প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

আই এন এছ বেতৱাৰ মেৰামতি আৰু পুনৰ শক্তি সংস্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰায় ৫০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ

পোষ্ট কৰা হৈছে: 11 NOV 2026 1:54PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় নৌসেনাৰ জাহাজ আই এন এছ বেতৱাৰ স্বাভাৱিক মেৰামতি আৰু পুনৰ শক্তি সংস্থাপনৰ বাবে কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ সৈতে ৪৯৮.৫৮ কোটি টকাৰ এখন চুক্তি স্বাক্ষৰ কৰিছে। ২০২৬ চনৰ ১১ নৱেম্বৰত নতুন দিল্লীত প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়।

 

এই চুক্তিৰ অধীনত ভাৰতীয় নৌসেনাৰ ব্ৰহ্মপুত্ৰ শ্ৰেণীৰ ফ্ৰিগেট আই এন এছ বেতৱাৰ প্ৰপালচন ব্যৱস্থাৰ এক বৃহৎ পৰিৱৰ্তন সাধন কৰা হ’ব। ইয়াৰ অংশ হিচাপে জাহাজখনত বৰ্তমান ব্যৱহৃত ভাপচালিত প্ৰপালচন ব্যৱস্থাৰ পৰিৱৰ্তে ডিজেল ইঞ্জিনচালিত প্ৰপালচন ব্যৱস্থা সংস্থাপন কৰা হ’ব। মেৰামতিৰ সময়ছোৱাত আধুনিকীকৃত অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা সংস্থাপনৰ জৰিয়তে জাহাজখনৰ যুদ্ধক্ষমতাও উন্নীত কৰা হ’ব। ইয়াৰ ফলত জাহাজখনৰ কাৰ্যকৰী দক্ষতা বৃদ্ধি পাব।

 

এই প্ৰকল্পই জাহাজ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত থলুৱা সক্ষমতা অধিক শক্তিশালী কৰিব। বিশেষকৈ জটিল প্ৰপালচন ব্যৱস্থাৰ পৰিৱৰ্তন আৰু নৌসেনাৰ জাহাজসমূহৰ আধুনিকীকৰণৰ ক্ষেত্ৰত এই প্ৰকল্পই বিশেষ ভূমিকা পালন কৰিব। এই প্ৰকল্পত ৫০টাতকৈও অধিক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME) জড়িত হোৱাৰ লগতে ভাৰতীয় জাহাজ নিৰ্মাণ আৰু আনুষংগিক উদ্যোগসমূহত যথেষ্ট সংখ্যক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

 

এই প্ৰকল্পই চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ৰ দৃষ্টিভংগীক যথেষ্ট গতি প্ৰদান কৰাৰ লগতে দেশৰ থলুৱা নৌসেনাৰ জাহাজ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ সক্ষমতাক অধিক শক্তিশালী কৰিব।

 

*******

SR/Savvy/PB

 


(ৰিলিজ আই ডি : 2334954) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी , Gujarati