বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

কিম্বাৰ্লি প্ৰচেছৰ পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বে ভাৰতে গোলকীয় হীৰা উদ্যোগৰ কাৰ্যসূচীক ত্বৰান্বিত কৰি তুলিছে

এডিপিএত ভাৰতৰ পৰ্যবেক্ষকৰ মৰ্যাদাই হীৰা উৎপাদনকাৰী দেশসমূহৰ সৈতে সহযোগিতা অধিক সুদৃঢ় কৰিছে

পোষ্ট কৰা হৈছে: 05 NOV 2026 6:32PM by PIB Guwahati

২০২৬ চনৰ বাবে কিম্বাৰ্লি প্ৰচেছ (কেপি)ৰ অধ্যক্ষ হিচাপে ভাৰতে ২০২৬ চনৰ ৩ নৱেম্বৰত এংগোলাৰ লুৱাণ্ডাত এখন অংশীদাৰী পৰামৰ্শ বৈঠক আহ্বান কৰে। এই বৈঠকত কেপি ৱৰ্কিং গ্ৰুপ আৰু সমিতিসমূহৰ (কেপি ৱৰ্কিং বডীজ) অধ্যক্ষ তথা উপাধ্যক্ষসকল, কেপি উপাধ্যক্ষ ৰিপাব্লিক অব্ ঘানা আৰু কেপিৰ প্ৰাক্তন অধ্যক্ষ ইউনাইটেড আৰব আমীৰশ্বাহী একত্ৰিত হয়। কেপি অধ্যক্ষ তথা বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব শ্ৰী যশবীৰ সিঙৰ নেতৃত্বত অনুষ্ঠিত এই আলোচনা চক্ৰত গোলকীয় হীৰা উদ্যোগৰ সৈতে জড়িত মুখ্য অগ্ৰাধিকাৰসমূহ, যেনে—দায়িত্বশীল খহটা হীৰা আহৰণ, প্ৰতিষ্ঠানিক প্ৰশাসন, নিয়ম মান্যতা আৰু উপভোক্তাৰ বিশ্বাসযোগ্যতাৰ ওপৰত আলোকপাত কৰা হয়। ৱৰ্ল্ড ডায়মণ্ড কাউঞ্চিল, কেপি চিভিল ছ’চাইটি কলিচন, ৰিজলভৰ অধীনস্থ ডায়মণ্ড ডেভেলপমেণ্ট ইনিচিয়েটিভ (ডিডিআই) আৰু আফ্ৰিকান ডায়মণ্ড প্ৰডিউচাৰ্ছ এছ’চিয়েচন (এডিপিএ)কে ধৰি পৰ্যবেক্ষক আৰু অংশীদাৰ সংগঠনসমূহৰ প্ৰতিনিধিসকলেও ইয়াত অংশগ্ৰহণ কৰে। ২০২৬ চনৰ ৩০ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া কেপিৰ পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বে ভাৰতৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ অংশ হিচাপে এই বৈঠক অনুষ্ঠিত হৈছিল। ২০২৬ চনৰ ৩–৪ নৱেম্বৰত লুৱাণ্ডাত অনুষ্ঠিত এডিপিএৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উদ্‌যাপনৰ (এডিপিএ@২০) সমান্তৰালভাৱে এই পৰামৰ্শ বৈঠক অনুষ্ঠিত হয়।

এডিপিএত ভাৰতৰ পৰ্যবেক্ষকৰ মৰ্যাদা আছে, যিয়ে আফ্ৰিকাৰ হীৰা উৎপাদনকাৰী দেশসমূহৰ সৈতে সহযোগিতাৰ  প্ৰাতিষ্ঠানিক মঞ্চ প্ৰদান কৰে। ই খহটা হীৰাৰ যোগান শৃংখল সুৰক্ষিত কৰা, কাৰিকৰী জ্ঞানৰ আদান-প্ৰদান, মূল্য সংযোজন, বজাৰত প্ৰৱেশাধিকাৰ আৰু নৈতিক তথা বহনক্ষম পদ্ধতিসমূহৰ প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগ প্ৰশস্ত কৰে।

