স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে এবি পিএম-জেএৱাই আৰু এবিডিএমৰ অগ্ৰগতি পৰ্যালোচনা কৰে; ৰূপায়ণ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ বাবে কাৰ্যপদ্ধতি প্ৰস্তুত

স্বাস্থ্যসেৱাত ব্যয় কৰা প্ৰতিটো টকাই যাতে আমাৰ জনসাধাৰণৰ উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰে: এনএইছএৰ মুখ্য কাৰ্যবাহী বিষয়া ড° সুনীল কুমাৰ বাৰ্ণৱাল

কেৱল চিকিৎসাৰ বিত্তীয় সাহায্যৰ পৰিৱৰ্তে উন্নত স্বাস্থ্যজনিত ফলাফল লাভ কৰাতহে অধিক গুৰুত্ব দিব লাগিব: এনএইছএৰ মুখ্য কাৰ্যবাহী বিষয়া

পশ্চিমবংগত সূচনাৰে পৰা এতিয়ালৈকে এবি পিএম-জেএৱাইৰ অধীনত ৪.২ কোটি হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত আৰু ২.২ লাখ লোকক চিকিৎসা প্ৰদান: পশ্চিমবংগ চৰকাৰৰ মুখ্য সচিব শ্ৰী মনোজ কুমাৰ আগৰৱালা

দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকত হিতাধিকাৰীৰ পৰিসৰ বৃদ্ধি, স্বাস্থ্যসেৱা প্ৰদান, বিত্তীয় সুৰক্ষা আৰু ডিজিটেল স্বাস্থ্য সেৱাৰ সংযোজন সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ

পোষ্ট কৰা হৈছে: 06 NOV 2026 4:34PM by PIB Guwahati

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ চমুকৈ এনএইছএ-য়ে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা চমুকৈ এবি পিএম-জেএৱাই আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছন চমুকৈ এবিডিএমৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ আৰু আগন্তুক পৰ্যায়ত এইবোৰৰ ৰূপায়ণ শক্তিশালী কৰাৰ অগ্ৰাধিকাৰ তথা কৌশলসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে ৫–৬ নৱেম্বৰ ২০২৬ তাৰিখে কলকাতাত এখন দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠক আহ্বান কৰে।

এই বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জ্যেষ্ঠ বিষয়াসকল একত্ৰিত হৈ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা চমুকৈ এবি পিএম-জেএৱাই আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছন চমুকৈ এবিডিএমৰ ৰূপায়ণ তথা অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত বছৰসমূহত এই ধ্বজ্বাবাহী পদক্ষেপসমূহ শক্তিশালী কৰাৰ অগ্ৰাধিকাৰ আৰু কৌশলসমূহৰ ওপৰত আলোচনা কৰে।

বৈঠকখনে কেন্দ্ৰ আৰু ৰাজ্যসমূহক আঁচনিৰ প্ৰদৰ্শন মূল্যায়ন কৰিবলৈ, ৰূপায়ণৰ অভিজ্ঞতা বিনিময় কৰিবলৈ আৰু এই পদক্ষেপ দুটাৰ প্ৰসাৰ, কাৰ্যক্ষমতা তথা প্ৰভাৱ বৃদ্ধিৰ বাবে ব্যৱস্থাসমূহ চিনাক্ত কৰাৰ এক মঞ্চ প্ৰদান কৰে। আলোচনাত মূলতঃ হিতাধিকাৰীৰ পৰিসৰ বৃদ্ধি, স্বাস্থ্যসেৱা প্ৰদান সুদৃঢ় কৰা, বিত্তীয় সুৰক্ষা নিশ্চিত কৰা আৰু ডিজিটেল স্বাস্থ্য সেৱাৰ গ্ৰহণ ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কাৰ্যক্ষমতা, স্বচ্ছতা, দায়বদ্ধতা আৰু স্বাস্থ্যজনিত ফলাফল উন্নত কৰিবলৈ প্ৰযুক্তি, তথ্য বিশ্লেষণ, স্বয়ংক্ৰিয়কৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এআইৰ সদ্ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।

