আয়ুষ
azadi ka amrit mahotsav

ধনতেৰাছত স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ক আৰু সুস্থ জীৱনশৈলী আঁকোৱালি লওক: প্ৰতাপৰাও যাদৱ

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীয়ে নাগৰিকসকলক সুস্থ জীৱন-যাপনক পৰিয়ালৰ অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিবলৈ আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়।

স্বাস্থ্যসন্মত খাদ্যাভ্যাস, যোগাভ্যাস আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাক দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ আহ্বান।

পোষ্ট কৰা হৈছে: 04 NOV 2026 11:51AM by PIB Guwahati

আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে নাগৰিকসকলক ধনতেৰাছৰ উদযাপনৰ  অবিচ্ছেদ্য অংগ হিচাপে স্বাস্থ্য আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাক গুৰুত্ব দিবলৈ আহ্বান জনাইছে। তেওঁ গুৰুত্ব সহকাৰে কয় যে প্ৰকৃত সমৃদ্ধি নিহিত হৈ আছে সুস্বাস্থ্য আৰু সামগ্ৰিক কল্যাণৰ মাজত।
এই উৎসৱৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে পৰিয়ালসমূহক স্বাস্থ্যসন্মত জীৱনশৈলীৰ অভ্যাস গঢ়ি তুলিবলৈ, ৰোগ প্ৰতিৰোধক অগ্ৰাধিকাৰ দিবলৈ আৰু দীৰ্ঘম্যাদী সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে সচেতনভাৱে বিনিয়োগ কৰিবলৈ উৎসাহিত কৰে।

ধনতেৰাছ, যাক ধন্বন্তৰি জয়ন্তী হিচাপেও পালন কৰা হয়, সাগৰ মন্থনৰ সময়ত অমৃত কলহ হাতত লৈ ভগৱান ধন্বন্তৰিৰ আৱিৰ্ভাৱৰ স্মৃতিত উদযাপন কৰা হয়। দেৱতাসকলৰ ঐশ্বৰিক চিকিৎসক হিচাপে পূজিত ভগৱান ধন্বন্তৰি ভাৰতৰ পৰম্পৰাগত জীৱন আৰু স্বাস্থ্যবিজ্ঞান আয়ুৰ্বেদৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।
এই  উপলক্ষই ব্যক্তিগত আৰু পাৰিবাৰিক সমৃদ্ধিৰ ভেটি হিচাপে স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ বিশেষ সুযোগ প্ৰদান কৰে।

শ্ৰী যাদৱে আলোকপাত কৰে যে ধনতেৰাছ পৰম্পৰাগতভাৱে সমৃদ্ধিৰ প্ৰতীক হিচাপে সোণ, ৰূপ আৰু ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাৰ সৈতে জড়িত যদিও এই উৎসৱে আমাক এই কথাও সোঁৱৰাই দিয়ে যে সুস্বাস্থ্যৰ সৈতে সংযুক্ত হ’লেহে বস্তুগত সম্পদৰ প্ৰকৃত মূল্য আৰু অধিক বৃদ্ধি পায়। তেওঁ দৃঢ়তাৰে কয় যে পৰিয়ালসমূহে ভৱিষ্যতৰ সমৃদ্ধি সুৰক্ষিত কৰাৰ বাবে যিদৰে গুৰুত্ব প্ৰদান কৰে, ঠিক একেদৰে নিজৰ স্বাস্থ্যৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰতো সমান গুৰুত্ব প্ৰদান কৰা উচিত।

প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে সাধাৰণতে কোনো ৰোগত আক্ৰান্ত হোৱাৰ পিছতহে স্বাস্থ্যসেৱাৰ বিষয়ে আলোচনা আৰম্ভ হয়। কিন্তু স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণৰ জৰিয়তে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো সমান গুৰুত্ব আৰোপ কৰা উচিত।
“স্বাস্থ্যস্য স্বাস্থ্য ৰক্ষণম” (Swasthasya Swasthya Rakshanam) শীৰ্ষক আয়ুৰ্বেদৰ নীতিৰ উল্লেখ কৰি তেওঁ কয় যে এই নীতিয়ে সুস্থ ব্যক্তিৰ স্বাস্থ্য অটুট ৰখাত গুৰুত্ব আৰোপ কৰে। অসংক্ৰামক ৰোগ, শাৰীৰিক পৰিশ্ৰমবিহীন জীৱনশৈলী আৰু মানসিক চাপৰ দৰে ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত এই দৃষ্টিভংগীৰ প্ৰাসংগিকতাৰ বিষয়েও তেওঁ আলোকপাত কৰে।

মন্ত্ৰীগৰাকীয়ে গুৰুত্বসহকাৰে উল্লেখ কৰে যে সুষম পুষ্টিকৰ খাদ্য গ্ৰহণ, নিয়মীয়া শাৰীৰিক ব্যায়াম, পৰ্যাপ্ত টোপনি আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ দৰে দৈনন্দিন অভ্যাসসমূহে সামগ্ৰিক সুস্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
তেওঁ পৰিয়ালসমূহক ঘৰতে প্ৰস্তুত কৰা পুষ্টিকৰ খাদ্য গ্ৰহণৰ অভ্যাস গঢ়ি তুলিবলৈ, অস্বাস্থ্যকৰ ফাষ্ট ফুডৰ অত্যধিক সেৱন হ্ৰাস কৰা, নিয়মীয়াকৈ শাৰীৰিক কাৰ্যকলাপত অংশগ্ৰহণ কৰা আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ উপযুক্ত যত্ন তথা প্ৰয়োজনীয় মনোযোগ নিশ্চিত কৰিবলৈ উৎসাহিত কৰে।ইয়াৰ উপৰি, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ দিশত নিয়মীয়া যোগাভ্যাস আৰু সময়মতে স্বাস্থ্য পৰীক্ষা কৰোৱাকো তেওঁ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উল্লেখ কৰে।

প্ৰতিৰোধমূলক আৰু স্বাস্থ্য-উন্নয়নমূলক স্বাস্থ্যসেৱাৰ প্ৰসাৰত আয়ুষ চিকিৎসা পদ্ধতিসমূহৰ অৱদানৰ ওপৰত আলোকপাত কৰি শ্ৰী যাদৱে উল্লেখ কৰে যে আয়ুষ্মান আৰোগ্য মন্দিৰৰ দৰে পদক্ষেপসমূহে সমাজৰ তৃণমূল পৰ্যায়ত আয়ুষভিত্তিক স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণত সহায় কৰি আহিছে।
তেওঁ লগতে ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহে দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাত দায়িত্বশীলভাৱে অৰিহণা যোগোৱাটো নিশ্চিত কৰাৰ বাবে বৈজ্ঞানিক গৱেষণা, গুণগত মান আৰু প্ৰমাণভিত্তিক চিকিৎসা পদ্ধতিৰ মহত্ত্বতো বিশেষ গুৰুত্ব আৰোপ কৰে।


মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘ফিট ইণ্ডিয়া’ৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে যে জীৱনশৈলীৰ সৈতে জড়িত ৰোগসমূহ প্ৰতিৰোধ কৰাৰ বাবে দৈনন্দিন জীৱনশৈলীত সৰু সৰু কিন্তু অৰ্থপূৰ্ণ পৰিৱৰ্তন অনাত প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে।
তেওঁ আলোকপাত কৰে যে শাৰীৰিক সক্ষমতা কেৱল ব্যক্তিগত প্ৰচেষ্টাৰ বিষয় নহয়, বৰঞ্চ এখন সুস্থ আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তোলাৰ  অপৰিহাৰ্য ভেটি। ২০৪৭ চনৰ ভিতৰত "বিকশিত ভাৰত"ৰ লক্ষ্যত উপনীত হোৱাৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত অধিক সুস্থ আৰু স্বাস্থ্যৰ প্ৰতি সচেতন নাগৰিকসকল দেশৰ উন্নয়নৰ যাত্ৰাৰ অন্যতম প্ৰধান চালিকাশক্তি হৈ উঠিব।

এই ধনতেৰাছত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাক ব্যক্তিগত আৰু পাৰিবাৰিক দায়বদ্ধতা হিচাপে গ্ৰহণ কৰিবলৈ নাগৰিকসকলৰ প্ৰতি আহ্বান জনাই শ্ৰী যাদৱে সকলোকে নিজৰ দৈনন্দিন জীৱনচৰ্যাত অন্ততঃ এটা ইতিবাচক স্বাস্থ্যসন্মত অভ্যাস অন্তৰ্ভুক্ত কৰিবলৈ আৰু পৰিয়ালৰ আন এজন সদস্যকো এনে অভ্যাস গঢ়ি তুলিবলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায়।
তেওঁ লগতে পৰিয়ালৰ জ্যেষ্ঠ সদস্য, মহিলা আৰু শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিবলৈ, সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আৰু সুস্থ জীৱন-যাপনক  উমৈহতীয়া পাৰিবাৰিক দায়িত্ব হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে গুৰুত্বসহকাৰে উল্লেখ কৰে যে এই ধনতেৰাছত নাগৰিকসকলে সমৃদ্ধিৰ পৰম্পৰাগত প্ৰতীকসমূহৰ ঊৰ্ধ্বলৈ গৈ স্বাস্থ্যসন্মত অভ্যাস আঁকোৱালি লোৱা, আপোনজনৰ যত্ন লোৱা আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাক নিজৰ পৰিয়ালৰ ভৱিষ্যতৰ ভেটি হিচাপে গঢ়ি তোলাত গুৰুত্ব দিব লাগে। ইয়াৰ জৰিয়তে তেওঁ “স্বাস্থ্যই হৈছে সৰ্বশ্ৰেষ্ঠ সম্পদ” — এই চিৰন্তন নীতিক পুনৰ প্ৰতিষ্ঠা কৰে।

 



SR/SV/SG/SD


(ৰিলিজ আই ডি : 2332436) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati