স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশেষ অভিযান ৬ৰ অধীনত ১০০% লক্ষ্যত উপনীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনৰ প্ৰতিষ্ঠান আৰু কাৰ্যালয়ৰ ১.৬২ লাখৰো অধিক স্থানত গ্ৰহণ কৰা হয় বিশেষ অভিযান ৬

১.২০ লাখৰো অধিক ফাইল বাতিল কৰা হয়; ৫.৮২ লাখ বৰ্গফুটৰ কাৰ্যালয়ৰ স্থান পুনৰুদ্ধাৰ

১২,৮৪০টা ৰাজহুৱা অভিযোগ আৰু ১১৯টা সাংসদ ৰেফাৰেন্স নিষ্কাশন; স্ক্ৰেপ আৰু ই-আৱৰ্জনা নিষ্কাশনেৰে ১ কোটিতকৈ অধিক টকাৰ ৰাজহ আহৰণ

পোষ্ট কৰা হৈছে: 05 NOV 2026 1:12PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চলিত বৰ্ষৰ ২ৰ পৰা ৩১ অক্টোবৰলৈকে অনুষ্ঠিত বিশেষ অভিযান ৬ৰ অধীনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত ১০০% সফলতা লাভ কৰিছে। এই অভিযানৰ লক্ষ্য আছিল স্বচ্ছতাক প্ৰতিষ্ঠানগত কৰা, নিষ্পত্তি নোহোৱা ফাইলৰ দ’ম হ্ৰাস কৰা আৰু চৰকাৰী কাৰ্যালয়সমূহত প্ৰশাসনিক দক্ষতা শক্তিশালী কৰা।

সমগ্ৰ দেশৰে বিভাগসমূহৰ মুখ্য কাৰ্যালয়, কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়, সংলগ্ন আৰু অধীনস্থ কাৰ্যালয়, স্বায়ত্তশাসিত সংস্থা আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চি পি এছ ইউ)ত এই অভিযান ৰূপায়ণ কৰা হয়। ইয়াৰ দ্বাৰা ইয়াৰ সমগ্ৰ প্ৰতিষ্ঠানসমূহত স্বচ্ছতাৰ সংস্কৃতি, ফলপ্ৰসূ অভিলেখ ব্যৱস্থাপনা আৰু উন্নত কৰ্ম পৰিৱেশৰ প্ৰসাৰৰ বাবে মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় আৰু কাৰ্যকৰী কৰা হয়।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ নিৰ্দেশনাত এই অভিযানৰ অগ্ৰগতি নিয়মিতভাৱে পৰ্যালোচনা কৰি সময়মতে লক্ষ্যপ্ৰাপ্তি নিশ্চিত কৰা হয়। অভিযানৰ সময়ত বিভাগটোৰ অধীনস্থ কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহৰ ১,৬২,৩২৫টা স্থানত স্বচ্ছতা অভিযান চলোৱা হয়।

ৰাজহুৱা অভিযোগসমূহৰ সমাধান আৰু পৰি ৰোৱা প্ৰশাসনিক কাম-কাজৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰতো উল্লেখযোগ্য কৃতিত্ব লিপিবদ্ধ কৰা হৈছে।মুঠ ১২,৮৪০টা ৰাজহুৱা অভিযোগ আৰু ৬,০২৬খন সংশ্লিষ্ট আবেদন নিষ্পত্তি কৰা হয়, আনহাতে সাংসদৰ পৰা লাভ কৰা ১১৯টা ৰেফাৰেন্সৰ সমাধান কৰা হয়।এই অভিযানে ১৯টা নিয়ম আৰু প্ৰক্ৰিয়া সৰলীকৰণতো সুবিধা কৰি দিলে, যাৰ ফলত প্ৰশাসনিক পদ্ধতি সুশৃংখলিত হোৱাত অৰিহণা যোগাইছে।

অভিলেখ ব্যৱস্থাপনা অনুশীলনৰ অংশ হিচাপে ১,২৫,১১৪টা ফাইল পৰ্যালোচনা কৰা হৈছিল, ইয়াৰে ১,২০,১১৫টা ফাইল বাদ দিয়া হয়। ইয়াৰ উপৰি ৩৭,৪৮১টা ই-ফাইল পৰ্যালোচনা কৰা হয়, ৩২,৫৪২টা ই-ফাইল বন্ধ কৰা হয়। এই পদক্ষেপসমূহৰ ফলত ৫,৮২,৪৪৯ বৰ্গফুট কাৰ্যালয়ৰ স্থান পুনৰুদ্ধাৰ কৰা হয়। স্ক্ৰেপ আৰু ই-আৱৰ্জনা নিষ্কাশনেও ১ কোটিতকৈ অধিক টকাৰ ৰাজহ আহৰণ কৰে। একে সময়তে পুৰণি সামগ্ৰীৰ বাবেও দায়িত্বশীল ব্যৱস্থাপনা কৰা হয়।

এই অভিযানৰ অধীনত হোৱা অগ্ৰগতি আৰু সাফল্যসমূহ নিয়মিতভাৱে প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ বিশেষ অভিযান পৰ্টেলত https://scdpm.nic.inত আপলোড কৰা হয়। সমগ্ৰ বিভাগটোত গ্ৰহণ কৰা পদক্ষেপসমূহৰ নথিভুক্ত আৰু আলোকপাত কৰি তুলিবলৈ ছ’চিয়েল মিডিয়াৰ আপডেট, পি আই বিৰ বিবৃতি আৰু উত্তম পদ্ধতিসমূহো পৰ্টেলত শ্বেয়াৰ কৰা হৈছে।

বিশেষ অভিযান ৬ৰ সফল ৰূপায়ণৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্বচ্ছতাক প্ৰতিষ্ঠানিকৰণ, কাৰ্যক্ষম কাৰ্যালয় পৰিচালনাক প্ৰসাৰিত কৰা, দীৰ্ঘদিনে পৰি ৰোৱা প্ৰশাসনিক কামকাজ পৰি ৰোৱাটো হ্ৰাস কৰা আৰু সঁহাৰিমূলক ৰাজহুৱা সেৱা প্ৰদান নিশ্চিত কৰাৰ দিশত নিজৰ প্ৰচেষ্টা আৰু অধিক শক্তিশালী কৰিছে। কেইবাটাও পৰিমাপত লক্ষ্য অতিক্ৰম কৰাৰ সৈতে নিৰ্ধাৰিত লক্ষ্যৰ ১০০% লাভ কৰাটোৱে বিভাগটোৰ দক্ষ, জবাবদিহি আৰু নাগৰিককেন্দ্ৰিক শাসনৰ প্ৰতি স্থায়ী দায়বদ্ধতাক প্ৰতিফলিত কৰে।

 

*****

SR/US


(ৰিলিজ আই ডি : 2333011) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी