পোষ্ট কৰা হৈছে:
06 NOV 2026 5:56PM by PIB Guwahati
ভাৰত আৰু ম্যানমাৰে ২০২৬ চনৰ ৫ নৱেম্বৰত চেন্নাইত প্ৰথমখন দ্বিপাক্ষিক ত্ৰি-সেৱা মানৱীয় সাহায্য আৰু দুৰ্যোগ প্ৰশমন চমুকৈ এইচএডিআৰ অনুশীলন ‘ৰাহাত মিত্ৰ’ আৰম্ভ কৰে। এই অনুশীলন ২০২৬ চনৰ ৫ৰ পৰা ৬ নৱেম্বৰলৈকে অনুষ্ঠিত হৈছে।
‘মানৱতাৰ বাবে একত্ৰিত, অংশীদাৰিত্বৰ জৰিয়তে অধিক শক্তিশালী’ বিষয়বস্তুক কেন্দ্ৰ কৰি অনুষ্ঠিত এই অনুশীলনৰ লক্ষ্য হৈছে দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰা, পাৰস্পৰিক বিশ্বাস বৃদ্ধি কৰা আৰু দুয়োখন দেশৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত সমন্বয় বৃদ্ধি কৰা।
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই অনুশীলনে ভাৰত আৰু ম্যানমাৰৰ প্ৰতিৰক্ষা বাহিনীক পেছাদাৰী মত বিনিময়, অভিজ্ঞতা ভাগ-বতৰা কৰা আৰু মানৱীয় সাহায্য তথা দুৰ্যোগ প্ৰশমন অভিযানত পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে। ইয়াত দুয়োখন দেশৰ তিনিওটা বাহিনীৰ ৩০০ৰো অধিক জোৱানে অংশগ্ৰহণ কৰিছে, যিয়ে মানৱীয় সহযোগিতা আৰু আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰতি তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।
ভাৰতীয় নৌসেনাৰ তত্ত্বাৱধানত সমন্বিত এই ‘ৰাহাত মিত্ৰ’ অনুশীলনে ভাৰত আৰু ম্যানমাৰৰ মাজত প্ৰতিৰক্ষা সহযোগিতা তথা দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
এই অনুশীলনে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ নীতি আৰু মহাসাগৰৰ কৌশলগত দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ইয়াৰ উপৰি ই শান্তি আৰু স্থিৰতা বজাই ৰখাৰ লগতে সংকটৰ সময়ত মানৱীয় সাহায্য আগবঢ়াবলৈ দুয়োখন দেশৰ উমৈহতীয়া সংকল্পক অধিক শক্তিশালী কৰিব।
VM/SPS/MM