পোষ্ট কৰা হৈছে:
10 NOV 2026 5:21PM by PIB Guwahati
শ্ৰী সায়ান ৰায়ৰ (নাম সলনি কৰা হৈছে) জীৱন যাত্ৰাই প্ৰমাণ কৰে যে কিদৰে সঠিক সময়ত লাভ কৰা শিক্ষাগত সাহায্যই ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক আৰু ভৌগোলিক বাধা হেলাৰঙে পাৰ কৰাত, প্ৰয়োজনীয় গৱেষণা সামগ্ৰী লাভ কৰাত আৰু তেওঁলোকৰ শৈক্ষিক লক্ষ্য অৰ্জন কৰাত সহায় কৰিব পাৰে। এই কাহিনীটোৱে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু উচ্চকাংক্ষী গৱেষকসকলক শৈক্ষিক সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সবলীকৰণ কৰাৰ ক্ষেত্ৰত ‘এন.এফ.এছ.চি.’ (NFSC) আঁচনিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে।
পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ অনুসূচিত জাতিৰ ৩২ বছৰীয়া গৱেষক ছাত্ৰ সায়ান ৰায়ে এক দৃঢ় সংকল্প আৰু শৈক্ষিক গৱেষণাৰ প্ৰতি গভীৰ নিষ্ঠাৰে নিজৰ পিএইচডি অধ্যয়ন চলাই গৈছে। অৱশ্যে, উন্নতমানৰ ডক্টৰেট গৱেষণা কৰাৰ তেওঁৰ ইচ্ছাৰ সমান্তৰালভাৱে সন্মুখীন হৈছিল প্ৰচুৰ অৰ্থনৈতিক প্ৰত্যাহ্বানৰ। উপাৰ্জনৰ সীমিত উৎস থকা এজন পূৰ্ণকালীন গৱেষক ছাত্ৰ হোৱাৰ বাবে, শৈক্ষিক আৰু দৈনন্দিন জীৱন-যাপনৰ খৰচ বহন কৰাটো তেওঁ আৰু তেওঁৰ পৰিয়ালটোৰ বাবে এক ডাঙৰ বোজা হৈ পৰিছিল। যিহেতু তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ ভাতৃ-ভগ্নীৰ শিক্ষাৰ খৰচো যোগান ধৰিবলগীয়া হৈছিল, সেয়েহে ঘৰ ভাড়া, বিদ্যুৎ বিল, থকাৰ খৰচ, কিতাপ-পত্ৰ, ষ্টেচনেৰী, ফিল্ডৱৰ্ক আৰু যাতায়তৰ খৰচ বহন কৰাত তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। সীমিত অৰ্থনৈতিক সমলৰ বাবে তেওঁ এটা ব্যক্তিগত লেপটপ কিনিব পৰা নাছিল, যাৰ বাবে প্ৰায়ে তেওঁ আনৰ পৰা ধাৰ কৰা সঁজুলি আৰু বিশ্ববিদ্যালয়ৰ সা-সুবিধাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। দাৰ্জিলিঙৰ পাহাৰীয়া অঞ্চলত ইণ্টাৰনেট সংযোগৰ তাৰতম্যৰ বাবে অনলাইন শৈক্ষিক সমলসমূহ লাভ কৰাৰ ক্ষেত্ৰতো তেওঁ বাধা পাইছিল। অৰ্থনৈতিক নাটনিৰ বাবে বিভিন্ন সন্মিলন, কৰ্মশালা আৰু আলোচনাচক্ৰত অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে কঠিন আছিল।
অনুসূচিত জাতিৰ শিক্ষাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় জলপানি বা ‘নেচনেল ফেল’শ্বিপ ফৰ ছিডিউল্ড কাষ্ট ষ্টুডেণ্টছ’ আঁচনিয়ে তেওঁৰ এই শৈক্ষিক যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০২২ চনৰ নৱেম্বৰ মাহৰ পৰা তেওঁ জলপানি, ঘৰ ভাড়া বানচ আৰু আনুষংগিক খৰচ হিচাপে বিত্তীয় সাহায্য লাভ কৰি আহিছে। এতিয়ালৈকে তেওঁ লাভ কৰা বিত্তীয় সাহায্যৰ মুঠ পৰিমাণ হৈছে ১৮,৪১,৮৭০ টকা, যাৰ ফলত তেওঁ জৰুৰী শৈক্ষিক তথা জীৱন-যাপনৰ খৰচসমূহ মিলাব পাৰিছে আৰু অধিক আত্মবিশ্বাস তথা সুস্থিৰতাৰে নিজৰ ডক্টৰেট ডিগ্ৰীৰ অধ্যয়ন চলাই যাবলৈ সক্ষম হৈছে। এই সাহাৰ্য্যই তেওঁক এটা লেপটপ কিনিবলৈ, এটা ভৰসাযোগ্য ইণ্টাৰনেট সংযোগ ল’বলৈ আৰু কিতাপ, ষ্টেচনেৰী তথা অন্যান্য প্ৰয়োজনীয় গৱেষণা সামগ্ৰী সংগ্ৰহ কৰাত সহায় কৰিছে। ইয়াৰ উপৰি ই তেওঁক সন্মিলন আৰু আলোচনাচক্ৰৰ পঞ্জীয়ন মাছুল, ভ্ৰমণ খৰচ আৰু ফিল্ডৱৰ্কৰ খৰচ বহন কৰাত সহায় কৰিছে। বিশেষকৈ, এই বিত্তীয় সহায়ৰ বাবেই তেওঁৰ গৱেষণাৰ এটা গুৰুত্বপূৰ্ণ অংশ নিবিড় ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাটো সম্ভৱ হৈ উঠিছে আৰু ইয়াৰ লগতে শৈক্ষিক কাৰ্যকলাপত অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিছে।
বৰ্তমান, শ্ৰী সায়ান ৰায়ে অৰ্থনৈতিক অনিশ্চয়তা হ্ৰাস হোৱাৰ বাবে নিজৰ পিএইচডি গৱেষণাত অধিক মনোযোগ দিবলৈ সক্ষম হৈছে। এই জলপানিয়ে শৈক্ষিক আৰু জীৱন-যাপনৰ খৰচৰ বাবে নিজৰ পৰিয়ালৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে এগৰাকী গৱেষক হিচাপে তেওঁৰ শৈক্ষিক উৎপাদনশীলতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰিছে।

*****
SS-173-TAR/KV/GA/RK/KG