পোষ্ট কৰা হৈছে:
03 NOV 2026 6:43PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ড্ৰাগছ নিয়মাৱলী, ১৯৪৫-ৰ সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছে, যাৰ জৰিয়তে ঔষধ প্ৰস্তুতকাৰীসকলে ড্ৰাগছ বেটচ অনুমোদনৰ বাবে উপযুক্ত অৰ্হতা আৰু অভিজ্ঞতাসম্পন্ন ব্যক্তিক আনুষ্ঠানিকভাৱে কৰ্তৃত্ব প্ৰদান কৰাটো আৰু উৎপাদিত প্ৰতিটো বেটচৰ বাবে নিৰ্ধাৰিত নথিপত্ৰ সংৰক্ষণ কৰাটো বাধ্যতামূলক কৰা হৈছে।
এই প্ৰস্তাৱিত সংশোধনীৰ মূল লক্ষ্য হৈছে বেটচ অনুমোদনৰ দায়িত্বত থকা কৰ্মীসকলৰ কৰ্তৃত্ব প্ৰদানৰ বাবে স্পষ্ট নিয়ন্ত্ৰণমূলক বাধ্যবাধকতা আৰোপ কৰি ঔষধ উৎপাদন প্ৰক্ৰিয়াত জবাবদিহিতা অধিক শক্তিশালী কৰা। যদিও উৎপাদন অনুজ্ঞাপত্ৰৰ বাবে বৰ্তমানে প্ৰস্তুতকাৰীসকলে উৎপাদন আৰু পৰীক্ষণৰ দায়িত্বত থকা উপযুক্ত কাৰিকৰী কৰ্মীৰ সবিশেষ তথ্য দাখিল কৰাটো বাধ্যতামূলক, তথাপি বেটচ অনুমোদনৰ দায়িত্ব ল’বলৈ কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিৰ নাম উল্লেখ কৰাৰ কোনো নিৰ্দিষ্ট ব্যৱস্থা নাই।
প্ৰস্তাৱিত নীতি অনুসৰি, ড্ৰাগছ নিয়মাৱলী, ১৯৪৫-ৰ প্ৰাসংগিক ব্যৱস্থাৱলীৰ অধীনত উৎপাদন অনুজ্ঞাপত্ৰ বিচৰা আৱেদনকাৰীসকলে বেটচ অনুমোদনৰ বাবে এজন উপযুক্ত অৰ্হতা আৰু অভিজ্ঞতাসম্পন্ন ব্যক্তিক মনোনীত কৰিব লাগিব আৰু নিৰ্ধাৰিত নিয়ম অনুসৰি বেটচ অনুমোদনৰ নথি সংৰক্ষণ কৰিব লাগিব। সংশোধনীসমূহত নিয়মাৱলীৰ অধীনত বেটচ ৰিলিজ চাৰ্টিফিকেট অৰ্থাৎ বেটচ অনুমোদন প্ৰমাণপত্ৰৰ বাবে নিৰ্ধাৰিত প্ৰপত্ৰ প্ৰৱৰ্তনৰো প্ৰস্তাৱ কৰা হৈছে।
ঔষধ উৎপাদন প্ৰক্ৰিয়াত বেটচ অনুমোদন হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যায়, য’ত বিতৰণৰ বাবে কোনো বেটচ মুকলি কৰাৰ পূৰ্বে প্ৰাসংগিক গুণগত মান আৰু নথিপত্ৰৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়। প্ৰস্তাৱিত নিয়মসমূহৰ উদ্দেশ্য হৈছে এই দায়িত্বৰ বাবে স্পষ্ট দায়বদ্ধতা নিৰ্ধাৰণ কৰা, বেটচ অনুমোদনৰ সিদ্ধান্তসমূহৰ অনুসৰণযোগ্যতা নিশ্চিত কৰা আৰু সামগ্ৰীৰ গুণগত মান নিৰীক্ষণৰ অতিৰিক্ত স্তৰ প্ৰদান কৰা।
এই প্ৰস্তাৱিত সংশোধনীয়ে প্ৰস্তুতকাৰীসকলক প্ৰযোজ্য গুড মেনুফেকচাৰিং প্ৰেকটিচেছ জিএমপি-ৰ সৈতে সংগতি ৰখাটো অধিক সুদৃঢ় কৰাত সহায় কৰিব আৰু ঔষধৰ মানৰ নিশ্চয়তা নিয়ন্ত্ৰণ কৰা বিধিগত গাঁথনিটোক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।
প্ৰস্তাৱিত সংশোধনীসমূহৰ ওপৰত কিবা আপত্তি আৰু পৰামৰ্শ থাকিলে সেয়া আণ্ডাৰ চেক্ৰেটেৰী (ড্ৰাগছ ৰেগুলেচন), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰ, ইউ-৬, ৱৰ্ক হল, চি উইং, প্ৰথম মহলা, কৰ্তব্য ভৱন-১, নতুন দিল্লী – ১১০০০১ ঠিকনালৈ প্ৰেৰণ কৰিব পাৰিব, অথবা drugsdiv-mohfw[at]gov[dot]in ঠিকনালৈ ইমেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
অফিচিয়েল গেজেটখন এই লিংকৰ জৰিয়তে চাব পাৰিব: https://egazette.gov.in/(S(zu3bdufmb1s5ohiecknxwupz))/ViewPDF.aspx
*****
SR/MM