ্তনৰ লগতে বিত্তীয় অন্তৰ্ভুক্তিৰ সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে। ইয়াৰ ফলত অধিক সংখ্যক লোকে আনুষ্ঠানিক বেংকিং সেৱা লাভ কৰিবলৈ সক্ষম হৈছে।
টিএমবিৰ শেহতীয়া প্ৰদৰ্শন আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰশংসা কৰি তেওঁ বেংকটোক চাইবাৰ সুৰক্ষা অধিক শক্তিশালী কৰা, গ্ৰাহকৰ ধন আৰু ব্যক্তিগত তথ্য সুৰক্ষিত ৰখা তথা উদ্ভাৱনক আদৰি লোৱাৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰাৰ সমান্তৰালভাৱে বেংকটোৱে ইয়াৰ উৎপত্তিস্থল তূতুকুড়িৰ সৈতে সম্পৰ্ক অটুট ৰাখিব লাগিব।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে যে তামিলনাড মাৰ্কেণ্টাইল বেংকে ভৱিষ্যতেও অধিক উচ্চতা অৰ্জন কৰি ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ ভিতৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব।
এই অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, টিএমবিৰ অংশকালীন অধ্যক্ষ শ্ৰী কে ৰামচন্দ্ৰন, পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ছালী এছ নায়াৰ, কাৰ্যবাহী সঞ্চালক শ্ৰী ভিনচেণ্ট মেনাচেৰী, পৰিচালনা সমিতিৰ সদস্যসকল আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
********
PR/ASM/VM/PB