বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

চিবিএন-ৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন: অধিক কঠোৰ আইন বলৱৎকৰণ, ডিজিটেল প্ৰশাসন আৰু ‘যুৱ সুৰক্ষা’ মিছনৰ মাধ্যমেৰে ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সমাজ’ গঢ়াৰ অংগীকাৰ পুনৰ ব্যক্ত

পোষ্ট কৰা হৈছে: 06 NOV 2026 8:22PM by PIB Guwahati

চেন্ট্ৰেল ব্যুৰ’ অব্ নাৰ্কোটিক্সে চমুকৈ চিবিএন-য়ে ২০২৬ চনৰ ৬ নৱেম্বৰত ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। এই উপলক্ষে গোৱালিয়ৰস্থিত চিবিএন মুখ্য কাৰ্যালয়ত এটি অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত সকলো বিষয়া আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

(ছবি: গোৱালিয়ৰস্থিত চিবিএন মুখ্য কাৰ্যালয়ত আয়োজিত ৭৭সংখ্যক চিবিএন প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠান।)

উপ-নাৰ্কোটিকছ আয়ুক্তই আদৰণি ভাষণত উল্লেখ কৰে যে বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগৰ অধীনত মাদক দ্ৰব্য নিয়ন্ত্ৰণ আইন বলৱৎকৰণৰ ক্ষেত্ৰত কাম কৰা চিবিএন হৈছে দেশৰ এক অগ্ৰণী তথা আটাইতকৈ পুৰণি সংস্থা। এই সংস্থাই কানি খেতিৰ অবৈধ উৎপাদন নিয়ন্ত্ৰণ কৰা, নিচাযুক্ত দ্ৰব্য, চাইক’ট্ৰপিক পদাৰ্থ আৰু প্ৰিকাৰ্ছৰ ৰাসায়নিক পদাৰ্থৰ আমদানি আৰু ৰপ্তানি তদাৰক কৰা তথা ১৯৮৫ চনৰ এনডিপিএছ আইনৰ অধীনত নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰিবলৈ চোৰাংচোৱাভিত্তিক আইন বলৱৎকাৰী অভিযান চলোৱাৰ দায়িত্ব পালন কৰে।

মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ ‘শূন্য সহনশীলতা’ নীতিক বিশেষভাৱে আলোকপাত কৰি আৰু ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সমাজ’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ব্যুৰ’ৱে নিজৰ অভিযানমূলক পৰিসৰ যথেষ্ট সম্প্ৰসাৰিত কৰিছে। মূলতঃ আঞ্চলিক কানি প্ৰশাসনসমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে ১৯৫০ চনৰ ৬ নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা চিবিএন বৰ্তমান ৰাষ্ট্ৰসংঘৰ সন্মিলনসমূহৰ অধীনত ভাৰতৰ উপযুক্ত ৰাষ্ট্ৰীয় কৰ্তৃপক্ষ চমুকৈ চিএনএ আৰু এক অগ্ৰণী ৰাষ্ট্ৰীয় আইন বলৱৎকাৰী প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠিছে।

এই বিশেষ উপলক্ষে চিবিএনে নিজৰ হিন্দী আলোচনী ‘সংযম ২.০’-ও উন্মোচন কৰে।

(ছবি: চিবিএনৰ প্ৰতিষ্ঠা দিৱসৰ সামূহিক আলোকচিত্ৰ, য’ত চিবিএন-য়ে নিজৰ হিন্দী আলোচনী ‘সংযম ২.০’ উন্মোচন কৰে।)

বিহংগম দৃষ্টিত চিবিএন:

১. ৭৬ বছৰীয়া কালানুক্ৰমিক বিৱৰ্তন ১৯৪৯ চনৰ ২ এপ্ৰিলত গঠিত সৰ্বভাৰতীয় নাৰ্কোটিকছ ব’ৰ্ডৰ পৰা আৰম্ভ কৰি, ১৯৫০ চনৰ ৬ নৱেম্বৰত ছিমলাত মুখ্য কাৰ্যালয় স্থাপনৰ জৰিয়তে একত্ৰিত কানি বিভাগক আনুষ্ঠানিকভাৱে চেন্ট্ৰেল ব্যুৰ’ অব্ নাৰ্কোটিক্স চমুকৈ চিবিএন হিচাপে কেন্দ্ৰীভূত কৰা হয়। পৰম্পৰাগত কানি খেতিৰ মূল অঞ্চলসমূহৰ কাষতে নেতৃত্বক প্ৰতিষ্ঠা কৰিবলৈ আৰু সেইবোৰ ফলপ্ৰসূভাৱে নিৰীক্ষণ কৰিবলৈ ১৯৬০ চনত মুখ্য কাৰ্যালয় ছিমলাৰ পৰা মধ্যপ্ৰদেশৰ গোৱালিয়ৰলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হয়। ঐতিহাসিক ‘নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবষ্টেন্সেছ’ চমুকৈ এনডিপিএছ আইন, ১৯৮৫ প্ৰণয়নৰ ফলত সংস্থাটো সম্পূৰ্ণৰূপে আধুনিক হৈ পৰে আৰু চিবিএন কেৱল এক নিয়ন্ত্ৰণমূলক প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তে এক বহুমুখী ৰাষ্ট্ৰীয় আইন বলৱৎকাৰী, সহায়কাৰী তথা নিয়ন্ত্ৰক সংস্থা হিচাপে পৰিগণিত হয়।

