পোষ্ট কৰা হৈছে:
06 NOV 2026 6:53PM by PIB Guwahati
ভাৰত চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগ চমুকৈ ডিএআৰপিজি-য়ে ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ ২০২৬লৈকে বিশেষ অভিযান ৬ ৰূপায়ণৰ বাবে ১৩.০৮.২০২৬ তাৰিখৰ কাৰ্যালয় স্মাৰকপত্ৰ নং Q-11/01/2026-O&M (e-10171) যোগে নিৰ্দেশনা জাৰি কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে চৰকাৰী কাৰ্যালয়সমূহত স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়া, কৰ্মক্ষেত্ৰৰ ব্যৱহাৰ অনুকূল কৰা, নিষ্পত্তিহীন কাম-কাজ হ্ৰাস কৰা আৰু প্ৰশাসনিক কাৰ্যক্ষমতা বৃদ্ধি কৰা।
এই উদ্দেশ্যসমূহৰ সৈতে সংগতি ৰাখি ৰাজহ বিভাগ চমুকৈ ডিঅ’আৰ-য়ে স্বচ্ছতাৰ প্ৰসাৰ, কৰ্মক্ষেত্ৰৰ দক্ষতা বৃদ্ধি, শৃংখলাবদ্ধ নথি ব্যৱস্থাপনা নিশ্চিত কৰা, ই-আৱৰ্জনা নিষ্কাশন সহজ কৰা, নিষ্পত্তিহীন কাম হ্ৰাস কৰা আৰু নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিশেষ পদক্ষেপ হাতত লয়। এই প্ৰচেষ্টাসমূহে স্বচ্ছ, সঁহাৰিমুখী আৰু দায়বদ্ধ শাসন ব্যৱস্থাৰ প্ৰতি বিভাগটোৰ অংগীকাৰক পুনৰ নিশ্চিত কৰে।
বিশেষ অভিযান ৬-ৰ অংশ হিচাপে ইণ্ডিয়া গেটৰ সমীপৰ লন আৰু কাৰ্যালয়ৰ চৌহদৰ ভিতৰত এক স্বচ্ছতা অভিযান চলোৱা হয়। বিভাগটোৱে নিষ্পত্তিহীন বিষয় হ্ৰাস কৰা আৰু নথি ব্যৱস্থাপনাতো উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। প্ৰায় ৪০০টা ফাইল আঁতৰোৱা বা বন্ধ কৰা হয়, প্ৰায় ১,৮৩৬টা ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি কৰা হয় আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় চমুকৈ পিএমঅ’-ৰ পৰা লাভ কৰা ৫টা প্ৰসংগ নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি ৩১ অক্টোবৰ ২০২৬লৈকে ই-আৱৰ্জনা নিষ্কাশন আৰু পুৰণি সামগ্ৰী বিক্ৰীৰ দৰে অভিযান-সম্পৰ্কীয় কাৰ্যকলাপৰ জৰিয়তে প্ৰায় ₹৬,০০,০০০/- ৰাজহ সংগ্ৰহ কৰা হয়।
বিশেষ অভিযান ৬ কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাজতে সীমাবদ্ধ নহয়, ইয়াৰ মাজত প্ৰশাসনিক সংস্কাৰৰ এক ব্যাপক লক্ষ্য নিহিত হৈ আছে। কাৰ্যালয়ৰ ঠাই আৰু প্ৰক্ৰিয়াসমূহ শৃংখলাবদ্ধভাৱে মুক্ত কৰা, উন্নত নথি ব্যৱস্থাপনা, বাকী থকা বিষয়সমূহ সময়মতে নিষ্পত্তি কৰা আৰু দায়বদ্ধতা বৃদ্ধিৰ জৰিয়তে ৰাজহ বিভাগে এক অধিক দক্ষ, সঁহাৰিমুখী আৰু নাগৰিককেন্দ্ৰিক প্ৰশাসনিক ব্যৱস্থা গঢ়ি তোলাৰ দিশত কাম কৰি আছে।
বিভাগটোৱে এই পদক্ষেপসমূহ অব্যাহত ৰখাৰ লগতে নিজৰ দৈনন্দিন কাম-কাজত স্বচ্ছতা, কাৰ্যক্ষমতা আৰু সুশাসনৰ নীতিসমূহ স্থায়ীভাৱে অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰৈছে।
KT/KMN/MM