সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

দিল্লী হাটত অনুষ্ঠিত 'শিল্প সমাগম মেলা ২০২৬'ত এতিয়ালৈকে ৫৫.৪৬ লাখ টকাতকৈও অধিক সামগ্ৰী বিক্ৰী; যিয়ে জনসাধাৰণৰ ব্যাপক সঁহাৰি আৰু কাৰিকৰসকলৰ বাবে বজাৰৰ বৰ্ধিত সুযোগক প্ৰতিফলিত কৰিছে

এই মেলাই ভাৰতৰ পৰম্পৰাগত শিল্পকৰ্ম, সাংস্কৃতিক বৈচিত্ৰ্য আৰু সৰ্বাংগীণ উদ্যোগশীলতাক প্ৰদৰ্শন কৰিছে

৭টা ভিন্ন বিষয়ভিত্তিক ক্ষেত্ৰত ১৩০খনতকৈও অধিক বিপণীৰে হস্তশিল্প, তাঁতশিল্প, পৰম্পৰাগত বস্ত্ৰ আৰু থলুৱা সৃষ্টিসমূহ প্ৰদৰ্শন কৰা হৈছে

কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ আৰু সামাজিক ন্যায় ও সবলীকৰণ মন্ত্ৰালয়ৰ সচিবৰ মেলা পৰিদৰ্শন তথা কাৰিকৰসকলৰ সৈতে মত-বিনিময়

পোষ্ট কৰা হৈছে: 09 NOV 2026 8:51PM by PIB Guwahati

দেশৰ ৰাজধানীৰ দিল্লী হাট (INA)ত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত ১৫দিনীয়া 'শিল্প সমাগম মেলা ২০২৬' ভাৰতৰ চহকী পৰম্পৰাগত কাৰুশিল্প, সাংস্কৃতিক ঐতিহ্য আৰু উদ্যোগিক মনোভাব প্ৰদৰ্শনৰ এক সজীৱ মঞ্চ হিচাপে পৰিগণিত হৈছে। ২০২৬ চনৰ ১৫ নৱেম্বৰলৈকে চলিবলগীয়া এই মেলাই অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী (OBC), চাফাই কৰ্মচাৰী আৰু দিব্যাংগ (প্ৰতিবন্ধী) শ্ৰেণীৰ কাৰিকৰ তথা হিতাধিকাৰীসকলক এক বৃহৎ দৰ্শকৰ সন্মুখত নিজৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে।

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে ২০২২ চনৰ পৰাই এই 'শিল্প সমাগম মেলা'সমূহ আয়োজন কৰি আহিছে। এই মেলাসমূহৰ জৰিয়তে অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু চাফাই কৰ্মচাৰী সম্প্ৰদায়ৰ ১,০০০ তকৈও অধিক কাৰিকৰে নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিপণনৰ সুযোগ লাভ কৰি উপকৃত হৈছে। এই উদ্যোগৰ মূল উদ্দেশ্য হৈছে আত্মসংস্থাপনৰ প্ৰসাৰ ঘটোৱা, উদ্যোগিতাক উৎসাহিত কৰা আৰু হিতাধিকাৰী সম্প্ৰদায়সমূহৰ আৰ্থ-সামাজিক সবলীকৰণত সুবিধা প্ৰদান কৰা।

প্ৰকাশ আৰু পৰম্পৰা - জ্যোতিৰে জ্যোতি জ্বলোৱা মূল বিষয়বস্তুৰ আধাৰত আয়োজিত এই দুসপ্তাহজোৰা মেলাই ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত শিল্পকৰ্মক ৭টা সুকীয়া বিষয়ভিত্তিক ক্ষেত্ৰৰ জৰিয়তে একত্ৰিত কৰিছে। এই ক্ষেত্ৰসমূহ হৈছে— কলা আংগন, প্ৰকাশ চৌক, পূজা পথ, সজাৱট বজাৰ, ঘৰাণা, স্বাদ চৌক আৰু মঞ্চ । ই দৰ্শনাৰ্থীসকলক ভাৰতৰ শৈল্পিক, সাংস্কৃতিক আৰু খাদ্যসম্ভাৰৰ বৈচিত্ৰ্যৰ এক সৰ্বাংগীণ অভিজ্ঞতা প্ৰদান কৰিছে।

মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, মেলাখন আৰম্ভ হোৱাৰ পৰাই আশাব্যঞ্জক বিক্ৰী হৈছে, যিয়ে দৰ্শনাৰ্থীসকলৰ ব্যাপক সঁহাৰি আৰু হিতাধিকাৰী সম্প্ৰদায়সমূহৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰতি বৰ্ধিত সমাদৰক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰৰ ভিতৰত মেলাত অংশগ্ৰহণ কৰা চাৰিটা নিগম— ক্ৰমে ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্ত আৰু উন্নয়ন নিগম (NSFDC), ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগম (NBCFDC), ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু উন্নয়ন নিগম (NSKFDC) আৰু ৰাষ্ট্ৰীয় দিব্যাংগজন বিত্ত আৰু উন্নয়ন নিগম (NDFDC)— এ সৰ্বমুঠ প্ৰায় ৫৫.৪৬ লাখ টকাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে। এই বিক্ৰীৰ পৰিসংখ্যাই মেলাত প্ৰদৰ্শিত সামগ্ৰীসমূহৰ প্ৰতি থকা ইতিবাচক বজাৰ সঁহাৰি আৰু অংশগ্ৰহণকাৰী কাৰিকৰসকলৰ বাবে ব্যৱসায়ৰ বৰ্ধিত সুযোগক সূচাইছে।

মন্ত্ৰালয়ে হিতাধিকাৰীসকলক বিনামূলীয়া বিপণী, ভ্ৰমণ খৰচ, দৈনিক বানচ আৰু সামগ্ৰী পৰিবহণৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ অংশগ্ৰহণ সহজ কৰি তুলিছে। এই সহায়ক ব্যৱস্থাসমূহে কাৰিকৰসকলক লজিষ্টিক আৰু বিত্তীয় বাধাৰ পৰা মুক্ত কৰি নতুন বজাৰ আৰু গ্ৰাহকৰ কাষ চাপিবলৈ সক্ষম কৰি তুলিছে।

মেলাখনে ১৩০খনতকৈও অধিক বিপণীৰ জৰিয়তে হস্তশিল্প, তাঁতশালৰ সামগ্ৰী, পৰম্পৰাগত বস্ত্ৰ, উৎসৱৰ সজ্জা, চাকি, গৃহসজ্জাৰ সামগ্ৰী আৰু অন্যান্য থলুৱা সামগ্ৰীৰ এক বৈচিত্ৰ্যময় সম্ভাৰ প্ৰদৰ্শন কৰিছে। এই প্ৰদৰ্শনীয়ে কাৰিকৰ আৰু হিতাধিকাৰীসকলক গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিবলৈ, বজাৰৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ আৰু তেওঁলোকৰ উদ্যোগিক ক্ষমতাক শক্তিশালী কৰিবলৈ এক সহজলভ্য বিপণন মঞ্চ প্ৰদান কৰিছে। ইয়াৰ উপৰি মেলাখনে কাৰিকৰসকলক 'ভাৰত টিউলিপ' (Bharat TULIP)ৰ দৰে উদ্যোগৰ জৰিয়তে ই-কমাৰ্চ প্লেটফৰ্মসমূহৰ সৈতে সংযোগ কৰি বজাৰৰ পৰিসৰ বৃদ্ধি কৰাৰ সুযোগ দিছে। লগতে, 'পাৰ্পল ফেষ্ট' (Purple Fest)ৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকসকলৰ সৃজনীশীলতা আৰু দক্ষতাক উদযাপন কৰাৰ লগতে সমাজত তেওঁলোকৰ অন্তৰ্ভুক্তি আৰু সমান সুযোগৰ বাবে প্ৰয়াস কৰা হৈছে।

এই মেলাখন কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰ, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আঠৱালে, কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী নিমুৱেন জয়ন্তীভাই বাভনিয়া আৰু সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুধাংশ পণ্টৰ লগতে আন আন জ্যেষ্ঠ বিষয়াসকলে পৰিদৰ্শন কৰিছে। পৰিদৰ্শন কালত বিশিষ্ট ব্যক্তিসকলে প্ৰদৰ্শনীৰ ষ্টলসমূহত এভুমূকি মাৰে তথা পৰম্পৰাগত শিল্পকাৰ্যৰ প্ৰশংসা কৰে আৰু অংশগ্ৰহণকাৰী কাৰিকৰসকলৰ সৈতে বাৰ্তালাপ কৰে। ই পিছপৰা সম্প্ৰদায়সমূহৰ বাবে সৰ্বাংগীণ উদ্যোগশীলতা, অৰ্থনৈতিক সবলীকৰণ আৰু বহনক্ষম জীৱিকাৰ সুযোগ বৃদ্ধি কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিক পুনৰ প্ৰমাণ কৰে।

মেলাৰ অন্যতম প্ৰধান আকৰ্ষণ হৈছে প্ৰতিখন সন্ধিয়া 'মঞ্চ'ত আয়োজিত সাংস্কৃতিক কাৰ্যসূচীসমূহ। বিভিন্ন ৰাজ্যৰ শিল্পী আৰু নাট্য দলে একেলগে সমবেত হৈ বৰ্ণিল লোকনৃত্য, পৰম্পৰাগত সংগীত আৰু আঞ্চলিক শিল্পকলা প্ৰদৰ্শন কৰে। এই প্ৰদৰ্শনসমূহে দৰ্শকক একেখন মঞ্চতে ভাৰতৰ বহুত্ববাদী সাংস্কৃতিক প্ৰকাশৰ এক আভাস দিয়ে, যাৰ ফলত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে আঞ্চলিক সাংস্কৃতিক আদান-প্ৰদান সম্ভৱ হৈ উঠিছে।

নাগৰিক, পৰিয়াল আৰু যুৱ দৰ্শনাৰ্থীসকলে অতি উৎসাহেৰে মেলাখনলৈ আহি পৰম্পৰাগত সামগ্ৰীৰ বৈচিত্ৰ্যময় সম্ভাৰ অন্বেষণ কৰিছে, কাৰিকৰসকলৰ দক্ষতাৰ প্ৰশংসা কৰিছে আৰু তেওঁলোকৰ উদ্যোগশীলতা, অৰ্থনৈতিক সবলীকৰণ তথা স্বাৱলম্বী হোৱাৰ প্ৰয়াসক সঁহাৰি জনাইছে। সাধাৰণ দৰ্শনাৰ্থীসকলে মেলাৰ বিভিন্ন ৰং উপভোগ কৰাৰ লগতে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য অনুভৱ কৰিছে আৰু একে সময়তে এক সৰ্বাংগীণ তথা স্বাৱলম্বী ভাৰতৰ সপোন বাস্তৱায়িত কৰাত অৱদান যোগোৱা এই কাৰিকৰ আৰু উদ্যোগীসকলক সহায় কৰিছে।

***

PR-216-TAR/KV/GA/RK


(ৰিলিজ আই ডি : 2334537) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी