পোষ্ট কৰা হৈছে:
09 NOV 2026 10:06AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দেৱভূমি উত্তৰাখণ্ড আধ্যাত্মিক ঐতিহ্য আৰু অসাধাৰণ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। তেওঁ উল্লেখ কৰে যে ইয়াৰ মনোৰম পাহাৰীয়া দৃশ্যপট, পৱিত্ৰ নদী, পূজনীয় চাৰি ধাম আৰু গৌৰৱোজ্জ্বল সাংস্কৃতিক ঐতিহ্যই ৰাজ্যখনক সুকীয়া পৰিচয় দিছে।
শ্ৰী মোদীয়ে কয় যে ইয়াৰ কঠোৰ পৰিশ্ৰমী, প্ৰতিভাশালী আৰু প্ৰগতিশীল লোকসকলৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে উত্তৰাখণ্ডই সকলো ক্ষেত্ৰতে উন্নয়নৰ নতুন শিখৰত উপনীত হৈছে। ৰাজ্যখনে প্ৰগতিৰপোষ্টত দ্ৰুতগতি অব্যাহত ৰাখিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে আৰু ইয়াৰ জনসাধাৰণৰ সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
‘উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক মোৰ আন্তৰিক শুভেচ্ছা জনালো।
আমাৰ এই দেৱভূমি আধ্যাত্মিক চেতনা আৰু বিস্ময়কৰ প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ। ৰাজ্যখন ইয়াৰ গৌৰৱোজ্জ্বল সাংস্কৃতিক ঐতিহ্য, মনোৰম পাহাৰীয়া দৃশ্যপট, পৱিত্ৰ নদী আৰু পৱিত্ৰ চাৰি ধামৰ বাবেও বৈশিষ্ট্যপূৰ্ণ।
ৰাজ্যখনৰ কঠোৰ পৰিশ্ৰমী, প্ৰতিভাশালী আৰু প্ৰগতিশীল লোকসকলৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে উত্তৰাখণ্ডই আজি প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ নতুন শিখৰত উপনীত হৈছে। মই আত্মবিশ্বাসী যে প্ৰকৃতি আৰু সংস্কৃতিপ্ৰেমীসকলৰ এই ৰাজ্যই প্ৰগতিৰ পথত দ্ৰুতগতিত আগবাঢ়ি যাব।
এই বিশেষ উপলক্ষই ৰাজ্যখনৰ সকলো লোকৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।’
***
MJPS/SS/ST/HS