পোষ্ট কৰা হৈছে:
05 NOV 2026 2:06PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰাসায়নিক আৰু সাৰ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই আজি জম্মু আৰু কাশ্মীৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্সেছ (এইমছ), অবন্তীপোৰাৰ নিৰ্মাণ কাৰ্য আৰু কাৰ্যক্ষমকৰণৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
পৰ্যালোচনাৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে আন্তঃগাঁথনি উন্নয়ন, চিকিৎসা সঁজুলি আৰু আচবাব ক্ৰয়, অধ্যাপক তথা অন্যান্য কৰ্মচাৰী নিযুক্তি আৰু প্ৰতিষ্ঠানখনত চিকিৎসা তথা শৈক্ষিক কাৰ্যকলাপ আৰম্ভ কৰাৰ প্ৰস্তুতিৰ পৰিস্থিতিৰ বুজ লয়।
মন্ত্ৰীগৰাকীক অৱগত কৰা হয় যে এইমছ অবন্তীপোৰাৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ পথত আৰু সকলোবোৰ মূল ভৱনৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। চিপিডব্লিউডি আৰু সকলো সংশ্লিষ্ট সংস্থা তথা অংশীদাৰৰ প্ৰচেষ্টাক শলাগ লৈ শ্ৰী নাড্ডাই দুৰ্গম ভৌগোলিক অৱস্থান আৰু অন্যান্য প্ৰত্যাহ্বান সত্ত্বেও প্ৰকল্পটো আগবঢ়াই নিয়াৰ বাবে তেওঁলোকৰ নিষ্ঠাবান প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ এইমছ অবন্তীপোৰাক অগ্ৰাধিকাৰপ্ৰাপ্ত প্ৰকল্প বুলি গুৰুত্ব আৰোপ কৰে আৰু সংশ্লিষ্ট সংস্থাসমূহক এই গতি অক্ষুণ্ণ ৰাখি ২০২৭ চনৰ মাৰ্চৰ ভিতৰত বাকী থকা নিৰ্মাণ কাৰ্যসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
মন্ত্ৰীগৰাকীয়ে পৰ্যায়ক্ৰমে চলি থকা নিৰ্মাণ আৰু হস্তান্তৰ পৰিকল্পনাৰ পৰ্যালোচনা কৰে। বৈঠকত জনোৱা হয় যে অ’পিডি পঞ্জীয়ন ভৱন, অ’পিডি ভৱন, আৱাসিক ভৱন আৰু নিৰ্ধাৰিত হোষ্টেলসমূহকে ধৰি প্ৰথম পৰ্যায়ৰ ভৱনসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৰু বৰ্তমান সম্পত্তিৰ তালিকা পৰীক্ষণ তথা আনুষ্ঠানিকভাৱে হস্তান্তৰ প্ৰক্ৰিয়া চলি আছে। বাকী থকা শৈক্ষিক, প্ৰশাসনিক, চিকিৎসালয়, আৱাসিক আৰু হোষ্টেল আন্তঃগাঁথনিৰ কামসমূহ পৰ্যায়ক্ৰমে হাতত লোৱা হৈছে।
প্ৰতিষ্ঠানখন সোনকালে কাৰ্যক্ষম কৰি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি শ্ৰী নাড্ডাই এইচআইটিইএছ আৰু এইমছ অবন্তীপোৰাৰ কাৰ্যবাহী সঞ্চালকক ঘনিষ্ঠ সমন্বয়ৰে কাম কৰিবলৈ আৰু চিকিৎসা সঁজুলি, অ’পিডিৰ যন্ত্ৰ-পাতি, গৱেষণাগাৰৰ সঁজুলি তথা চিকিৎসা আৰু প্ৰশাসনিক আচবাব ক্ৰয়ৰ কাম ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ অ’পিডি সেৱা আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সকলো অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কাৰ্য অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ কৰাৰ ওপৰত জোৰ দিয়ে।
বৈঠকত অৱগত কৰা হয় যে ৫৯.৪১ কোটি টকা ব্যয়সাপেক্ষ ১৮০টা চিকিৎসা সঁজুলি ক্ৰয়ৰ অনুমোদন জনোৱা হৈছে, যাৰ ভিতৰত ১৪০টা সঁজুলিৰ বাবে ইতিমধ্যে ক্ৰয়াদেশ বা নটিচ অব্ এৱাৰ্ড জাৰি কৰা হৈছে। অ’পিডিৰ যন্ত্ৰ-পাতি, পৰীক্ষাগাৰৰ আচবাব আৰু চিকিৎসা তথা প্ৰশাসনিক আচবাব ক্ৰয়ৰ প্ৰক্ৰিয়াসমূহো বিভিন্ন পৰ্যায়ত চলি আছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে চিকিৎসা সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰে আৰু নিৰ্দেশ দিয়ে যে সঁজুলি, ৰোগ নিৰ্ণয়ৰ সুবিধা, কৰ্মচাৰী তথা অন্যান্য কাৰ্যকৰী প্ৰয়োজনীয়তাসমূহকে ধৰি সকলো ব্যৱস্থা পূৰ্বতেই সম্পূৰ্ণ কৰিব লাগে। এইমছ অবন্তীপোৰাত ২০২৬ চনৰ ডিচেম্বৰৰ পূৰ্বে অ’পিডি সেৱা আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু কাৰ্যকৰী ব্যৱস্থাসমূহ সম্পূৰ্ণ হোৱাৰ সাপেক্ষে ২০২৭ চনৰ জুলাইত আইপিডি সেৱা আৰম্ভ কৰাৰ প্ৰস্তাৱ কৰা হৈছে। ২০২৭ চনৰ জুন–জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৭–২৮ শৈক্ষিক বৰ্ষৰ বাবে এমবিবিএছ পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ কৰাকে ধৰি শৈক্ষিক কাৰ্য্যকলাপৰ প্ৰস্তাৱ কৰা হৈছে।
নিযুক্তি প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এই নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে কাৰ্যবাহী সঞ্চালক আৰু প্ৰতিষ্ঠানটোৰ দলটোৰ প্ৰচেষ্টাক শলাগ লয়। যোগ্য অধ্যাপকৰ উপস্থিতি যিমান পাৰি সোনকালে নিশ্চিত কৰিবলৈ নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি তেওঁ অশিক্ষক পদসমূহৰ নিযুক্তি ক্ষিপ্ৰ কৰা আৰু অ’পিডি তথা অন্যান্য সেৱাসমূহ কাৰ্যক্ষম কৰাৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰী নিয়োগ ক্ষিপ্ৰতৰ কৰাতো গুৰুত্ব আৰোপ কৰে।
অ’পিডি আৰু সংশ্লিষ্ট সেৱাসমূহ পৰিচালনাৰ বাবে চিকিৎসালয়ৰ সহায়ক, গৃহ ৰক্ষণাবেক্ষণ আৰু চাফাই কৰ্মী তথা সুৰক্ষা কৰ্মীসহ অত্যাৱশ্যকীয় কৰ্মচাৰী নিয়োগৰ অনুমোদন জনাইছে মন্ত্ৰালয়ে। প্ৰস্তাৱিত কৰ্মচাৰীৰ ব্যৱস্থাই ১৫০ জন সুৰক্ষা কৰ্মীসহ বিভিন্ন শ্ৰেণীৰ ৬৫২টা পদ সামৰি লৈছে।
মন্ত্ৰীগৰাকীয়ে কেম্পাছৰ সুৰক্ষা, যাতায়াত সংযোগ, ৱেবছাইট নিৰ্মাণ আৰু কাৰ্যকৰী অংশীদাৰিত্বকে ধৰি প্ৰতিষ্ঠানিক প্ৰস্তুতি আৰু সহযোগী ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। সুৰক্ষা আৰু অন্যান্য কাৰ্যকৰী সমস্যাসমূহ সমাধান কৰি প্ৰতিষ্ঠানখনৰ সুচাৰু পৰিচালনা নিশ্চিত কৰিবলৈ তেওঁ এইমছ অবন্তীপোৰা, চিপিডব্লিউডি, এইচআইটিইএছ আৰু স্থানীয় প্ৰশাসনৰ মাজত ফলপ্ৰসূ সমন্বয়ৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
সমগ্ৰ দেশজুৰি স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি সুদৃঢ় কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি দোহাৰি শ্ৰী নাড্ডাই কয় যে এইমছ অবন্তীপোৰাৰ সময়মতে নিৰ্মাণ সম্পূৰ্ণ হোৱা আৰু কাৰ্যক্ষম হৈ উঠাটোৱে জম্মু আৰু কাশ্মীৰত উন্নত মানৰ তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা আৰু বিশেষ চিকিৎসা সেৱাৰ সুবিধা সম্প্ৰসাৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব। সকলোৰে বাবে সুলভ আৰু গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই প্ৰতিষ্ঠানখনে চিকিৎসা শিক্ষাক শক্তিশালী কৰিব আৰু এই অঞ্চলটোত স্বাস্থ্যসেৱাৰ সামৰ্থ্য বিকাশত অৰিহণা যোগাব।


*****
SR/MM