২. আন্তঃৰাষ্ট্ৰীয় কৃত্রিম মাদক দ্ৰব্য ছিণ্ডিকেট ধ্বংসকৰণ ২০২২ চনৰ পৰা অক্টোবৰ ২০২৬লৈকে চিবিএনৰ বিশেষ প্ৰতিৰোধ আৰু চোৰাংচোৱা চমুকৈ পি এণ্ড আই কোষসমূহে এক ফলপ্ৰসূ প্ৰৱৰ্তন অভিযান চলাই ১,০০০ৰো অধিক গোচৰ ৰুজু কৰাৰ লগতে ১,৩২৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

৩. উৎস স্তৰতেই নিৰ্মূল: অবৈধ শস্য ধ্বংস অভিযান ২০২২ চনৰ পৰা অক্টোবৰ ২০২৬লৈকে চেন্ট্ৰেল ব্যুৰ’ অব্ নাৰ্কোটিক্সে উৎস স্তৰতেই বৃহৎ পৰিমাণৰ অবৈধ শস্য চিনাক্ত কৰি ধ্বংস কৰে। হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু উত্তৰাখণ্ডকে ধৰি অত্যন্ত সংবেদনশীল ৰাজ্যসমূহত ১,১১,৩০০ একৰতকৈও অধিক এলেকাত হোৱা অবৈধ কানি আৰু ভাং খেতি চিবিএনে ধ্বংস কৰিছে।

৪. ‘যুৱ সুৰক্ষা’ মিছন: ভাৰতৰ যুৱ সমাজক সুৰক্ষা প্ৰদান আইনগত প্ৰৱৰ্তনৰ সৈতে তৃণমূল পৰ্যায়ৰ সামাজিক পদক্ষেপসমূহৰ সংযোগ ঘটোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিবিএনৰ ধ্বজ্বাবাহী পদক্ষেপ—মিছন "যুৱ সুৰক্ষা" আৰু চিবিএনৰ জনসম্পৰ্ক অভিযানে ২০২৬ কেলেণ্ডাৰ বৰ্ষত মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ ২০,০০০তকৈ অধিক অংশগ্ৰহণকাৰীক সজাগ তথা সবল কৰি তুলিছে।

৫. ডিজিটেল প্ৰশাসন আৰু ব্যৱসায় কৰাৰ সহজলভ্যতা (EoDB) চিবিএনে পৰম্পৰাগত কৰ্মপদ্ধতিৰ পৰা সফলতাৰে এক স্বয়ংক্ৰিয়, একক-উইণ্ডো ডিজিটেল ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। কেন্দ্ৰীভূত আইচগেট ছুইফ্ট ২.০ পৰ্টেলত নিজৰ এলপিচিঅ’ (লাইচেঞ্চ, পাৰমিট, চাৰ্টিফিকেট আৰু অন্যান্য নথি) সংহত কৰি ব্যুৰ’ৱে বাৰ্ষিক ১৫,০০০তকৈ অধিক আমদানি আৰু ৰপ্তানি আবেদন সুচাৰুৰূপে প্ৰক্ৰিয়াকৰণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাল্ক ড্ৰাগ আৰু এপিআই যোগান শৃংখল সুৰক্ষিত কৰাৰ লগতে দ্ৰুত বাণিজ্যিক অনুমতি আৰু সজাগতা সহজ কৰিবলৈ ব্যুৰ’ৱে অগ্ৰণী বাণিজ্য প্ৰসাৰ সংস্থাসমূহৰ সৈতে ক্ৰমান্বয়ে কৌশলগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে: ২০২২ চনত ইণ্ডিয়ান কেমিকেল কাউন্সিল (আইচিচি), ২৮ এপ্ৰিল ২০২৫ত কেমেক্সচিল আৰু ২৪ আগষ্ট ২০২৬ত ফাৰ্মেক্সচিলৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰা হয়।

 

Picture 1

KT/KMN/MM


(ৰিলিজ আই ডি : 2333873) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil