প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চত্তীশগড়ৰ বাস্তাৰত নিৰাপত্তা বাহিনীৰ কৰ্মীৰ সৈতে মত-বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

পোষ্ট কৰা হৈছে: 08 NOV 2026 2:53PM by PIB Guwahati

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

মোৰ প্ৰিয় দেশবাসী,

আজি সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কোটি কোটি ভাৰতীয়ই পোহৰৰ পৱিত্ৰ উৎসৱ দীপাৱলী উদযাপন কৰিছে। দূৰ-দূৰণিৰ পৰা মানুহ নিজৰ ঘৰলৈ উভতি আহিছে। পৰিয়াল-পৰিজনৰ সৈতে মিলিত হোৱা, আনন্দ-উল্লাসেৰে সময় কটোৱাৰ এয়া এক বৃহৎ উৎসৱ।  ময়ো আপোনালোকৰ মাজত দীপাৱলী উদযাপন কৰিবলৈ আহিছোঁ। সীমান্তত আৰু দেশৰ ভিতৰত ৰাষ্ট্ৰৰ সুৰক্ষাৰ দায়িত্ব পালন কৰি থকা, দেশৰ প্ৰহৰী, ভাৰত মাতাৰ বীৰ সন্তানস্বৰূপ আপোনালোক সকলোৱেই মোৰ আত্মীয়, আপোনালোক সকলোৱেই মোৰ পৰিয়ালৰ অংশ। হিমালয়ৰ কোলাত অৱস্থিত  কাৰ্গিলৰ পৰা আৰম্ভ কৰি লেপচালৈকে, সাগৰৰ পাৰৰ ছাৰ ক্ৰিকৰ পৰা সাগৰৰ বুকুত থকা আই এন এছ বিক্ৰান্তলৈকে বীৰ জোৱানসকলৰ সৈতে উদযাপন কৰা প্ৰতিটো  দীপাৱলী মোৰ বাবে স্মৰণীয় হৈ আহিছে।

মোৰ বীৰ জোৱানসকল,

এইবাৰ মই দীপাৱলী উদযাপন কৰিবলৈ বাস্তাৰৰ অৰণ্যলৈ আহিছোঁ, আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া সেই ভূমি, য’ত এসময়ত নক্সালবাদী সন্ত্ৰাসৰ ভয়ংকৰ প্ৰভাৱ আছিল। কিন্তু আপোনালোকৰ ত্যাগ আৰু তপস্যাৰ ফলত আজি সেই একেখন ভূমিতে নক্সালবাদী সন্ত্ৰাসৰ অৱসান ঘটিছে আৰু উন্নয়নৰ নতুন জোৱাৰ আৰম্ভ হৈছে।

বন্ধুসকল,

২০২৬ চনৰ এই দীপাৱলী সঁচাকৈয়ে বিশেষ। প্ৰায় ৪০-৫০ বছৰৰ পাছত আপোনালোকৰ বাবে এনে এক দীপাৱলী আহিছে। এয়া প্ৰথম দীপাৱলী, যেতিয়া দেশে নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসৰ বিৰুদ্ধে দশকজোৰা যুঁজত বিজয় সাব্যস্ত কৰিছে। এয়া প্ৰথম দীপাৱলী, যেতিয়া দেশৰ প্ৰতিটো জিলা নক্সালবাদৰ পৰা মুক্ত হৈছে। এয়া প্ৰথম দীপাৱলী, যেতিয়া কোটি কোটি দেশবাসীয়ে নক্সালবাদৰ ভয়ক পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

এয়া এক অসাধাৰণ সফলতা। এই সফলতাৰ বাবে আপোনালোকৰ, আপোনালোকৰ দৰে লাখ লাখ বীৰ জোৱান, পুৰুষ-মহিলা আৰু নিৰাপত্তাৰক্ষীৰ অৱদান সৰ্বাধিক। সেয়েহে আজি মই আপোনালোকৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ আহিছোঁ। লগতে ১৪০ কোটি দেশবাসীৰ হৈ আপোনালোকৰ ত্যাগ, সমৰ্পণ আৰু সেৱাৰ মনোভাৱৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈও আহিছোঁ।

বন্ধুসকল,

আমাৰ দূৰদৰ্শী পূৰ্বপুৰুষসকলে কৈ গৈছে —

‘আভ্যন্তৰং ভয়ং ৰক্ষ্যম্, অসাৰং বাহ্যতো ভয়ম্।’

অৰ্থাৎ, যেতিয়া এখন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী হয়, তেতিয়া বাহিৰৰ শত্ৰুৱে একো কৰিব নোৱাৰে। কিন্তু আভ্যন্তৰীণ নিৰাপত্তা দুৰ্বল হ’লে বাহিৰৰ শত্ৰুৱেও মূৰ দাঙি উঠিবলৈ সাহস কৰে।

সেয়েহে, সীমান্তত আমাৰ সেনাবাহিনীৰ যি ভূমিকা, দেশৰ ভিতৰত আপোনালোক নিৰাপত্তাৰক্ষীসকলৰো একেই ভূমিকা। দেশৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে আপোনালোকে অগণন ত্যাগ স্বীকাৰ কৰিছে। আপোনালোকে অপৰিসীম ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছে।

দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত নিৰাপত্তা বাহিনী, আমাৰ চি আৰ পি এফ, কোব্ৰা, বি এছ এফ, আই টি বি পি, এছ এছ বি, আই আৰ বি আৰু ৰাজ্যসমূহৰ আৰক্ষীৰ প্ৰতিগৰাকী জোৱান, বাস্তাৰ ফাইটাৰ্ছৰ দৰে বিশেষ বাহিনীৰ কমাণ্ডো, মহিলা যোদ্ধাসকলৰ সেৱাৰ বাবে দেশ আপোনালোকৰ ওচৰত ঋণী। কোটি কোটি দেশবাসীয়ে আপোনালোকক লৈ গৌৰৱ কৰে।

কৃতজ্ঞতা আৰু আপোনত্বৰ এই অনুভূতিৰে মই আপোনালোক সকলোকে, যিসকল য’তেই কৰ্তব্যত নিয়োজিত হৈ আছে, সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে দেশৰ সীমান্তত ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে নিয়োজিত আমাৰ জোৱানসকলকো দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

মাওবাদী সন্ত্ৰাস আৰু নক্সালবাদৰ বিৰুদ্ধে যুঁজা এই যুঁজ সহজ নাছিল। এটা সময়ত দেশৰ প্ৰায় ২০খন ৰাজ্যৰ ২৩০খনতকৈও অধিক জিলা নক্সালবাদৰ কবলত আছিল। নক্সালবাদৰ প্ৰভাৱত থকা অঞ্চলসমূহত সন্ধিয়া হোৱাৰ লগে লগে জনজীৱন স্তব্ধ হৈ পৰিছিল। মানুহৰ বাবে ঘৰৰ বাহিৰলৈ ওলোৱাটোও অসম্ভৱ হৈ পৰিছিল। আনকি নক্সালবাদীসকলে মানুহৰ পৰা ভোটদানৰ অধিকাৰো কাঢ়ি লৈছিল।

বিহাৰ, মহাৰাষ্ট্ৰ, ওড়িশা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু চত্তীশগড়ৰ দৰে দেশৰ এক বৃহৎ অংশ বাওঁপন্থী উগ্ৰবাদৰ কবলত আছিল। হাজাৰ হাজাৰ গাঁও, কোটি কোটি জনসংখ্যা, এবছৰত দুই হাজাৰ পৰ্যন্ত নক্সালবাদী আক্ৰমণ সংঘটিত হৈছিল।

আপোনালোকে মনত পেলাওক, ২০১০ চনত ইয়াৰ সমীপৱৰ্তী দান্তেৱাড়াত নক্সালবাদীসকলৰ সৈতে হোৱা সংঘৰ্ষত চি আৰ পি এফৰ  ৭৬গৰাকী নিৰাপত্তাৰক্ষী শ্বহীদ হৈছিল। ২০১০ চনতে দান্তেৱাড়াত সংঘটিত আন এটা ঘটনাত ৪৪গৰাকী নিৰ্দোষী নাগৰিকক হত্যা কৰা হৈছিল। এই ভূমি আমাৰ বীৰসকলৰ তেজেৰে ৰাঙলী হৈ পৰিছিল।

কিন্তু ৰাজপ্ৰাসাদত বাস কৰা কোনো নামী-দামী নেতাৰ মুখৰ পৰা সেই সময়ত দুখৰ সমভাগী হৈ মাত দিয়া  শুনিবলৈ পোৱা নগ’ল। তেওঁলোকৰ চকুৰ পৰা এটোপাল চকুলোও ওলোৱা নাছিল। প্ৰতিদিনে দেশৰ কোনো নহয় কোনো ঠাইত এনে আক্ৰমণ সংঘটিত হৈ আছিল। দশকজুৰি এই ধাৰা অব্যাহত আছিল। এই সময়ছোৱাত কেৱল চত্তীশগড়তে এহাজাৰতকৈও অধিক জোৱানে দেশৰ বাবে প্ৰাণ আহুতি দিছিল। আই ই ডি বিস্ফোৰণত বহু জোৱানে হাত-ভৰি হেৰুৱাবলগীয়া হৈছিল।

২০০৪ চনৰ পৰা ২০১৩ চনলৈকে পৰিসংখ্যা চালে দেখা যাব যে প্ৰতিবছৰে যিমানসংখ্যক নক্সালবাদী নিহত হৈছিল, তাতোকৈ অধিক সংখ্যক আমাৰ বীৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছিল। নক্সালবাদী সংগঠনসমূহৰ নেতাসকলে ইয়াক নিজৰ বিজয় বুলি গণ্য কৰিছিল আৰু আনন্দ-উল্লাস কৰিছিল।

দুৰ্ভাগ্যজনকভাৱে, সেই সময়ৰ চৰকাৰসমূহে নক্সালবাদক নিৰাময়হীন ৰোগ বুলি ভাবি ইয়াক  তেনেদৰেই এৰি দিছিল। মোৰ জনজাতীয় পৰিয়ালসমূহক তেওঁলোকৰ ভাগ্যৰ ওপৰত এৰি দিয়া হৈছিল। যেন এই পৰিস্থিতি এনেদৰেই চলি থাকিব, গুলীচালনা হৈ থাকিব, জোৱানৰ মৃত্যু হৈ থাকিব আৰু সাধাৰণ নাগৰিক অত্যাচাৰৰ বলি হৈ থাকিব — এনেদৰেই সকলো কথা  মানি লোৱা হৈছিল।

বন্ধুসকল,

কোনো এখন দেশে শত্ৰুৰ বিৰুদ্ধে ‘এনেদৰেই চলি থাকিব’— এনে মনোভাৱেৰে আগবাঢ়িব নোৱাৰে। দেশক আগুৱাই নিবলৈ হ’লে শত্ৰুক দৃঢ় সাহসেৰে, সুপৰিকল্পিত কৌশলেৰে পৰাস্ত কৰিবই লাগিব। ইয়াৰ বাবে দেশত যি ৰাজনৈতিক সদিচ্ছাৰ অভাৱ আছিল, ২০১৪ চনত সেই অভাৱ দূৰ হৈছিল।

আপোনালোকে এই সেৱকক ভাৰত মাতাৰ সেৱা কৰাৰ সুযোগ দিছিল। আমি দেখিলোঁ, ২০১৪ চনৰ পাছৰে পৰা পৰিস্থিতিৰো পৰিৱৰ্তন হ’বলৈ ধৰিলে আৰু পৰিসংখ্যাও সলনি হ’বলৈ ধৰিলে।

আমাৰ দেশত সদায় নক্সালবাদীৰ তুলনাত অধিক সংখ্যক জোৱানৰ মৃত্যুৰ কথা চৰ্চা হৈ আহিছিল। কিন্তু ৪৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে, য’ত বিগত এটা বছৰত কৰ্তব্যৰত অৱস্থাত চি আৰ পি এফৰ এজনো জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই।

এয়া দেশৰ সঠিক নীতি আৰু দৃঢ় ৰাজনৈতিক সদিচ্ছাৰ বিজয়। এয়া আপোনালোকৰ বিজয়। মই পুনৰ কওঁ, এয়া আপোনালোকৰ বীৰত্ব, সাহস আৰু সংযমৰ বিজয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

বীৰ জোৱানসকলৰ জয় হওক।

আমাৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ জোৱানসকলে প্ৰতিকূল পৰিস্থিতিৰ মাজতো নিজৰ কৰ্তব্যত অটল হৈ থাকিল। এয়া তেওঁলোকৰ কৰ্তব্যনিষ্ঠাৰেই বিজয়।

বন্ধুসকল,

সফলতাৰ বাবে সঠিক উদ্দেশ্য আৰু সঠিক নীতিৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আমি এটাৰ পাছত এটাকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এনে বহু পদক্ষেপো গ্ৰহণ কৰা হৈছে, যিবোৰৰ বিষয়ে আজিও বহু লোক অৱগত নহয়।

এই সিদ্ধান্ত আৰু প্ৰচেষ্টাৰ জৰিয়তে নক্সালবাদী আৰু বিচ্ছিন্নতাবাদীসকলৰ পুঁজি যোগান ব্যৱস্থাত বৃহৎ আঘাত হনা হৈছে। জাল মুদ্ৰাৰ চক্ৰটো ধ্বংস কৰা হৈছে। ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক মেৰুদণ্ড কেৱল দুৰ্বল হোৱাই নহয়, সমগ্ৰ যোগান ব্যৱস্থাও স্তব্ধ হৈ পৰিছে। ফলত অস্ত্ৰ-শস্ত্ৰৰ যোগান বন্ধ হৈছে, নক্সালবাদীসকলৰ চলাচল আৰু নতুন সদস্য নিযুক্তিৰ বিষয়টো  নিয়ন্ত্ৰণ  কৰাটোও সম্ভৱ হৈছে।

বন্ধুসকল,

পূৰ্বৰ চৰকাৰসমূহে যুঁজ দি থকা নিৰাপত্তাৰক্ষীসকলৰ হাতো বান্ধি ৰাখিছিল। নক্সালবাদী আক্ৰমণ হৈ আছিল, কিন্তু নিৰাপত্তাৰক্ষীসকলৰ মুক্তভাৱে প্ৰত্যাক্ৰমণ কৰাৰ স্বাধীনতা নাছিল। আমি নিৰাপত্তা বাহিনীক প্ৰয়োজনীয় সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ স্বাধীনতা প্ৰদান কৰিছোঁ। পূৰ্বে চৰকাৰ আৰু প্ৰশাসন ব্যৱস্থাৰ ভিতৰত থকা একাংশ লোকৰ পৰা বাওঁপন্থী উগ্ৰবাদীসকলে যি সমৰ্থন লাভ কৰিছিল, সেয়াও বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বন্ধুসকল,

আমি এক বৃহৎ লক্ষ্য আগত ৰাখি আগবাঢ়িছিলোঁ। আমাৰ লক্ষ্য আছিল — কোনো মাতৃৰ কোলাই যাতে উদং নহয়, কোনো পৰিয়াল ধ্বংসৰ ঘূৰ্ণাবৰ্তত যাতে পৰিবলগীয়া নহয়, কোনো শিশুৱে অস্ত্ৰ হাতত তুলি হিংসাৰ পথত যাতে ভৰি দিবলগীয়া নহয় আৰু কোনো যুৱকৰ ভৱিষ্যৎ যাতে ধ্বংস নহয়। সেয়েহে এই লক্ষ্য পূৰণ নোহোৱালৈকে আমি সংকল্পবদ্ধভাৱে নিৰন্তৰ কাম কৰি গৈছিলোঁ। কোনো প্ৰচাৰ-প্ৰসাৰ নাছিল, কোনো কাম লোকক দেখুওৱা কাম নাছিল। আমি সংবেদনশীলতাৰে কাম কৰি মাওবাদী সন্ত্ৰাসৰ মেৰুদণ্ড ভাঙি পেলালোঁ।

আমি সেৱাৰ মনোভাৱেৰে নক্সালবাদী প্ৰভাৱান্বিত অঞ্চলসমূহৰ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিলোঁ। সেইবাবেই নক্সালবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলেও চৰকাৰ আৰু নিৰাপত্তা বাহিনীৰ কাষত দৃঢ়তাৰে থিয় দিলে।

আজি ইয়াত এনে বহু নাগৰিকো উপস্থিত আছে, যিসকলে এই বৃহৎ যুঁজত বিজয়ী হোৱাত যথেষ্ট সহযোগিতা আগবঢ়াইছে। মই তেওঁলোক সকলোলৈও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আমি যেতিয়া ‘ৰাষ্ট্ৰ প্ৰথম’ৰ মনোভাৱেৰে কাম কৰোঁ, তেতিয়া দেশৰ শান্তি আৰু নিৰাপত্তা সুনিশ্চিত হোৱাৰ লগতে দেশে উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। একে সময়তে প্ৰতিগৰাকী দৰিদ্ৰ আৰু বঞ্চিত লোকৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণৰ সুযোগো বৃদ্ধি পায়। সেয়েহে বিগত ১২ বছৰত দেশে কেৱল নক্সালবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে যুঁজতেই বিজয় সাব্যস্ত কৰা নাই, দৰিদ্ৰতাৰ বিৰুদ্ধেও এক বৃহৎ যুঁজত জয়লাভ কৰিছে।

বন্ধুসকল,

এইবাৰৰ দীপাৱলীৰ ঠিক আগমুহূৰ্তত এনে এটা খবৰ আহিছিল, যিটো সমগ্ৰ দেশ আৰু বিশ্বতে চৰ্চিত হৈছে। কেইদিনমান পূৰ্বে বিশ্ব বেংকে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে বিগত ১২ বছৰত ভাৰতত ৫০ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে।

দশকজুৰি ‘দৰিদ্ৰতা দূৰীকৰণ’ৰ শ্লোগানেৰে যি কাম কৰিব পৰা নগ’ল, মাত্ৰ ১২ বছৰৰ ভিতৰতে দেশে সেই কাম কৰি দেখুৱাইছে। আপোনালোকে কল্পনা কৰক, এয়া কিমান ডাঙৰ সফলতা ! ভাবি চাওকচোন, এয়া কেনেকৈ সম্ভৱ হ’ল?

বন্ধুসকল,

আমি দীপাৱলীৰ সময়ত ৰংগোলী আঁকো। প্ৰথমে ৰংগোলীৰ কেইডালমান আঁচ টনা হয়। আৰম্ভণিৰ আঁচ আৰু আকৃতিবোৰ সৰু আৰু পৃথক পৃথক যেন লাগে। কিন্তু ক্ৰমান্বয়ে সেই সৰু সৰু অংশবোৰ একেলগ হোৱাৰ পাছত এখন সুন্দৰ ছবি গঢ় লৈ উঠে । বিগত ১২ বছৰত ভাৰততো একেই পৰিৱৰ্তন ঘটিছে। আমি দৰিদ্ৰৰ কল্যাণৰ বাবে এনে একাধিক আঁচনিৰ সমন্বয়েৰে এখন সুন্দৰ ৰংগোলী সৃষ্টি কৰিছোঁ, যিয়ে দৰিদ্ৰ লোকসকলক ক্ৰমাগতভাৱে শক্তিশালী কৰি তুলিছে।

জনধন যোজনাৰ জৰিয়তে কোটি কোটি লোকক বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে কোটি কোটি পৰিয়ালে পকী ঘৰ লাভ কৰিছে। মুদ্ৰা যোজনাৰ অধীনত মানুহক কোনো জামিন অবিহনেই ঋণ প্ৰদান কৰা হৈছে।

স্বনিধি যোজনাৰ জৰিয়তে পদপথত আৰু ঠেলা-গাড়ীত ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলকো সহায় আগবঢ়োৱা হৈছে। তেওঁলোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ লাভ কৰিছে।

আয়ুষ্মান ভাৰত যোজনাৰ অধীনত দৰিদ্ৰ লোকসকলক বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰা হৈছে। কোটি কোটি পৰিয়ালক প্ৰতিমাহে বিনামূলীয়া ৰেচন প্ৰদান কৰা হৈছে। শিশুসকলৰ শিক্ষাৰ বাবে বিভিন্ন নীতি গ্ৰহণ কৰা হৈছে।

অৰ্থাৎ, প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে বিনামূলীয়া ঔষধ, বিনামূলীয়া শিক্ষা আৰু বিনামূলীয়া খাদ্যৰ ব্যৱস্থা আমি সুনিশ্চিত কৰিছোঁ। কেৱল সেয়াই নহয়, স্বচ্ছ ভাৰত অভিযান আৰু হৰ ঘৰ জলৰ দৰে আঁচনিয়ে মানুহৰ জীৱনৰ মৌলিক সমস্যাসমূহো দূৰ কৰিছে। ইয়াৰ ফলস্বৰূপে আজি কোটি কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। যিবোৰ পৰিয়ালে পূৰ্বে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি দৰিদ্ৰতাক উত্তৰাধিকাৰ হিচাপে লাভ কৰিছিল, সেই পৰিয়ালসমূহে এতিয়া উত্তৰাধিকাৰসূত্ৰে এক উন্নত ভৱিষ্যতৰ ভেটি লাভ কৰিছে। যিবোৰ দৰিদ্ৰ পৰিয়ালৰ জীৱন কেৱল চিন্তা আৰু উদ্বিগ্নতাৰ মাজতে পাৰ হৈছিল, সেই পৰিয়ালসমূহে এতিয়া চৰকাৰৰ ওপৰত আস্থা লাভ কৰিছে আৰু তেওঁলোকৰ মাজত নতুন আত্মবিশ্বাসৰ সৃষ্টি হৈছে।

বন্ধুসকল,

দৰিদ্ৰতাৰ বিৰুদ্ধে এই বৃহৎ বিজয়ৰ সৈতে নক্সালবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে দেশৰ যুঁজৰো এক গভীৰ সম্পৰ্ক আছে। বাস্তাৰৰ মানুহ আৰু আপোনালোক সকলোৱে জানে যে য’তেই নক্সালবাদীসকলৰ প্ৰভাৱ আছিল, তাতেই তেওঁলোকৰ প্ৰথম লক্ষ্য আছিল উন্নয়ন স্তব্ধ কৰা আৰু সাধাৰণ মানুহৰ জীৱন বিপৰ্যস্ত কৰা।

শিশুসকলৰ বাবে বিদ্যালয় স্থাপন কৰিবলৈ দিয়া হোৱা নাছিল। বিদ্যালয়সমূহত অগ্নিসংযোগ কৰা হৈছিল। ৰোগীসকলৰ বাবে চিকিৎসালয় নিৰ্মাণ কৰিবলৈ দিয়া হোৱা নাছিল। চিকিৎসকসকলক সেই অঞ্চলত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল। জীৱন ৰক্ষাৰ বাবে ঔষধৰ দোকানৰ দৰে মৌলিক সুবিধাও স্থাপন কৰিবলৈ দিয়া হোৱা নাছিল।

এই নক্সালবাদীসকলে আমাৰ শিশুসকলক পলিঅ’ৰ প্ৰতিষেধক পৰ্যন্ত ল’বলৈ দিয়া নাছিল। মোবাইল টাৱাৰ স্থাপনতো বাধা দিছিল। ৰে’লপথত বোমা সংস্থাপন কৰি বিস্ফোৰণ ঘটোৱাৰ দৰে ঘটনাও সংঘটিত কৰিছিল। উদ্যোগ-কাৰখানা স্থাপনতো বাধা প্ৰদান কৰিছিল।

আপোনালোকে বছৰ বছৰ ধৰি এই সকলোবোৰ দেখি আহিছে। ইয়াৰ ফলত লাখ লাখ দৰিদ্ৰ নিৰ্দোষী নাগৰিক, মোৰ ভাই-ভনী আৰু যুৱক-যুৱতীসকলে উন্নয়নৰ সুযোগৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। তেওঁলোকৰ জীৱন দৰিদ্ৰতাৰ চাকনৈয়াৰ পৰা ওলাই আহিব পৰা নাছিল।

সেয়েহে আমি যেতিয়া নক্সালবাদৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছিলোঁ, তেতিয়াই নক্সালবাদী প্ৰভাৱিত অঞ্চলসমূহৰ উন্নয়নৰ বাবেও বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ। বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহত আমি ১৫ হাজাৰ কিলোমিটাৰতকৈও অধিক পথ নিৰ্মাণ কৰিছোঁ। নিৰাপত্তাৰ সকলো ব্যৱস্থা সুনিশ্চিত কৰিহে এই পথসমূহ নিৰ্মাণ কৰা হৈছে। এই অঞ্চলসমূহত ৯ হাজাৰ ৫০০টাতকৈও অধিক মোবাইল টাৱাৰ স্থাপন কৰা হৈছে। জনজাতীয় শিশুসকলৰ শিক্ষাৰ বাবে প্ৰায় ১৭৫খন একলব্য বিদ্যালয় স্থাপন কৰা হৈছে। যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সৈতে সংযুক্ত কৰিবলৈ প্ৰায় ৫০খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই) স্থাপন কৰা হৈছে। প্ৰায় ৫০টা দক্ষতা বিকাশ কেন্দ্ৰও স্থাপন কৰা হৈছে। হাজাৰ হাজাৰ ডাকঘৰ, বেংকৰ শাখা আৰু এটিএম স্থাপন কৰা হৈছে। অতি পিছপৰা জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী জনমন যোজনা আৰম্ভ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে হাজাৰ হাজাৰ দুৰ্গম গাঁৱত প্ৰথমবাৰৰ বাবে খোৱাপানী, বিদ্যুৎ আৰু পথৰ দৰে মৌলিক সুবিধা উপলব্ধ কৰা হৈছে। কেৱল সেয়াই নহয়, আত্মসমৰ্পণ কৰা নক্সালবাদীসকলকো নতুন জীৱন আৰম্ভ কৰাৰ সুযোগ দিয়া হৈছে। তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে।

বন্ধুসকল,

‘সবকা সাথ, সবকা বিকাশ’ৰ এই অভিযানে দৰিদ্ৰতাৰ বিৰুদ্ধে দেশৰ যুঁজত নতুন শক্তি আৰু আত্মবিশ্বাসৰ সঞ্চাৰ কৰিছে। সেয়েহে আজি এফালে ৫০ কোটি লোক চৰম দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে, আনফালে দেশত নক্সালবাদী হিংসাৰো অৱসান ঘটিছে। আপোনালোকে বাস্তৰৰ কথাই ধৰক, আজি সেই একেখন বাস্তাৰতে বাস্তাৰ অলিম্পিক অনুষ্ঠিত হৈছে। শিশুসকলে এতিয়া বন্দুকৰ পৰিৱৰ্তে ক্ৰীড়াৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে।

বন্ধুসকল,

এই সফলতাসমূহৰ মাজতে আমি আন এটা কথা মনত ৰাখিব লাগিব। নক্সালবাদীসকলৰ অৱসান ঘটিছে যদিও বিপদ সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই। অৰণ্যৰ পৰা অস্ত্ৰধাৰী নক্সালবাদীসকলৰ অৱসান ঘটিছে, কিন্তু মানসিকতাৰ ফালৰ পৰা নক্সালবাদীসকলে বহু সংগঠন দখল কৰি ৰাখিছে। তেওঁলোকে আজিও দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ বিৰুদ্ধে মানুহক উচটনি দি আছে। বিভিন্ন ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনৰ মাজতো এই মানসিকতাৰ নক্সালবাদীসকলে নিজৰ প্ৰৱেশ ঘটাইছে। আমি তেওঁলোকক চিনাক্ত কৰিব লাগিব, পৰাস্ত কৰিব লাগিব আৰু দেশক সুৰক্ষিত কৰিব লাগিব।

বন্ধুসকল,

আজিৰ এই সফলতাসমূহে আমাক অনুপ্ৰেৰণা যোগায়, কিন্তু এয়াই আমাৰ যাত্ৰাৰ শেষ নহয়। মই পুনৰ কওঁ, এয়াই যাত্ৰাৰ শেষ নহয়।  এই বিজয় আৰু সফলতাসমূহ নতুন উৰণৰ বাবে একোখন মঞ্চহে। এই নতুন উৰণ হ’ব ৰাষ্ট্ৰৰ সেই সপোনসমূহ বাস্তৱায়িত কৰাৰ বাবে, যিবোৰ সপোন আমাৰ প্ৰজন্মৰ পাছত প্ৰজন্মই শতিকা ধৰি দেখি আহিছে।

এই সপোন সেইসকল স্বাধীনতা সংগ্ৰামীৰ, যিসকলে দেশৰ স্বাধীনতাৰ বাবে অগণন ত্যাগ স্বীকাৰ কৰিছিল। এই সপোন সেইসকল বীৰ সৈনিকৰ, যিসকলে সীমান্তত ভাৰত মাতৃৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। এই সপোন সেইসকল বীৰ জোৱানৰ, যিসকলে নক্সালবাদ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

আপোনালোকে প্ৰতিদিনে এই অনুভূতিৰে জীৱন অতিবাহিত কৰে —

“হে মাতৃ, তোমাৰ গৌৰৱ চিৰ অমৰ হৈ ৰওক।

হে মাতৃ, তোমাৰ গৌৰৱ চিৰ অমৰ হৈ ৰওক।

আমি চাৰিদিন জীয়াই থাকোঁ বা নাথাকোঁ,

তোমাৰ গৌৰৱ চিৰ অমৰ হৈ ৰওক।”

এতিয়া সময় আহিছে, আপোনালোকৰ এই অনুভূতি নতুন আত্মবিশ্বাসলৈ ৰূপান্তৰিত কৰাৰ। এতিয়া সময় হৈছে ৰাষ্ট্ৰৰ বাবে জীয়াই থকাৰ, ৰাষ্ট্ৰক উন্নয়নৰ নতুন শিখৰলৈ লৈ যোৱাৰ।

বন্ধুসকল,

আমাৰ দেশে যি সংকল্প গ্ৰহণ কৰে, সেই সংকল্প পূৰণ কৰাৰ সামৰ্থ্যও দেশৰ আছে। আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰিম। আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰি দেখুৱালোঁ। আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে প্ৰতিটো ঘৰতে শৌচাগাৰ নিৰ্মাণ কৰিম। আমি শৌচাগাৰ নিৰ্মাণ কৰি দেখুৱালোঁ। টিকাকৰণৰ পৰিসৰ বৃদ্ধি কৰাৰ কথা কৈছিলোঁ, সেই প্ৰতিশ্ৰুতিও পূৰণ কৰিছোঁ। সেয়েহে আজি যেতিয়া আমি দৰিদ্ৰতা দূৰ কৰাৰ কথা কওঁ, যেতিয়া আমি ড্ৰাগছমুক্ত ভাৰত আৰু নিচামুক্ত ভাৰতৰ কথা কওঁ, যেতিয়া আমি বিকশিত ভাৰতৰ কথা কওঁ, যেতিয়া আমি আত্মনিৰ্ভৰ ভাৰতৰ কথা কওঁ, তেতিয়া দেশখনে এই লক্ষ্যসমূহো নিশ্চয়কৈ পূৰণ কৰিব। আমি নিজৰ চকুৰ সন্মুখতে এই সপোনসমূহ বাস্তৱায়িত হোৱা দেখিব লাগিব।

মোৰ আপোনালোকৰ ওপৰত বিশ্বাস আছে। মোৰ দেশৰ যুৱশক্তিৰ ওপৰত বিশ্বাস আছে। মোৰ দেশবাসীৰ ওপৰত বিশ্বাস আছে। দেশে নিশ্চয়কৈ নিজৰ এই লক্ষ্যত উপনীত হ’ব। আপোনালোকৰ ত্যাগ আৰু পৰিশ্ৰমে বিকশিত ভাৰতৰ বিশাল ভৱন নিৰ্মাণৰ বাবে এক শক্তিশালী ভেটি হিচাপে কাম কৰিব। এই বিশ্বাসেৰে মই পুনৰ এবাৰ আপোনালোক সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

আপোনালোক সকলোকে অশেষ ধন্যবাদ।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

অশেষ ধন্যবাদ।

 

****

MJPS/SS/VJ/ST/DM


(ৰিলিজ আই ডি : 2334208) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati