পোষ্ট কৰা হৈছে:
03 NOV 2026 6:10PM by PIB Guwahati
হেডকোৱাৰ্টাৰ্ছ ইন্টিগ্ৰেটেড ডিফেঞ্চ ষ্টাফ (এইচকিউআইডিএছ)-ৰ তত্ত্বাৱধানত চেণ্টাৰ ফৰ জইণ্ট ৱাৰফেয়াৰ ষ্টাডিজ (চিইএনজেঅ’ডব্লিউএছ)-ৰ দ্বাৰা আয়োজিত “চাইবাৰ-সক্ষম জ্ঞানমূলক যুদ্ধ” (চাইবাৰ-এনাবল্ড কগনিটিভ ৱাৰফেয়াৰ) বিষয়ক দুদিনীয়া আলোচনা-চক্ৰখনি ৩ নৱেম্বৰ ২০২৬ তাৰিখে নতুন দিল্লীত সমাপ্ত হয়। বিমান বাহিনীৰ মুৰব্বী, এয়াৰ চীফ মাৰ্শ্বাল আশুতোষ দীক্ষিতে বিশেষ ভাষণ প্ৰদান কৰি কাৰ্যক্ষম দক্ষতা আৰু পৰিস্থিতিজনিত সজাগতা বৃদ্ধিৰ বাবে সকলো অংশীদাৰৰ মাজত সমন্বয় তথা একত্ৰিত কাৰ্যপ্ৰণালীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
আলোচনা-চক্ৰৰ দ্বিতীয় দিনটোত চাইবাৰ-সক্ষম জ্ঞানমূলক ক্ষেত্ৰত প্ৰতিৰোধৰ পৰিৱৰ্তিত দৃষ্টিভংগীত গুৰুত্ব দিয়া হয়; য’ত উদীয়মান ভাবুকিসমূহ মোকাবিলা কৰাৰ বাবে ডিজিটেল প্ৰশাসন, নৈতিক বিবেচনা আৰু আইনী পৰিকাঠামোৰ সমান্তৰালভাৱে সঁহাৰি বিকল্পসমূহৰ প্ৰশিক্ষণ, অনুকৰণ আৰু সক্ষমতা বিকাশৰ বিশ্বাসযোগ্যতাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। চাইবাৰ সক্ষমতা, কৃত্ৰিম বুদ্ধিমত্তা তথ্যৰ অপপ্ৰয়োগ আৰু মানসিক প্ৰভাৱৰ সংযোগ তথা সেইবোৰে ৰাষ্ট্ৰীয় নিৰাপত্তালৈ কঢ়িয়াই অনা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত উৎস নিৰূপণ, কৌশলগত সংকেত প্ৰেৰণ, সমন্বিত সঁহাৰি আৰু জ্ঞানমূলক ক্ষেত্ৰত শত্ৰুভাবাপন্ন কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবে প্ৰাতিষ্ঠানিক সক্ষমতা গঢ়ি তোলা সম্পৰ্কীয় বিষয়সমূহেও স্থান লাভ কৰে।
এই আলোচনা-চক্ৰখনে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত সমন্বিত, বহু-ক্ষেত্ৰীয় দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাক আলোকপাত কৰে; য’ত স্বীকাৰ কৰা হয় যে চাইবাৰ-সক্ষম জ্ঞানমূলক ভাবুকিসমূহ কেৱল পাৰম্পৰাগত প্ৰযুক্তিগত দুৰ্বলতাৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ ই ধাৰণা, সিদ্ধান্ত গ্ৰহণ আৰু প্ৰাতিষ্ঠানিক বিশ্বাসকো প্ৰভাৱিত কৰে। এই আলোচনা-বিলোচনাৰ মূল লক্ষ্য আছিল যৌথ আৰু আন্তঃসংস্থা বুজাবুজি সুদৃঢ় কৰা, প্ৰতিৰক্ষা, চৰকাৰী, বৈজ্ঞানিক আৰু শৈক্ষিক সমাজৰ মাজত সহযোগিতা বৃদ্ধি কৰা, আৰু পৰিৱৰ্তিত নিৰাপত্তা পৰিৱেশ মোকাবিলা কৰাৰ বাবে ফলপ্ৰসূ সক্ষমতা তথা সঁহাৰি পৰিকাঠামো গঢ়ি তোলাত অৰিহণা যোগোৱা।
আলোচনা -চক্ৰখনত প্ৰাক্তন চীফ অব্ ডিফেঞ্চ ষ্টাফ তথা বিবেকানন্দ ইণ্টাৰনেচনেল ফাউণ্ডেচনৰ সঞ্চালক জেনেৰেল অনিল চৌহানে (অৱসৰপ্ৰাপ্ত) বিশেষ ভাষণ প্ৰদান কৰে। জ্ঞানমূলক ক্ষেত্ৰত উদীয়মান প্ৰত্যাহ্বানসমূহ পৰ্যালোচনা কৰিবলৈ আৰু প্ৰতিৰোধ, আন্তঃসংস্থা সমন্বয় তথা সক্ষমতা বিকাশৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰস্তুতি শক্তিশালী কৰাৰ কৌশলসমূহ অন্বেষণ কৰিবলৈ এই আলোচনা-চক্ৰই প্ৰতিৰক্ষা বাহিনী, চৰকাৰ, শৈক্ষিক মহল, প্ৰযুক্তি আৰু সংবাদ মাধ্যমৰ অংশীদাৰসকলক একত্ৰিত কৰে।
***
VK/SR/Ruchi/MM