সমবেত ব্যক্তিসকলক সম্বোধন কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া ড° সুনীল কুমাৰ বাৰ্ণৱালে ৰাষ্ট্ৰীয় এবি পিএম-জেএৱাই মঞ্চৰ সৈতে সংযুক্ত হোৱাৰ পাছত পশ্চিমবংগই লাভ কৰা অগ্ৰগতিৰ কথা উল্লেখ কৰে, য’ত অতি কম সময়ৰ ভিতৰতে চাৰি কোটিৰো অধিক আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা হৈছে। তেওঁ কয় যে ৰূপায়ণৰ পৰৱৰ্তী পৰ্যায়ত এই ব্যাপক পৰিসৰৰ সফলতাক হিতাধিকাৰীসকলৰ বাবে গুণগত মানসম্পন্ন স্বাস্থ্যসেৱাৰ সহজলভ্যতা আৰু উন্নত স্বাস্থ্যজনিত ফলাফললৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব।

 

“স্বাস্থ্যসেৱাত ব্যয় কৰা প্ৰতিটো টকাই যাতে আমাৰ জনসাধাৰণৰ উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰে। প্ৰযুক্তি, তথ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাই আঁচনিৰ ৰূপায়ণ শক্তিশালী কৰিব পাৰে, কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু অধিক তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণত সহায় কৰিব পাৰে। আমি যিমানেই আগবাঢ়িম, আমাৰ মূল লক্ষ্য কেৱল চিকিৎসাৰ বিত্তীয় সাহায্য প্ৰদানৰ পৰিৱৰ্তে হিতাধিকাৰীসকলৰ বাবে উন্নত স্বাস্থ্যজনিত ফলাফল লাভ কৰাৰ দিশে অধিক স্থানান্তৰিত হ’ব লাগিব,” তেওঁ কয়।

এই উপলক্ষে ভাষণ দি পশ্চিমবংগ চৰকাৰৰ মুখ্য সচিব শ্ৰী মনোজ কুমাৰ আগৰৱালাই এবি পিএম-জেএৱাইৰ অধীনত বিত্তীয় সুৰক্ষাৰ সমান্তৰালভাৱে প্ৰাথমিক স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এই আঁচনিয়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত যোগ্য পৰিয়ালসমূহক আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ বিপৰীতে প্ৰতিৰোধমূলক যত্ন, ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু চিকিৎসালয়ৰ ওপৰত থকা বোজা হ্ৰাস কৰাৰ বাবে এক শক্তিশালী প্ৰাথমিক স্বাস্থ্যসেৱা ব্যৱস্থা অপৰিহাৰ্য।

“স্বাস্থ্যসেৱাৰ খৰচে কোনো এটা পৰিয়ালক দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিয়াটো অনুচিত। প্ৰতিটো যোগ্য পৰিয়ালৰ বাবে স্বাস্থ্যসেৱাৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এবি পিএম-জেএৱাই এক যুগান্তকাৰী পদক্ষেপ। একে সময়তে চিকিৎসালয়সমূহৰ ওপৰত বোজা হ্ৰাস কৰিবলৈ আৰু স্বাস্থ্যজনিত ফলাফল উন্নত কৰিবলৈ প্ৰাথমিক স্বাস্থ্যসেৱা শক্তিশালী কৰাটো অত্যন্ত জৰুৰী। পশ্চিমবংগ এই আঁচনিৰ ৰূপায়ণ অধিক শক্তিশালী, সৰ্বাংগীণ আৰু জনমুখী কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ,” তেওঁ এনেদৰে কয়।

পশ্চিমবংগ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব শ্ৰী নাৰায়ণ স্বৰূপ নিগমে উল্লেখ কৰে যে পশ্চিমবংগ ৩৬ সংখ্যক ৰাজ্য হিচাপে এবি পিএম-জেএৱাইত অন্তৰ্ভুক্ত হৈছে। ২০২৬ চনৰ ১৬ আগষ্টত ৰাজ্যখনত এই আঁচনি আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ৪.২ কোটি হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে আৰু ২.২ লাখ লোকে এই আঁচনিৰ অধীনত চিকিৎসা লাভ কৰিছে। তেওঁ কয় যে এবি পিএম-জেএৱাই আৰু এবিডিএমে স্বাস্থ্যসেৱাৰ ৰূপান্তৰৰ দুটা পৰিপূৰক স্তম্ভক প্ৰতিনিধিত্ব কৰে, যিয়ে বিত্তীয় সুৰক্ষা আৰু ডিজিটেল সবলীকৰণক একত্ৰিত কৰে।

উদ্বোধনী অধিৱেশনত এনএইছএৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী আশিস মাধৱ ৰাও; যুটীয়া সচিব তথা এবিডিএমৰ মিছন সঞ্চালক শ্ৰী কিৰণ গোপাল ভাস্কা; এনএইছএৰ এবিডিএমৰ যুটীয়া সচিব তথা মিছন সঞ্চালিকা শ্ৰীমতী বৰ্ণালী ডেকা; আৰু পশ্চিমবংগৰ ৰাজ্যিক স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী শৰদ দ্বিবেদীৰ লগতে এনএইছএৰ জ্যেষ্ঠ বিষয়া তথা অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।

আলোচনাৰ এক মূল লক্ষ্য আছিল সকলো যোগ্য হিতাধিকাৰীক এবি পিএম-জেএৱাইৰ অধীনলৈ অনা আৰু আঁচনিখনৰ অধীনত উপলব্ধ সুবিধাসমূহৰ বিষয়ে তেওঁলোকক সঠিকভাৱে অৱগত কৰাটো নিশ্চিত কৰা। এই পৰ্যালোচনাত এবিডিএমৰ অগ্ৰগতিও নিৰীক্ষণ কৰা হয় আৰু স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত ইয়াৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ উপায়সমূহ অন্বেষণ কৰা হয়। স্বাস্থ্যসেৱাসমূহ সহজে লাভ কৰিব পৰাকৈ, হিতাধিকাৰীসকলৰ অভিজ্ঞতা উন্নত কৰিবলৈ আৰু অধিক সংহত তথা ৰোগীকেন্দ্ৰিক স্বাস্থ্য ব্যৱস্থা গঢ়ি তুলিবলৈ এই পদক্ষেপ দুটাৰ সমন্বিত ৰূপায়ণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

বৈঠকত এবি পিএম-জেএৱাইৰ অধীনত দাবী নিষ্পত্তি প্ৰক্ৰিয়া আৰু প্ৰৱঞ্চনা প্ৰতিৰোধ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰতো আলোচনা কৰা হয়। নেচনেল এণ্টি-ফ্ৰড ইউনিট চমুকৈ নাফু আৰু স্বয়ংক্ৰিয় নিষ্পত্তিকৰণ সম্পৰ্কীয় এটি বিশেষ অধিৱেশনত দাবী নিষ্পত্তিত স্বয়ংক্ৰিয়কৰণৰ বৰ্ধিত ব্যৱহাৰৰ পৰ্যালোচনা কৰা হয়, য’ত প্ৰক্ৰিয়াকৰণৰ সময়সীমা, পৰিচালন ব্যয় আৰু নিষ্পত্তিৰ গুণগত মানৰ ওপৰত ইয়াৰ প্ৰভাৱো অন্তৰ্ভুক্ত আছিল। আঁচনিখনৰ ৰূপায়ণত স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰিবলৈ নিয়মীয়া প্ৰৱঞ্চনা পৰ্যালোচনা, ফলপ্ৰসূ নিৰীক্ষণ ব্যৱস্থা আৰু ষ্টেট এণ্টি-ফ্ৰড ইউনিটসমূহৰ প্ৰতিষ্ঠানগত ক্ষমতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব দিয়া হয়।

স্বাস্থ্যসেৱা প্ৰদান ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত ডিজিটেল ৰূপান্তৰৰ গুৰুত্বক স্বীকাৰ কৰি বৈঠকত মডেল ডিজিটেল হেল্থ ফেচিলিটি ফ্ৰেমৱৰ্ক আৰু ত্ৰিপুৰাৰ ৰূপায়ণৰ অভিজ্ঞতা পৰ্যালোচনা কৰা হয়। আলোচনাত স্পষ্ট কৰি দিয়া হয় যে স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ সফল ডিজিটাইজেচনৰ বাবে কেৱল ডিজিটেল সমাধান প্ৰয়োগ কৰাই নহয়, বৰঞ্চ প্ৰতিষ্ঠানগত প্ৰক্ৰিয়াৰ উপযুক্ত পৰিৱৰ্তন, কৰ্মপদ্ধতিৰ পুনৰ্গঠন আৰু স্বাস্থ্যকৰ্মীসকলৰ নিয়মীয়া দক্ষতা বৃদ্ধিৰো প্ৰয়োজন। এনে সংহতিয়ে এবিডিএম-চালিত কৰ্মপদ্ধতিক শক্তিশালী কৰাৰ লগতে এবি পিএম-জেএৱাইৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সঠিক আৰু নিৰ্ভৰযোগ্য তথ্যৰ উপলব্ধতা নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰাত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা আছিল আলোচনাৰ আন এক গুৰুত্বপূৰ্ণ বিষয়। আইআইএছচি বেংগালুৰুৰ টিএএনইউএইচৰ অধ্যাপক ফণীন্দ্ৰ য়ালাভৰ্থীয়ে বেঞ্চমাৰ্কিং অ’পেন ডাটা প্লেটফৰ্ম ফৰ হেল্থ এআই চমুকৈ বোধ উপস্থাপন কৰে, যিয়ে ভাৰতীয় ডাটাছেট ব্যৱহাৰ কৰি স্বাস্থ্য সম্পৰ্কীয় এআই মডেলসমূহৰ মূল্যায়ন আৰু মান নিৰ্ধাৰণ কৰাত সহায় কৰে। ৰাজ্যসমূহক এআই সমাধানসমূহ গ্ৰহণ কৰাৰ পূৰ্বে সেইবোৰৰ কাৰ্যক্ষমতা আৰু উপযোগিতা নিৰ্ণয় কৰিবলৈ এই মঞ্চখন ব্যৱহাৰ কৰিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্যসেৱা এআই ক্ৰয় প্ৰক্ৰিয়াত বোধ-ভিত্তিক মান নিৰ্ধাৰণ অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰা হয়।

বৈঠকত নেচনেল হেলথ্ ক্লেইমছ এক্সচেঞ্জ চমুকৈ এনএইচচিএক্সৰ কাৰ্যকৰীকৰণৰো পৰ্যালোচনা কৰা হয়, য’ত এবি পিএম-জেএৱাই তালিকাভুক্ত চিকিৎসালয়সমূহত ইয়াৰ ফলপ্ৰসূ সংহতিৰ বাবে এবিডিএম-চালিত চিকিৎসালয় তথ্য ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়া হয়। দাবী নিষ্পত্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ আৰু দাবী নিৰ্ণয়ৰ নিখুঁততা তথা গুণগত মান উন্নত কৰাৰ বাবে চিকিৎসালয় আৰু ডিজিটেল সমাধান প্ৰদানকাৰীসকলৰ মাজত অধিক সমন্বয়ক এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা হিচাপে চিনাক্ত কৰা হয়।

তদুপৰি, হেলথ্ এনালাইটিক্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইউনিট চমুকৈ এইছএএইউ-য়ে তথ্যৰ গুণগত মান সম্পৰ্কীয় নিজৰ তথ্য দাখিল কৰে। আলোচনাত তথ্য বিশ্লেষণ আৰু প্ৰমাণভিত্তিক সিদ্ধান্ত গ্ৰহণৰ প্ৰতিষ্ঠানগত ক্ষমতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাৰ অংশ হিচাপে ৰাজ্যসমূহে তথ্যভিত্তিক পৰিকল্পনা আৰু লক্ষ্য নিৰ্ধাৰিত পদক্ষেপসমূহ সফল কৰিবলৈ সমৰ্পিত এনালাইটিক্স আৰু এআই দল গঠনৰ প্ৰতিশ্ৰুতি দিয়ে।

দ্বিতীয় দিনা আলোচনাত মূলতঃ স্বাস্থ্যৰ বিত্তীয় সাহায্যৰ আৰ্হি, স্বাস্থ্য আঁচনিসমূহৰ অভিসৰণ, ডিজিটেল সংহতিৰ সহজলভ্যতা আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়। তামিলনাডু চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সচিব ড° দাৰেজ আহমেদে স্বাস্থ্য বীমা আৰু নিশ্চয়তা আৰ্হি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যখনৰ অভিজ্ঞতা বিনিময় কৰে। এই আলোচনাত সুৰক্ষিত পুঁজি আৰু চিকিৎসালয়সমূহক সময়মতে ধন পৰিশোধৰ ব্যৱস্থাৰে মোকাবিলা কৰিবলগীয়া বিপদসমূহৰ প্ৰকৃতিৰ সৈতে স্বাস্থ্য কভাৰেজ আৰ্হিৰ সংগতি ৰখাৰ গুৰুত্ব তুলি ধৰা হয়।

অভিসৰণ সম্পৰ্কীয় অধিৱেশনত ৰাজ্যসমূহে নিজ নিজ স্বাস্থ্য আঁচনিসমূহ ৰূপায়ণৰ বাবে এনএইছএৰ আইটি মঞ্চখন ব্যৱহাৰ কৰাৰ সম্ভাৱনা অন্বেষণ কৰা হয়। ৰাজ্যিক স্বাস্থ্য আঁচনিসমূহৰ মান নিৰ্ধাৰণ, সুশৃংখল ৰূপায়ণ আৰু নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ সম্ভাৱ্য উপায় হিচাপে এই মঞ্চখনৰ বৰ্তমানৰ স্বাস্থ্য সুবিধা পেকেজ, তালিকাভুক্ত চিকিৎসালয়ৰ নেটৱৰ্ক আৰু প্ৰৱঞ্চনা চিনাক্তকৰণ প্ৰণালীৰ বিষয়ে আলোচনা কৰা হয়।

এজেণ্টিক এআই ক্ষমতাসম্পন্ন ছেণ্ডবক্স ২.০-ৰ এক প্ৰদৰ্শনে এবিডিএম সংহতি সৰল আৰু ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত এআই-সাহায্যপ্রাপ্ত সঁজুলিসমূহৰ সম্ভাৱনা দাঙি ধৰে। এই প্ৰদৰ্শনৰ সময়ত আভা সৃষ্টিৰ বাবে এটি এবিডিএম মাইলষ্ট’ন ১ সংহতি বাস্তৱ সময়তে সফলতাৰে সম্পূৰ্ণ কৰা হয়, যাৰ দ্বাৰা স্পষ্ট হৈ পৰে যে এআই-য়ে কেনেকৈ সংহতিৰ বাবে প্ৰয়োজনীয় সময় আৰু কাৰিকৰী শ্ৰম যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰে। এই পদক্ষেপে মানৱচালিত কাৰিকৰী সহায়ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰযুক্তিগত সহযোগী আৰু হাস্পতাল ইনফৰ্মেচন ছিষ্টেম প্ৰদানকাৰীসকলৰ অধিক দ্ৰুত সংযোগ সম্ভৱ কৰি তুলিব বুলি আশা কৰা হৈছে।

ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মঞ্চসমূহত ব্যৱহৃত তথ্যৰ সংবেদনশীল প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি চাইবাৰ সুৰক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। আলোচনাত ফিচিং আক্ৰমণ, ভুৱা ইউআৰএল আৰু এপ্লিকেচন, গোপন প্ৰৱেশ তথ্য ফাদিল তথা তৃতীয় পক্ষৰ দুৰ্বলতাক ধৰি সম্ভাৱ্য ভাবুকিসমূহ পৰ্যালোচনা কৰা হয়। ডিজিটেল স্বাস্থ্য আন্তঃগাঁথনি সুৰক্ষিত কৰিবলৈ আৰু স্বাস্থ্যজনিত তথ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক সমৰ্পিত চাইবাৰ সুৰক্ষা প্ৰধান নিযুক্তি দিয়া, প্ৰমাণীকৰণ আৰু প্ৰৱেশাধিকাৰ নিয়ন্ত্ৰণ শক্তিশালী কৰা তথা এপ্লিকেচন আৰু এপিআইসমূহৰ নিয়মীয়া নিৰাপত্তা অডিট হাতত ল’বলৈ পৰামৰ্শ দিয়া হয়।

বৈঠকত এনএইছএৰ এম্বিয়েণ্ট এআই-চালিত ভইচ স্ক্ৰাইবৰ এখন প্ৰদৰ্শনীও প্ৰদৰ্শিত হয়, যি হৈছে চিকিৎসক আৰু ৰোগীৰ মাজৰ কথোপকথনক কেইবাটাও ভাৰতীয় ভাষাত এক সুসংগঠিত ক্লিনিকেল ৰেকৰ্ডলৈ ৰূপান্তৰিত কৰা এক প্ৰযুক্তি। এই নথিপত্ৰসমূহ আভাত সংযুক্ত কৰাৰ পূৰ্বে চিকিৎসকসকলৰ দ্বাৰা পৰীক্ষা আৰু অনুমোদন জনোৱা হয়। এই প্ৰদৰ্শনে চিকিৎসকসকলৰ নথিপত্ৰ প্ৰস্তুতকৰণৰ বোজা হ্ৰাস কৰা, ক্লিনিকেল কৰ্মপদ্ধতি সুশৃংখল কৰা আৰু স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ ডিজিটাইজেচন ত্বৰান্বিত কৰাত এই প্ৰযুক্তিৰ সম্ভাৱনাক তুলি ধৰে।

ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকখনে এবি পিএম-জেএৱাই আৰু এবিডিএম ৰূপায়ণৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে এক উমৈহতীয়া ৰোডমেপ প্ৰস্তুত কৰাৰ জৰিয়তে সামৰণি মাৰে। আলোচনাসমূহে এই দুয়োটা ফ্লেগশ্বিপ পদক্ষেপৰ অধীনত লাভ কৰা অগ্ৰগতিক নাগৰিকসকলৰ বাবে বাস্তৱিক সুফললৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্যৰ নিৰন্তৰ সমন্বয়, অধিক শক্তিশালী ৰূপায়ণ ব্যৱস্থা আৰু প্ৰযুক্তিৰ ফলপ্ৰসূ ব্যৱহাৰৰ গুৰুত্বক পুনৰ দৃঢ় কৰে।

আলোচনাত স্পষ্ট কৰি দিয়া হয় যে পৰৱৰ্তী পৰ্যায়ত কেৱল পৰিসৰ বৃদ্ধি আৰু ডিজিটেল গ্ৰহণৰ ওপৰতে গুৰুত্ব দিলে নহ’ব, বৰঞ্চ সময়মতে গুণগত মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰা, বিত্তীয় সুৰক্ষা অধিক সুদৃঢ় কৰা আৰু স্বাস্থ্যজনিত ফলাফল উন্নত কৰাৰ ওপৰতো গুৰুত্ব দিব লাগিব। নিৰ্ভৰযোগ্য তথ্য, সুৰক্ষিত আৰু আন্তঃকাৰ্যক্ষম ডিজিটেল ব্যৱস্থা, শক্তিশালী নিৰীক্ষণ প্ৰণালী আৰু উদীয়মান প্ৰযুক্তিৰ দায়িত্বশীল গ্ৰহণ এই লক্ষ্যসমূহ অৰ্জনৰ মূল ভিত্তি হৈ ৰ’ব।

দুদিনীয়া বৈঠকখন কাৰ্যসূচী ৰূপায়ণ, কাৰ্যক্ষমতা, ডিজিটেল স্বাস্থ্য আন্তঃগাঁথনি আৰু উদীয়মান প্ৰযুক্তিগত পদক্ষেপৰ বিভিন্ন দিশ সামৰি লোৱা ১৫টা অধিৱেশনত বিভক্ত আছিল।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এবি পিএম-জেএৱাই আৰু এবিডিএমৰ ৰূপায়ণ শক্তিশালী কৰিবলৈ আৰু দেশত এক সহজলভ্য, সুলভ, কাৰ্যক্ষম তথা জনকেন্দ্ৰিক স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ বহল দৃষ্টিভংগীক আগুৱাই নিবলৈ একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

 

SR/MM

HFW/ National Review Meeting convened on AB PMJAY & ABDM /6 November 2026/1


(ৰিলিজ আই ডি : 2333882) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil