সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বয়ো সন্মান ৰাষ্ট্ৰীয় অভিযানৰ অধীনত নাগৰিকসকলক 'বয়ো সাথী' স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰিবলৈ আহ্বান

এছচিডব্লিউ সমাৱেশ প’ৰ্টেল আৰু জীৱন এপৰ জৰিয়তে ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ নাগৰিকৰ বাবে পঞ্জীয়ন মুকলি কৰা হৈছে

স্বেচ্ছাসেৱী পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰজন্মৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ যতন, সংগ আৰু সামাজিক অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰা

পোষ্ট কৰা হৈছে: 10 NOV 2026 8:27PM by PIB Guwahati

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে ১৮ বছৰ আৰু তাতোকৈ অধিক বয়সৰ নাগৰিকসকলক অটল বয়ো অভ্যুদয় যোজনাৰ অধীনত শেহতীয়াকৈ আৰম্ভ কৰা ৰাষ্ট্ৰীয় প্ৰজন্মগত সংযোগ অভিযান ‘বয়ো সন্মান ৰাষ্ট্ৰীয় অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ ‘বয়ো সাথী’ আঁচনিৰ অধীনত স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। এই পদক্ষেপে শিক্ষাৰ্থী, যুৱ পেছাদাৰী আৰু সামাজিক স্বেচ্ছাসেৱকসহ সকলো নাগৰিককে জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণ, মৰ্যাদা আৰু সামাজিক অন্তৰ্ভুক্তিত অৱদান যোগোৱাৰ এক সুযোগ প্ৰদান কৰে।

'বয়ো সাথী' শব্দটোৱে সমৰ্থন, সজাগতা, সহায়তা, প্ৰশিক্ষণ, স্বাস্থ্য আৰু অন্তৰ্ভুক্তিক বুজায়। এই আঁচনিৰ অধীনত, পঞ্জীভুক্ত স্বেচ্ছাসেৱকসকলে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বন্ধু, সহায়ক আৰু সংযোগকাৰী হিচাপে কাম কৰিব, যাৰ ফলত তেওঁলোকৰ সামাজিক অন্তৰ্ভুক্তি আৰু সামগ্ৰিক মংগল সাধন হ’ব। অংশগ্ৰহণৰ স্বীকৃতি স্বৰূপ স্বেচ্ছাসেৱকসকলে এটা ‘বয়ো সাথী প্ৰমাণপত্ৰ’ও লাভ কৰিব। মন্ত্ৰালয়ে সকলো যোগ্য নাগৰিককে বয়ো সাথী স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰিবলৈ আৰু এনে এখন অন্তৰ্ভুক্তিমূলক সমাজ গঢ়ি তোলাত নিজৰ সময়, দক্ষতা আৰু প্ৰচেষ্টা আগবঢ়াবলৈ উৎসাহিত কৰিছে য’ত প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিককে মূল্যায়ন, সন্মান আৰু সহায় কৰা হয়।

মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই অৱগত কৰা অনুসৰি, এই পদক্ষেপত যোগদান কৰিবলৈ আগ্ৰহী নাগৰিকসকলে 'ছিনিয়ৰ চিটিজেনছ ৱেলফেয়াৰ চিংগল এক্সেছ মেকানিজম ফৰ অল ভাৰ্টিকেলছ অব এমপাৱাৰমেণ্ট এণ্ড ছ’চিয়েল হাৰমনি' অৰ্থাৎ এছচিডব্লিউ সমাৱেশ প’ৰ্টেলৰ https://seniorcitizen.dosje.gov.in/vayo-sathi লিংকৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব আৰু আন্তঃপ্ৰজন্মৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে সমাজত জ্যেষ্ঠ নাগৰিকসকলৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি কৰাৰ এক ৰাষ্ট্ৰজোৰা প্ৰচেষ্টাৰ অংশ হ’ব পাৰিব।

তেওঁ কয় যে আগ্ৰহী নাগৰিকসকলে পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিবলৈ 'জীৱন' (Joint Elderly Empowerment & Virtual Assistance Network - JEEVAN) ম’বাইল এপ্লিকেচন ব্যৱহাৰ কৰিব পাৰে। বিষয়াজনে কয় যে এই পদক্ষেপে স্বেচ্ছাসেৱকসকলক জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল সেৱা, কল্যাণ সম্পৰ্কীয় তথ্য আৰু সামাজিক সমৰ্থন লাভ কৰাত সহায় কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ উপৰি ই জ্যেষ্ঠ লোকসকলৰ মাজত ডিজিটেল সাক্ষৰতা, চাইবাৰ প্ৰতাৰণাৰ বিষয়ে সজাগতা, স্বাস্থ্য আৰু সুস্থতা, আৰু অধিক সামাজিক অংশগ্ৰহণ বৃদ্ধি কৰিব বিচাৰে।

বিষয়াজনে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰে শেহতীয়াকৈ দেশৰ ৰাজধানীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'বয়ো সন্মান ৰাষ্ট্ৰীয় অভিযান' শুভাৰম্ভ কৰিছে। তেওঁ কয় যে এই অভিযানৰ উদ্দেশ্য হৈছে জ্যেষ্ঠ নাগৰিকসকলৰ অভিজ্ঞতা, জ্ঞান আৰু প্ৰজ্ঞাৰ সৈতে যুৱ প্ৰজন্মৰ শক্তি আৰু ক্ষমতাক একত্ৰিত কৰি আন্তঃপ্ৰজন্মৰ সংহতি সুদৃঢ় কৰা। এই অভিযানটো ফাইভ চি(5C) আৰ্হিৰ ওপৰত আধাৰিত –সংযোগ, কথোপকথন, সহ-সৃষ্টি, অৱদান আৰু ধাৰাবাহিকতা– যিয়ে প্ৰজন্মসমূহৰ মাজত এক নিৰন্তৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰে। তেওঁ লগতে কয় যে ই যুৱ আৰু জ্যেষ্ঠ প্ৰজন্মক সামাজিক মঞ্চ আৰু শিক্ষানুষ্ঠানৰ জৰিয়তে সংযোগ স্থাপন কৰিবলৈ, অভিজ্ঞতা আৰু কাহিনী বিনিময় কৰিবলৈ, যৌথ কাৰ্যসূচী হাতত ল’বলৈ, জ্ঞান আৰু দক্ষতা আদান-প্ৰদান কৰিবলৈ আৰু ইয়াক এক নিয়মীয়া সামাজিক অনুশীলন হিচাপে চলাই যাবলৈ উৎসাহিত কৰে।

তেওঁ আৰু কয় যে এই অভিযানত বাৰটা বিষয়ভিত্তিক ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে ‘৩০ মিনিটছ টুগেদাৰ’, ‘টিচ মি– আই উইল টিচ ইউ’, ‘মাই ষ্ট’ৰী, মাই ইণ্ডিয়া’, ‘ডিজিটেল দাদা-দাদী/ডিজিটেল সাথী’, ‘জেনেৰেচন হেল্থ এণ্ড ৱেলনেচ’ আৰু ‘ছিলভাৰ স্কিলচ – চিনিয়ৰচ এজ মেণ্টৰ্চ’। এই বিষয়সমূহৰ লক্ষ্য হৈছে সংগ প্ৰদান কৰা, মৌখিক ইতিহাস সংৰক্ষিত কৰা, ডিজিটেল সাক্ষৰতা বৃদ্ধি কৰা, চাইবাৰ প্ৰতাৰণাৰ বিষয়ে সজাগতা সৃষ্টি কৰা, স্বাস্থ্য আৰু সুস্থতাক উদগনি দিয়া আৰু জ্যেষ্ঠ নাগৰিকসকলক মাৰ্গদৰ্শক তথা সমাজৰ মূল্যৱান অৱদানকাৰী হিচাপে স্বীকৃতি দিয়া।

বিষয়াজনে কয় যে বয়ো সাথী পদক্ষেপে নাগৰিকসকলক জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে সময় কটোৱা, তেওঁলোকক ডিজিটেল সেৱা লাভ কৰাত সহায় কৰা, জ্ঞান আৰু দক্ষতা ভগাই লোৱা আৰু সামাজিক কাৰ্যকলাপত তেওঁলোকৰ অংশগ্ৰহণ সহজ কৰি তোলাৰ দৰে সৰু অথচ প্ৰভাৱশালী কাৰ্যসূচীৰ জৰিয়তে অৱদান আগবঢ়োৱাৰ এক অৰ্থপূৰ্ণ মঞ্চ প্ৰদান কৰে। এই অভিযানে পঞ্চায়ত, স্থানীয় নিকায়, শিক্ষানুষ্ঠান আৰু সামাজিক প্ৰতিষ্ঠানসমূহৰ জৰিয়তে প্ৰতিখন গাঁও আৰু চুবুৰীয়া অঞ্চলত উপনীত হ’বলৈ লক্ষ্য ৰাখিছে। ই পৰিয়াল, যুৱ সংগঠন, বিশ্ববিদ্যালয়, বেচৰকাৰী সংগঠন, আৱাসিক কল্যাণ সংস্থা আৰু কৰ্পোৰেট সামাজিক দায়বদ্ধতা অংশীদাৰসকলক এই পদক্ষেপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু স্বেচ্ছাসেৱকসকলক একত্ৰিত কৰিবলৈ উৎসাহিত কৰে।

মন্ত্ৰালয়ে 'বয়ো সন্মান ৰাষ্ট্ৰীয় অভিযান'ৰ ওপৰত এখন হাতপুথিও প্ৰকাশ কৰিছে, যিখনত এই অভিযান আগুৱাই নিয়াত ৰাজ্য, জিলা আৰু সামাজিক প্ৰতিষ্ঠানসমূহৰ উদ্দেশ্য, ৰূপায়ণৰ ৰণনীতি, বিষয়ভিত্তিক কাৰ্যকলাপ আৰু ভূমিকা সামৰি এক ব্যাপক নিৰ্দেশনামূলক গাঁথনি প্ৰদান কৰা হৈছে।

বয়ো সন্মান ৰাষ্ট্ৰীয় অভিযানৰ জৰিয়তে মন্ত্ৰালয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সন্মান, যতন, সংগ আৰু সংহতিৰ এক শক্তিশালী সংস্কৃতি গঢ়ি তুলিব বিচাৰে। এই পদক্ষেপে জ্যেষ্ঠ নাগৰিকসকলক কেৱল কল্যাণমূলক আঁচনিৰ হিতাধিকাৰী হিচাপেই নহয়, বৰঞ্চ সক্ৰিয় অৱদানকাৰী, মাৰ্গদৰ্শক আৰু জ্ঞান, সংস্কৃতি তথা সামাজিক অভিজ্ঞতাৰ মূল্যৱান ভঁৰাল হিচাপে স্বীকৃতি দিয়ে।

 

***

PR-220-TAR/KV/GA/RK/KG


(ৰিলিজ আই ডি : 2334955) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Gujarati , Tamil , Kannada