পোষ্ট কৰা হৈছে:
10 NOV 2026 3:07PM by PIB Guwahati
সময়মতে অভিযোগ নিষ্পত্তি, কাৰ্যালয়ৰ নথি-পত্ৰৰ দক্ষ ব্যৱস্থাপনা আৰু কাৰ্যালয়সমূহত স্বচ্ছতা নিশ্চিত কৰাৰ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰি আয়ুষ মন্ত্ৰালয়ে 'বিশেষ অভিযান ৬.০'ৰ অধীনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।
এই অভিযানৰ সময়ছোৱাত মন্ত্ৰালয়ে ৩৬৮টা ৰাজহুৱা অভিযোগ আৰু ৰাজহুৱা অভিযোগ সম্পৰ্কীয় ৬৪ পুনৰাবেদন নিষ্পত্তি কৰে। ইয়াৰ জৰিয়তে সঁহাৰিমূলক, স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক প্ৰশাসনৰ প্ৰতি মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হয়। তদুপৰি, সংসদ সদস্যসকলৰ পৰা লাভ কৰা ৭টা প্ৰসংগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লাভ কৰা ৪টা প্ৰসংগৰো নিষ্পত্তি কৰা হয়। ইয়াৰ জৰিয়তে সময়মতে আৰু ফলপ্ৰসূভাৱে অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ গুৰুত্ব প্ৰকাশ পাইছে।
অভিযানৰ অংশ হিচাপে মন্ত্ৰালয়ে কৰ্মক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰা, স্বাস্থ্যসন্মত কৰ্ম পৰিৱেশ গঢ়ি তোলা আৰু কাৰ্যালয়ৰ স্থানৰ উপযুক্ত ব্যৱহাৰৰ উদ্দেশ্যে ২৮৫টা স্বচ্ছতা অভিযান চলায়।
নথি-পত্ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ১,৬১০টা ফাইল পৰ্যালোচনা কৰি অদৰকাৰী নথিসমূহ আঁতৰাই ফাইলসমূহ বন্ধ কৰা হয়। পুৰণি নথি আৰু পেলনীয়া সামগ্ৰী নিষ্কাশনৰ জৰিয়তে মুঠ ৮,৭৪১ বৰ্গফুট স্থান মুকলি কৰা হয়, যাক অধিক উৎপাদনশীল কামত ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ উপৰি, পেলনীয়া সামগ্ৰী নিষ্কাশনৰ জৰিয়তে মন্ত্ৰালয়ে ১,৯৪,১৬১ টকাৰ ৰাজহ আহৰণ কৰে। ইয়াৰ জৰিয়তে সম্পদৰ উন্নত ব্যৱস্থাপনা আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰচেষ্টা প্ৰতিফলিত হৈছে।
আয়ুষ মন্ত্ৰালয়ে বাকী থকা অভিযোগ আৰু পুনৰাবেদনসমূহ সময়মতে নিষ্পত্তি কৰা, সুশৃংখল নথি ব্যৱস্থাপনা, স্বচ্ছতা আৰু চৰকাৰী সম্পদৰ ফলপ্ৰসূ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি 'বিশেষ অভিযান ৬.০' অব্যাহত ৰাখিছে। এই পদক্ষেপসমূহৰ জৰিয়তে মন্ত্ৰালয়ে অধিক পৰিষ্কাৰ-পৰিচ্ছন্ন, সুসংগঠিত আৰু নাগৰিককেন্দ্ৰিক কৰ্মপৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
***
SR/SV/SG/KrDD