কেপি ৱৰ্কিং বডীজৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকলে নিজ নিজ কৰ্মপৰিকল্পনা অনুসৰি হোৱা অগ্ৰগতিৰ তথ্য ভাগ-বাটোৱাৰা কৰে আৰু পূৰ্ণাংগ অধিৱেশনত বিবেচনাৰ বাবে প্ৰস্তাৱিত বিষয়সমূহ দাঙি ধৰে। এই বিষয়সমূহৰ ভিতৰত আছিল খচৰা প্ৰশাসনিক সিদ্ধান্তসমূহ, দায়িত্বশীল খহটা হীৰা আহৰণ সম্পৰ্কীয় পদক্ষেপসমূহ, পৰিসংখ্যা প্ৰতিবেদন মঞ্চৰ উন্নয়ন আৰু প্ৰতিষ্ঠানিক প্ৰশাসন তথা অংশগ্ৰহণকাৰীৰ নিয়ম মান্যতা সুদৃঢ় কৰাৰ ব্যৱস্থাসমূহ। এই পৰামৰ্শ বৈঠকে অধিক সমন্বয়ৰ প্ৰয়োজনীয়তা থকা বিষয়সমূহ আৰু পূৰ্ণাংগ অধিৱেশনৰ কাৰ্য্যত সহায়ক হোৱাকৈ সোনকালে একমত হ’ব পৰা ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰো  সুযোগ প্ৰদান কৰে।

ভাৰতৰ কেপি অধ্যক্ষতাৰ মূল বিষয়বস্তু ‘আত্মবিশ্বাস, নিয়ম মান্যতা আৰু বিশ্বাসযোগ্যতা’ পুনৰ নিশ্চিত কৰি এই পৰামৰ্শ বৈঠকে গোলকীয় হীৰা উদ্যোগৰ বৰ্তমানৰ স্থিতি আৰু সলনি হৈ থকা অগ্ৰাধিকাৰসমূহৰ বিষয় মুকলি আলোচনাৰ সুযোগ প্ৰদান কৰে। আলোচনাত হীৰা উৎপাদনকাৰী দেশ তথা সম্প্ৰদায়সমূহৰ বহনক্ষমতা, কেপি সচিবালয়ৰ বহনক্ষম পুঁজি যোগান আৰু ধাৰাবাহিকতা, প্ৰমাণীকৰণ আৰু পৰিসংখ্যাগত প্ৰক্ৰিয়াৰ ডিজিটেলাইজেচন তথা কিম্বাৰ্লি প্ৰচেছ চাৰ্টিফিকেচন আঁচনিৰ নিয়ম মান্যতা অধিক শক্তিশালী কৰাৰ বিষয়সমূহ সামৰি লোৱা হয়। অংশগ্ৰহণকাৰীসকলে কনফ্লিক্ট ডায়মণ্ড বা সংঘাতপূৰ্ণ হীৰাৰ সংজ্ঞাৰ সংস্কাৰ, দায়িত্বশীল আহৰণ, পৰম্পৰাগত কাৰুশিল্প তথা পলসুৱা ভূমিত হীৰা উৎপাদন, উপভোক্তাৰ আস্থা আৰু ফলপ্ৰসূ প্ৰতিবেদন তথা পিয়েৰ-ৰিভিউ পদ্ধতিৰ গুৰুত্বৰ বিষয়েও মতামত বিনিময় কৰে।

বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব তথা কেপি অধ্যক্ষ শ্ৰী যশবীৰ সিঙে কয়, “ভাৰতৰ অধ্যক্ষতাই আত্মবিশ্বাস, নিয়ম মান্যতা আৰু বিশ্বাসযোগ্যতাত  গুৰুত্ব আৰোপ কৰিছে। লুৱাণ্ডাত অনুষ্ঠিত এই পৰামৰ্শ বৈঠকে কিম্বাৰ্লি প্ৰচেছ আৰু হীৰা উদ্যোগৰ ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়সমূহত কেপি ৱৰ্কিং বডীজৰ নেতৃত্ব, কেপি উপাধ্যক্ষ আৰু পৰ্যবেক্ষকসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰাৰ  সুযোগ প্ৰদান কৰে। আমাৰ লক্ষ্য হৈছে নতুন দিল্লীৰ পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বে এই বিষয়সমূহৰ সন্দৰ্ভত উমৈহতীয়া বুজাবুজি গঢ়ি তোলা আৰু গঠনমূলক আলোচনা তথা সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে কাৰ্যকৰী ফলাফলসমূহক আগবঢ়াই নিয়া।”

২০০৬ চনৰ ৪ নৱেম্বৰত এংগোলাৰ লুৱাণ্ডাত প্ৰতিষ্ঠা হোৱা আফ্ৰিকান ডায়মণ্ড প্ৰডিউচাৰ্ছ এছ’চিয়েচন (এডিপিএ)ৰ লক্ষ্য হৈছে আফ্ৰিকাৰ হীৰা উৎপাদনকাৰী ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা। এডিপিএত ১৫খন কাৰ্যনিবাহক সদস্য ৰাষ্ট্ৰ আৰু ৰাছিয়ান ফেডাৰেচন তথা ভাৰতকে ধৰি দুখন অনা-আফ্ৰিকীয় পৰ্যবেক্ষকসহ মুঠ ৮খন পৰ্যবেক্ষক ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ সদস্য দেশসমূহে সামূহিকভাৱে গোলকীয় হীৰা উৎপাদনৰ ৬০ শতাংশতকৈও অধিক অংশ যোগান ধৰে। বৰ্তমান ৰিপাব্লিক অব্ চিয়েৰা লিয়নৰ খনি আৰু খনিজ সম্পদ মন্ত্ৰী মাননীয় জুলিয়াছ ডেনিয়েল মাট্টাইৰ প্ৰতিনিধিত্বত দেশখনে এডিপিএৰ অধ্যক্ষতা কৰিছে। ২০২৬ চনৰ ৪ নৱেম্বৰত লুৱাণ্ডাত অনুষ্ঠিত এডিপিএ মন্ত্ৰী পৰিষদৰ ত্ৰয়োদশ বিশেষ বৈঠকত বটছোৱানাক এডিপিএৰ পৰ্যবেক্ষক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়।

২০২৬ চনৰ ৪ নৱেম্বৰত শ্ৰী যশবীৰ সিঙে এডিপিএ@২০ৰ মন্ত্ৰী পৰিষদ আৰু মূল স্মৃতিচাৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু “পাৰ্টনাৰিং ফৰ দ্য ফিউচাৰ: এ গ্ল’বেল ইণ্ডাষ্ট্ৰী পাৰ্চপেক্টিভ অন আফ্ৰিকাজ ডায়মণ্ড ফিউচাৰ” শীৰ্ষক  উপস্থাপন দাঙি ধৰে। ২০২৬ চনৰ কেপি অধ্যক্ষ (ভাৰত) হিচাপে ভাষণ দি তেওঁ গোলকীয় হীৰাৰ মূল্য শৃংখলত আফ্ৰিকাৰ উৎপাদনকাৰী দেশসমূহৰ কেন্দ্ৰীয় ভূমিকাক বিশেষভাৱে উল্লেখ কৰে আৰু উৎপাদনকাৰী, নিৰ্মাণ কেন্দ্ৰ তথা উপভোক্তা বজাৰসমূহৰ মাজৰ অংশীদাৰিত্বই প্ৰাকৃতিক হীৰা খণ্ডৰ দীৰ্ঘম্যাদী স্থায়িত্বক কেনেদৰে সমৰ্থন জনাব পাৰে, তাৰ ৰূপৰেখা দাঙি ধৰে। ভাৰতৰ ৩চি ধাৰণা—কনফিডেন্স, কমপ্লায়েন্স আৰু ক্ৰেডিবিলিটি (আত্মবিশ্বাস, নিয়ম মান্যতা আৰু বিশ্বাসযোগ্যতা)ৰ ওপৰত ভিত্তি কৰি তেওঁ আলোকপাত কৰে যে প্ৰাকৃতিক হীৰাৰ ওপৰত উপভোক্তাৰ আস্থা, কেপিৰ ন্যূনতম প্ৰয়োজনীয়তাসমূহৰ দৃঢ় নিয়ম মান্যতা আৰু এক বিশ্বাসযোগ্য তথা সৰ্বাংগীণ কিম্বাৰ্লি প্ৰচেছ উৎপাদনকাৰী দেশসমূহৰ উন্নয়নত হীৰা সম্পদে যাতে ধাৰাবাহিকভাৱে অৰিহণা যোগাই থাকিব পাৰে, তাৰ বাবে অপৰিহাৰ্য।

এই কাৰ্যসূচীত এডিপিএৰ দুই দশকৰ কাৰ্যকাল উদযাপনৰ উদ্দেশ্যে আফ্ৰিকাৰ হীৰা উৎপাদনকাৰী দেশসমূহৰ প্ৰতিনিধি, উদ্যোগ আৰু অন্যান্য অংশীদাৰসকল একত্ৰিত হয়। বৈঠকসমূহত এডিপিএ বহনক্ষম হীৰাৰ মান আৰু এডিপিএ বিজনেছ কাউঞ্চিল, বহনক্ষমতা আৰু অডিট প্ৰক্ৰিয়াৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনাৰ লগতে প্ৰাকৃতিক হীৰাৰ বিশুদ্ধতা ৰক্ষা, উদ্যোগৰ প্ৰচাৰ, বজাৰৰ স্বতন্ত্ৰতা আৰু উপভোক্তাৰ আস্থা সম্পৰ্কে বিস্তৃত আলোচনা অন্তৰ্ভুক্ত আছিল।

বিংশতিতম বাৰ্ষিকী উদযাপনৰ সমান্তৰালভাৱে অনুষ্ঠিত এডিপিএ মন্ত্ৰী পৰিষদৰ ত্ৰয়োদশ বিশেষ বৈঠকত ভাৰতৰ জেম এণ্ড জুৱেলৰী এক্সপ’ৰ্ট প্ৰমোচন কাউঞ্চিল (জিজেইপিচি) আৰু এডিপিএৰ মাজত এখন বুজাবুজি চুক্তি (এমঅ’ইউ) অনুমোদন কৰা হয়। এই বুজাবুজি চুক্তিখনে হীৰা বাছনি, মূল্যায়ন আৰু নিৰ্মাণৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি তথা প্ৰশিক্ষণ, কাৰিকৰী বিশেষজ্ঞতাৰ আদান-প্ৰদান আৰু হীৰাৰ মূল্য শৃংখলজুৰি ব্যৱসায় তথা বিনিয়োগ সংযোগ বৃদ্ধিৰ জৰিয়তে ভাৰতীয় ৰত্ন আৰু আভূষণ উদ্যোগ আৰু আফ্ৰিকাৰ হীৰা উৎপাদনকাৰী দেশসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্য লৈছে।

লুৱাণ্ডাত হোৱা এই আলোচনাই ভাৰত মণ্ডপমত ২০২৬ চনৰ ৩০ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ নিৰ্ধাৰিত নতুন দিল্লীৰ কেপি পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি আগবঢ়াই নিব। কেপি পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বে ২০২৬ চনৰ ২৯ নৱেম্বৰত ‘নতুন দিল্লী ডায়মণ্ড ডায়লগ’ (কেপি ফ’ৰাম) অনুষ্ঠিত হ’ব আৰু সংশ্লিষ্ট কাৰ্যসূচীসমূহ ২০২৬ চনৰ ৫ ডিচেম্বৰলৈকে চলিব। ২০০৮ আৰু ২০১৯ চনত ইয়াৰ পূৰ্বৰ অধ্যক্ষতাৰ পিছত ভাৰতে তৃতীয়বাৰৰ বাবে কেপি পূৰ্ণাংগ অধিৱেশনৰ আয়োজন কৰিব।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱ ৫৫/৫৬ (২০০০) অনুসৰি প্ৰতিষ্ঠা কৰা কিম্বাৰ্লি প্ৰচেছ চাৰ্টিফিকেচন আঁচনি (কেপিচিএছ) হৈছে বৈধ খহটা হীৰাৰ ব্যৱসায়ত সংঘাতপূৰ্ণ হীৰাৰ প্ৰৱেশ ৰোধ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা  আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ। কেপিয়ে চৰকাৰসমূহ, হীৰা উদ্যোগ আৰু নাগৰিক সমাজক লৈ গঠিত  ত্ৰিপাক্ষিক গাঁথনিৰ জৰিয়তে কাম কৰে। বৰ্তমান ইয়াত ৮৬খন দেশক প্ৰতিনিধিত্ব কৰা ৬০জন অংশগ্ৰহণকাৰী আছে, য’ত ইউৰোপিয়ান ইউনিয়নে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে একক সত্তা হিচাপে অংশগ্ৰহণ কৰিছে। কিম্বাৰ্লি প্ৰচেছৰ অধ্যক্ষতা ইয়াৰ অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত প্ৰতি বছৰে পৰিৱৰ্তন হয় আৰু ২০২৬ চনৰ ১ জানুৱাৰীত ভাৰতে ইয়াৰ অধ্যক্ষতা গ্ৰহণ কৰে।

 

***

Abhishek Dayal/ Shabbir Azad/ Ishita Biswas/MM


(ৰিলিজ আই ডি : 2333377) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil