ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰে’ল মন্ত্ৰালয়ে 'বন্দে মাতৰম'ৰ ১৫০ বছৰ উপলক্ষে অনুষ্ঠিত এবছৰীয়া উদযাপনৰ সামৰণি মাৰিলে

চাৰিটা পৰ্যায়ৰ উদযাপনৰ অংশ হিচাপে সমবেত সংগীত, ৰচনা প্ৰতিযোগিতা, কুইজ আৰু তিৰংগা ৰেলীৰ আয়োজন

পোষ্ট কৰা হৈছে: 05 NOV 2026 7:59PM by PIB Guwahati

ৰে’ল মন্ত্ৰালয়ে আজি ৰে’ল ভৱনত  সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰি 'বন্দে মাতৰম'ৰ ১৫০ বছৰ উপলক্ষে অনুষ্ঠিত এবছৰীয়া উদযাপনৰ চতুৰ্থ পৰ্যায়ৰ (সামৰণী সপ্তাহ, ১-৭ নৱেম্বৰ ২০২৬) শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) শ্ৰী সতীশ কুমাৰ, ব’ৰ্ডৰ সদস্যসকল, সঞ্চালক প্ৰধানসকল আৰু অন্যান্য জ্যেষ্ঠ ৰে’ল বিষয়াসকল উপস্থিত থাকে।

জাতীয় গীতৰ সৈতে জড়িত ৰাষ্ট্ৰীয় একতা, দেশপ্ৰেম আৰু ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক তুলি ধৰি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই এবছৰীয়া উদযাপন চাৰিটা পৰ্যায়ত আয়োজন কৰা হৈছিল।

প্ৰথম পৰ্যায়: বন্দে মাতৰমৰ সমবেত সংগীত

২০২৫ চনৰ ৭ নৱেম্বৰত ৰে’ল ভৱনৰ সন্মিলন কক্ষত বন্দে মাতৰমৰ সমবেত সংগীতেৰে প্ৰথমটো পৰ্যায় আৰম্ভ হৈছিল। এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত আছিল।

দ্বিতীয় পৰ্যায়: ৰচনা প্ৰতিযোগিতা

২০২৬ চনৰ ২২ জানুৱাৰীত ৰে’লৱে ব’ৰ্ডত “বন্দে মাতৰম: ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰতীক” বিষয়বস্তুক লৈ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়, যিয়ে অংশগ্ৰহণকাৰীসকলক জাতীয় গীতটোৰ তাৎপৰ্য আৰু ইয়াৰ একতাৰ বাৰ্তা সম্পৰ্কে চিন্তা-চৰ্চা কৰাৰ  সুযোগ প্ৰদান কৰে।

তৃতীয় পৰ্যায়: কুইজ প্ৰতিযোগিতা আৰু তিৰংগা ৰেলী

২০২৬ চনৰ ১০ আগষ্টত ৰে’লৱে ব’ৰ্ডত বন্দে মাতৰমৰ ১৫০ বছৰীয়া যাত্ৰাৰ আধাৰত  কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ নেতৃত্বত ৰে’ল ভৱনৰ চৌহদৰ ভিতৰত  তিৰংগা ৰেলীও উলিওৱা হয়। ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সতীশ কুমাৰ, ব’ৰ্ডৰ সদস্যসকল, সঞ্চালক প্ৰধানসকল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে এই ৰেলীত অংশগ্ৰহণ কৰে।

চতুৰ্থ পৰ্যায়: বিজয়ীসকলক সম্বৰ্ধনা আৰু সামৰণি কাৰ্যসূচী

২০২৬ চনৰ ৫ নৱেম্বৰত অনুষ্ঠিত কাৰ্যসূচীত দ্বিতীয় পৰ্যায়ৰ অধীনত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতা আৰু তৃতীয় পৰ্যায়ত আয়োজিত কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

এবছৰীয়া উদযাপনত বিভিন্ন কাৰ্যসূচী সফলভাৱে আয়োজন কৰাত আগবঢ়োৱা অৰিহণাৰ বাবে ৰে’লৱে ব’ৰ্ড কালচাৰেল গ্ৰুপকো সম্বৰ্ধনা জনোৱা হয়। এই দলটোক তেওঁলোকৰ প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে পুৰস্কাৰৰ লগতে এখন মানপত্ৰও প্ৰদান কৰা হয়।

বন্দে মাতৰমৰ ভাৱাদৰ্শই একতা, নিষ্ঠা আৰু সামূহিক প্ৰচেষ্টাৰ মূল্যবোধক ধাৰাবাহিকভাৱে অনুপ্ৰাণিত কৰি আহিছে। এই মূল্যবোধসমূহ ভাৰতীয় ৰে’লৰ কাৰ্যপ্ৰণালীত প্ৰতিফলিত হয়। এই উদযাপনে ৰে’ল বিষয়াসকলৰ সম্পূৰ্ণ আন্তৰিকতা, সততা আৰু দক্ষতাৰে নিজৰ দায়িত্ব পালন কৰাৰ লগতে ভাৰতীয় ৰে’লক অধিক উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিছে।

*****

Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/ Vanshita Jaiswal/MM


(ৰিলিজ আই ডি : 2333476) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Gujarati