গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সফলতাৰে সমাপ্ত কৰিলে বিশেষ অভিযান–৬

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দিক্‌নিৰ্দেশনাত এমাহজোৰা এই অভিযানত নিষ্পত্তি নোহোৱাকৈ থকা কামসমূহ সম্পন্ন কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি আৰু কাৰ্যালয়ৰ দক্ষ পৰিচালনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।

এই অভিযানত জনসাধাৰণৰ অভিযোগসমূহৰ নিষ্পত্তি আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় তথা ইয়াৰ অধীনস্থ সংস্থাসমূহৰ কাম-কাজৰ উন্নতিৰ বিষয়তো বিশেষ গুৰুত্ব দিয়া হয়।

এই অভিযানৰ সময়ছোৱাত জনসাধাৰণৰ সৈতে পোনপটীয়া সম্পৰ্ক থকা ক্ষেত্ৰভিত্তিক আৰু দূৰৱৰ্তী কাৰ্যালয়সমূহৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ বাবে প্ৰথম অৱস্থাত মুঠ ৬,৭৫৭টা স্থান চিনাক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি কৰি ৭,৯৬৩টা স্থান সামৰি লোৱা হয়।

সাংসদসকলৰ পৰা লাভ কৰা ১৪৭টা প্ৰসংগ, ৰাজ্য চৰকাৰসমূহৰ পৰা লাভ কৰা ১৪১টা প্ৰসংগ, জনসাধাৰণৰ ১১,৯০২টা অভিযোগ আৰু ১,৬৬৬টা আপত্তিৰ নিষ্পত্তি কৰা হয়।

মুঠ ২,১৯,৬৪৪খন কাগজী ফাইল আৰু ৩০,৩৮৫খন বৈদ্যুতিন ফাইল পৰ্যালোচনা কৰা হয়। নথি-পত্ৰৰ সঠিক ব্যৱস্থাপনা আৰু অপ্ৰয়োজনীয় সামগ্ৰী আঁতৰোৱাৰ জৰিয়তে ৭৮,১২৫ বৰ্গফুট কাৰ্যালয়ৰ স্থান মুকলি কৰা হয়।

আৱৰ্জনা আৰু পৰিত্যক্ত সামগ্ৰী নিষ্পত্তিৰ জৰিয়তে ১০.১৭ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰা হয়। ইয়াৰ ভিতৰত ২.৬৩ কোটি টকা বৈদ্যুতিন আৱৰ্জনা নিষ্পত্তিৰ পৰা লাভ কৰা হয়।

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPFs) আৰু অন্যান্য সংস্থাসমূহৰ সক্ৰিয় অংশগ্ৰহণে অভিযানটোক অধিক শক্তিশালী কৰাৰ লগতে ইয়াৰ সফল ৰূপায়ণত উল্লেখযোগ্য অৰিহণা যোগায়।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বিশেষ অভিযান–৬ৰ জৰিয়তে সৃষ্টি হোৱা গতি অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ প্ৰকাশ কৰিছে। দক্ষ সেৱা প্ৰদান, দায়বদ্ধতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ইতিবাচক কৰ্মসংস্কৃতি গঢ়ি তোলাৰ বিষয়ত মন্ত্ৰালয়ে আগলৈও গুৰুত্ব আৰোপ কৰিব।

পোষ্ট কৰা হৈছে: 10 NOV 2026 5:10PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ বাকী থকা কামসমূহ নিষ্পত্তিৰ বাবে  ৰূপায়ণ কৰা  বিশেষ অভিযান–৬ সফলতাৰে সমাপ্ত কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দিক্‌নিৰ্দেশনাত এমাহজোৰা এই অভিযানত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু কাৰ্যালয়ৰ দক্ষ পৰিচালনাৰ প্ৰসাৰ, দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা কামসমূহ ক্ষিপ্ৰতাৰে সম্পন্ন কৰা, জনসাধাৰণৰ অভিযোগৰ নিষ্পত্তি আৰু মন্ত্ৰালয় তথা ইয়াৰ সংস্থাসমূহৰ সামগ্ৰিক কাম-কাজৰ উন্নতিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হয়। জনসাধাৰণৰ সৈতে পোনপটীয়া সম্পৰ্ক থকা ক্ষেত্ৰভিত্তিক আৰু দূৰৱৰ্তী কাৰ্যালয়সমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল।

বিশেষ অভিযান–৬ৰ অধীনত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বাকী থকা কামসমূহৰ নিষ্পত্তি, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু কাৰ্যালয়ৰ দক্ষ পৰিচালনাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰে। ২০২৬ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰস্তুতিমূলক পৰ্যায়ৰ জৰিয়তে অভিযানটোৰ আৰম্ভণি কৰা হৈছিল। ইয়াৰ পিছত ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ সমগ্ৰ দেশতে গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ইয়াৰ সংলগ্ন তথা অধীনস্থ কাৰ্যালয়সমূহত অভিযানটো ৰূপায়ণ কৰা হয়।

মন্ত্ৰালয়ৰ সৰ্বোচ্চ পৰ্যায়ত অভিযানটোৰ অগ্ৰগতিৰ বিষয়ত নিৰীক্ষণ কৰা হৈছিল। মন্ত্ৰালয়ৰ সকলো বিভাগ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPFs) আৰু সংলগ্ন সংস্থাসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ (DARPG) দ্বাৰা পৰিচালিত বিশেষ অভিযানৰ পৰ্টেলত নিয়মীয়াকৈ অগ্ৰগতিৰ প্ৰতিবেদন আপলোড কৰা হয়।

পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ বাবে প্ৰথম অৱস্থাত মুঠ ৬,৭৫৭টা স্থান চিনাক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি কৰি ৭,৯৬৩টা স্থান সামৰি লোৱা হয়। অভিযানটোৰ উল্লেখযোগ্য সফলতাসমূহ তলত উল্লেখ কৰা হ'ল—

প্ৰসংগ আৰু অভিযোগৰ নিষ্পত্তিঃ সাংসদসকলৰ পৰা লাভ কৰা ১৪৭টা প্ৰসংগ, ৰাজ্য চৰকাৰসমূহৰ পৰা লাভ কৰা ১৪১টা প্ৰসংগ, জনসাধাৰণৰ ১১,৯০২টা অভিযোগ আৰু ১,৬৬৬খন আপত্তিৰ নিষ্পত্তি কৰা হয়।

নথি-পত্ৰৰ পৰ্যালোচনাঃ মুঠ ২,১৯,৬৪৪খন কাগজী ফাইল আৰু ৩০,৩৮৫খন বৈদ্যুতিন ফাইল পৰ্যালোচনা কৰা হয়।

স্থানৰ ব্যৱস্থাপনাঃ নথি-পত্ৰৰ সঠিক ব্যৱস্থাপনা আৰু অপ্ৰয়োজনীয় সামগ্ৰী আঁতৰোৱাৰ জৰিয়তে ৭৮,১২৫ বৰ্গফুট কাৰ্যালয়ৰ স্থান মুকলি কৰা হয়।

ৰাজহ সংগ্ৰহঃ আৱৰ্জনা আৰু পৰিত্যক্ত সামগ্ৰী নিষ্পত্তিৰ জৰিয়তে ১০.১৭ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰা হয়। ইয়াৰ ভিতৰত বৈদ্যুতিন আৱৰ্জনা নিষ্পত্তিৰ জৰিয়তে ২.৬৩ কোটি টকা লাভ কৰা হয়।

সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰঃ অভিযানটোৰ কাৰ্যকলাপ আৰু সফলতাসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে এক্স, ইনষ্টাগ্ৰাম, ফেচবুক আৰু ইউটিউবকে ধৰি বিভিন্ন সামাজিক মাধ্যমৰ মঞ্চত #SpecialCampaign6 শীৰ্ষক হেছটেগ ব্যৱহাৰ কৰি প্ৰায় ১,২০০টা পোষ্ট প্ৰকাশ কৰা হয়।

বিশেষ অভিযান–৬ৰ অংশ হিচাপে ২০২৬ চনৰ ১৩ অক্টোবৰত এদিনীয়া বিশেষ তীব্ৰ অভিযানৰ আয়োজন কৰা হৈছিল। মন্ত্ৰালয় আৰু ইয়াৰ সংলগ্ন তথা অধীনস্থ কাৰ্যালয়সমূহৰ মাজত সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে অভিযানৰ লক্ষ্যসমূহ ক্ষিপ্ৰতাৰে পূৰণ কৰাই আছিল ইয়াৰ মূল উদ্দেশ্য।

এই অভিযানৰ অধীনত গছপুলি ৰোপণ, ব্যাপক চাফাই অভিযান আৰু পুৰণি তথা অপ্ৰয়োজনীয় নথি-পত্ৰ আঁতৰোৱাৰ লগতে অন্যান্য কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই পদক্ষেপসমূহৰ জৰিয়তে পৰিৱেশৰ বহনক্ষমতা বৃদ্ধি, কৰ্মস্থলীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰা আৰু নথি-পত্ৰৰ দক্ষ ব্যৱস্থাপনা নিশ্চিত কৰাৰ লক্ষ্য আগত ৰাখি কাম কৰা  হৈছিল।

মন্ত্ৰালয় আৰু ইয়াৰ বিভিন্ন সংস্থাৰ বিষয়া-কৰ্মচাৰীসকলে এই বিশেষ অভিযানত উৎসাহেৰে অংশগ্ৰহণ কৰে। ইয়াৰ ফলত অভিযানটোৰ উদ্দেশ্যসমূহ সফলতাৰে পূৰণ কৰাত যথেষ্ট সহায় হয়।গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বিশেষ অভিযান–৬ৰ জৰিয়তে সৃষ্টি হোৱা গতি অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰিছে। দক্ষতাপূৰ্ণ সেৱা প্ৰদান, দায়বদ্ধতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ইতিবাচক কৰ্মসংস্কৃতিৰ প্ৰসাৰৰ ওপৰত মন্ত্ৰালয়ে ভৱিষ্যতেও গুৰুত্ব আৰোপ কৰি যাব।

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPFs) আৰু অন্যান্য সংস্থাসমূহৰ সক্ৰিয় অংশগ্ৰহণে অভিযানটোক অধিক শক্তিশালী কৰাৰ লগতে ইয়াৰ সফল ৰূপায়ণত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। বিশেষ অভিযান–৬-এ কেৱল পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সুসংগঠিত কৰ্মস্থলী গঢ়ি তোলাতেই অৰিহণা যোগোৱা নাই, বৰঞ্চ মন্ত্ৰালয় আৰু ইয়াৰ ক্ষেত্ৰভিত্তিক কাৰ্যালয়সমূহৰ মাজত দায়িত্ববোধ, স্বচ্ছতা আৰু দক্ষতাৰ সংস্কৃতিকো অধিক শক্তিশালী কৰিছে।

এই পদক্ষেপে জনসাধাৰণৰ প্ৰতি দায়বদ্ধ প্ৰশাসন, ফলপ্ৰসূ ৰাজহুৱা সেৱা প্ৰদান আৰু উন্নত প্ৰশাসনিক পদ্ধতিসমূহক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ নিৰন্তৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।

 

***

RK/RR/PR/DM


(ৰিলিজ আই ডি : 2334867) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia , Tamil