পোষ্ট কৰা হৈছে:
10 NOV 2026 6:55PM by PIB Guwahati
আৰ্থিক অভাৱ-অনাটনৰ মাজত ডাঙৰ-দীঘল হোৱা এজন যুৱকৰ বাবে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ 'ৰাষ্ট্ৰীয় বৈদেশিক জলপানি' আঁচনিয়ে এক উল্লেখনীয় সুযোগ কঢ়িয়াই আনিলে। ২০২৫-২৬ বিত্তীয় বৰ্ষত শ্ৰী ৰাজেশ শ্বেডগে (নাম সলনি কৰা হৈছে) নামৰ যুৱকজনে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰে, যাৰ ফলত তেওঁ 'ইউনিভাৰ্ছিটি কলেজ লণ্ডন'ত নিজৰ উচ্চ শিক্ষাৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হয়।
মহাৰাষ্ট্ৰৰ অনুসূচিত জাতি সম্প্ৰদায়ৰ এই যুৱ ছাত্ৰজনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন নামী শিক্ষানুষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে তীব্ৰ শৈক্ষিক একাগ্রতা আৰু হেঁপাহ প্ৰদৰ্শন কৰিছিল। কিন্তু তেওঁৰ নিষ্ঠা আৰু মেধা থকা সত্ত্বেও, বিদেশত পঢ়া-শুনা কৰাৰ ক্ষেত্ৰত আৰ্থিক সমস্যাই এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল। আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ নামভৰ্তি মাচুল, থকা-মেলাৰ খৰচ, যাতায়াত তথা অন্যান্য আনুষংগিক ব্যয় ইমান বেছি আছিল যে তেওঁৰ পৰিয়ালৰ বাবে বিদেশত স্নাতকোত্তৰ ডিগ্ৰী লোৱাটো প্ৰায় অসম্ভৱ আছিল।
আন্তঃগাঁথনি উন্নয়ন, প্ৰকল্প ব্যৱস্থাপনা আৰু নিৰ্মাণ অৰ্থনীতিৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ দৃঢ়প্ৰতিজ্ঞ যুৱকজনে যুক্তৰাজ্যৰ বিশ্ববিখ্যাত প্ৰতিষ্ঠান 'ইউনিভাৰ্ছিটি কলেজ লণ্ডন'ৰ পৰা 'কনষ্ট্ৰাকশ্বন ইক’নমিক্স এণ্ড মেনেজমেণ্ট' বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ সপোন দেখিছিল। পিছে, বিদেশৰ শিক্ষাৰ বাবে প্ৰয়োজনীয় বৃহৎ পৰিমাণৰ ধনৰ যোগাৰ কৰাটোৱেই তেওঁৰ বাবে আটাইতকৈ ডাঙৰ হেঙাৰ আছিল।
ৰাষ্ট্ৰীয় বৈদেশিক জলপানি আঁচনিৰ অধীনত তেওঁক ৩৯,৮০০ পাউণ্ডৰ টিউচন ফী (নামভৰ্তি মাচুল) আৰু ৯,৯০০ পাউণ্ডৰ পৰিচৰ্যা ভাট্টা প্ৰদান কৰাৰ লগতে বিমান ভাড়া, ভিছা মাচুল, বীমা আৰু অন্যান্য প্ৰয়োজনীয় শৈক্ষিক ব্যয়ৰ বাবেও বিত্তীয় সাহায্য আগবঢ়োৱা হয়। এই চৰকাৰী অনুদানে তেওঁৰ পৰিয়ালৰ আৰ্থিক বোজা বহু পৰিমাণে লাঘৱ কৰিলে আৰু প্ৰয়োজনীয় শৈক্ষিক তথা জীৱন ধাৰণৰ খৰচ যোগাৰ কৰাৰ অনিশ্চয়তা দূৰ কৰি তেওঁক বিশ্বমানৰ শিক্ষা লাভ কৰাত সহায় কৰিলে।
এই আঁচনিৰ সহায়ত বৰ্তমান শ্ৰী শ্বেডগেয়ে যুক্তৰাজ্যৰ ইউনিভাৰ্ছিটি কলেজ লণ্ডনত নিৰ্মাণ অৰ্থনীতি আৰু ব্যৱস্থাপনা বিষয়ত এমএছচি পঢ়ি আছে। তেওঁ সক্ৰিয়ভাৱে শ্ৰেণীকোঠাৰ বক্তৃতা, টিউটৰিয়েল আৰু অন্যান্য শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ মান, উন্নত জ্ঞান আৰু নিৰ্মাণ তথা আন্তঃগাঁথনি খণ্ডৰ পেছাদাৰী পদ্ধতিসমূহৰ অভিজ্ঞতা অৰ্জন কৰিছে।
ৰাষ্ট্ৰীয় বৈদেশিক জলপানিয়ে তেওঁৰ শৈক্ষিক সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেৱল আৰ্থিক সহায় কৰাই নহয়, এই আঁচনিয়ে আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক পৰিৱেশৰ অভিজ্ঞতা, পেছাদাৰী বিকাশ আৰু ভৱিষ্যতৰ উন্নত কেৰিয়াৰৰ পথো প্ৰশস্ত কৰিছে। শ্ৰী ৰাজেশ শ্বেডগেৰ এই যাত্ৰাই প্ৰমাণ কৰে যে সঠিক লক্ষ্যযুক্ত শৈক্ষিক সহায়ৰ জৰিয়তে কেনেকৈ যোগ্য ছাত্ৰ-ছাত্ৰীসকলে আৰ্থিক প্ৰত্যাহ্বান নেওচি বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ সুযোগ লাভ কৰিব পাৰে। এই ৰাষ্ট্ৰীয় বৈদেশিক জলপানি আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে উচ্চ শিক্ষাত সম-অধিকাৰক উদগনি যোগাই আহিছে আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক উৎকৃষ্টতা অৰ্জন কৰি দেশৰ উন্নয়নত অৰিহণা যোগাবলৈ সবলীকৰণ কৰি আহিছে।

***
SS-175-TAR/KV/GA/RK