পোষ্ট কৰা হৈছে:
06 NOV 2026 9:14AM by PIB Guwahati
কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছে (জি আৰ এছ ই) থলুৱাভাৱে ডিজাইন কৰা আৰু নিৰ্মাণ কৰা অগভীৰ পানীত ছাবমেৰিণ প্ৰতিৰোধী যুদ্ধত ব্যৱহৃত (এ এছ ডব্লিউ, এছ ডব্লিউ চি) জাহাজসমূহৰ ভিতৰত এখন 'আমিনি' চলিত বৰ্ষৰ ৫ নৱেম্বৰত ভাৰতীয় নৌ বাহিনীক হস্তান্তৰ কৰা হয়।
এ এছ ডব্লিউ এছ ডব্লিউ চি (প্ৰাক্তন-জি আৰ এছ ই) সমূহ জি আৰ এছ ই কলকাতাৰ দ্বাৰা ভাৰতীয় ৰেজিষ্টাৰ অৱ শ্বিপিং (আই আৰ এছ)ৰ শ্ৰেণীবিভাজন নিয়ম অনুসৰি ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে।
এই জাহাজসমূহ ৱাটাৰজেটৰ দ্বাৰা চালিত সৰ্ববৃহৎ ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজসমূহৰ ভিতৰত অন্যতম আৰু এই জাহাজত অত্যাধুনিক লাইটৱেইট টৰ্পিডো, থলুৱা ৰকেট লঞ্চাৰ আৰু সোনাৰ্ছ অৰ্থাৎ শব্দতৰংগৰ সহায়ত পানীৰ তলত যিকোনো বস্তু চিনাক্ত কৰাৰ প্ৰযুক্তি, পানীৰ তলৰ বিপদসমূহ সঠিকভাৱে চিনাক্ত কৰি সেইবোৰৰ বিৰুদ্ধে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা আছে। এই জাহাজখনে নৌবাহিনীৰ ছাবমেৰিন প্ৰতিৰোধী, উপকূলীয় নিৰীক্ষণ আৰু খনি স্থাপন ক্ষমতা অধিক শক্তিশালী কৰিব।
কেন্দ্ৰীয়শাসিত অঞ্চল লক্ষদ্বীপৰ আমিনী দ্বীপৰ পৰা আমিনি নামটো আহিছে। জাহাজখন পূৰ্বৰ আই এন এছ আমিনিৰ প্ৰত্যাৱৰ্তন, ২০০২ চনত বাতিল কৰা পেটিয়া তৃতীয় শ্ৰেণীৰ ছাবমেৰিন প্ৰতিৰোধী ৱাৰফেয়াৰ কৰভেট, যাৰ ফলত বিশিষ্ট উত্তৰাধিকাৰী নামবোৰ স্থায়ী কৰি ৰখাৰ নৌ পৰম্পৰা অব্যাহত আছে।
চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতীয় নৌবাহিনীৰ থলুৱা জাহাজ নিৰ্মাণৰ লক্ষ্যত আমিনিৰ হস্তান্তৰ হৈছে আন এক মাইলৰ খুঁটি। ৮০ শতাংশতকৈও অধিক থলুৱা সামগ্ৰীৰ সৈতে, জাহাজখন ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন পৰিৱেশতন্ত্ৰৰ বৰ্ধিত শক্তি আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ অন্যতম উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
VM/AS/BC