পোষ্ট কৰা হৈছে:
11 NOV 2026 3:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ষ্টেণ্ড-আপ ইণ্ডিয়া আঁচনি ২০৩১ চনৰ ৩১ মাৰ্চ পৰ্যন্ত আৰু পাঁচ বছৰৰ বাবে অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।
মহিলা, অনুসূচিত জাতি (এছ চি) আৰু অনুসূচিত জনজাতি (এছ টি)ৰ মাজত উদ্যোগীকৰণৰ প্ৰসাৰ ঘটোৱাই এই আঁচনিৰ মূল উদ্দেশ্য। অহা পাঁচ বছৰৰ ভিতৰত অতিৰিক্ত ২.৫ লাখ উদ্যোগীক বিত্তীয় সাহায্য প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
২০১৬ চনৰ এপ্ৰিল মাহত আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে ২.৭৫ লাখতকৈও অধিক মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীয়ে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে।
আঁচনিখনৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ :
যোগ্য ঋণগ্ৰহণকাৰী : নতুন উদ্যোগ বা গ্ৰীণফিল্ড এণ্টাৰপ্ৰাইজ স্থাপনৰ বাবে মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীসকল এই আঁচনিৰ অধীনত ঋণ লাভৰ যোগ্য হ’ব।
বিত্তীয় সাহায্যৰ পৰিমাণ : ১০ লাখ টকাৰ অধিক আৰু ১ কোটি টকালৈকে ঋণ প্ৰদান কৰা হ’ব। এই ঋণ যৌথ ঋণ (কাৰ্যকৰী মূলধন আৰু ম্যাদী ঋণ) অথবা কেৱল ম্যাদী ঋণৰ ৰূপত লাভ কৰিব পাৰিব। প্ৰকল্পৰ ব্যয়ৰ ৮৫ শতাংশ পৰ্যন্ত ঋণ প্ৰদান কৰা হ’ব।
যোগ্য খণ্ডসমূহ : উৎপাদন, সেৱা, ব্যৱসায় আৰু কৃষি-সম্পৰ্কীয় কাৰ্যকলাপ।
ঋণ নিশ্চয়তা সামৰি লোৱা : ঋণৰ মুঠ পৰিমাণৰ ৮৫ শতাংশ পৰ্যন্ত ঋণ নিশ্চয়তাৰ আওতাত সামৰি লোৱা হ’ব।
নিশ্চয়তা মাচুল : মানক নিশ্চয়তা মাচুল হ’ব ০.৫০ শতাংশ।
প্ৰভাৱ :
মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীসকলৰ বাবে ঋণ লাভৰ সুবিধা নিশ্চিত কৰাৰ জৰিয়তে নতুন উদ্যোগ স্থাপন আৰু উদ্যোগীকৰণৰ বিকাশত সহায় কৰিব এই আঁচনিয়ে। লগতে, সুবিধাবঞ্চিত সমাজৰ লোকসকলৰ মাজত উদ্যোগীকৰণৰ ভেটি শক্তিশালী কৰি সৰ্বাংগীণ অৰ্থনৈতিক বিকাশত সহায় আগবঢ়াব।
********
MJPS/PB