সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

টাৱাং মঠত শ্ৰদ্ধালুসকলৰ দ্বাৰা ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষ (ধাতু) দৰ্শন আৰু শ্ৰদ্ধা নিবেদন

পৱিত্ৰ অৱশেষৰ (ধাতু) আশিস গ্ৰহণৰ বাবে টাৱাং মঠত ভক্তিপ্ৰাণ ৰাইজৰ বৃহৎ সমাগম

বিশেষ প্ৰদৰ্শনীৰ জৰিয়তে মঠ চৌহদত বৌদ্ধ ধৰ্মৰ প্ৰত্নতাত্ত্বিক, ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ নিদৰ্শন উপস্থাপন

পোষ্ট কৰা হৈছে: 03 NOV 2026 5:28PM by PIB Guwahati

অৰুণাচল প্ৰদেশৰ টাৱাং আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ভক্তিপ্ৰাণ ৰাইজৰ বাবে গাডেন নামগ্যাল ল্হাৎচে অৰ্থাৎ টাৱাং মঠত আয়োজিত শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশেষ (ধাতু) প্ৰদৰ্শনে গভীৰ আধ্যাত্মিক ভক্তি আৰু শ্ৰদ্ধা নিবেদনৰ এটি অনন্য পৰিৱেশ সৃষ্টি কৰিছে। এই কাৰ্যসূচীৰ প্ৰথম তিনিটা দিনত মঠ চৌহদত ভক্তিপ্ৰাণ ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। পৱিত্ৰ অৱশেষৰ (ধাতু) এপলক দৰ্শন, প্ৰাৰ্থনা আৰু শ্ৰদ্ধা নিবেদনৰ বাবে বহু লোকে দীঘলীয়া শাৰীত অপেক্ষা কৰে। ভক্তসকলৰ এই সক্ৰিয় অংশগ্ৰহণে ভগৱান বুদ্ধ আৰু তেওঁৰ চিৰন্তন বাণীৰ প্ৰতি জনসাধাৰণৰ গভীৰ বিশ্বাস আৰু ভক্তিৰ প্ৰতিফলন ঘটাইছে।

বৌদ্ধ ভিক্ষু, জ্যেষ্ঠ নাগৰিক আৰু সাধাৰণ ৰাইজ সকলোৰে বাবে এই প্ৰদৰ্শনীৰ ব্যৱস্থা মুকলি ৰখা হৈছে, যাৰ জৰিয়তে ভক্তসকলে পৱিত্ৰ অৱশেষৰ (ধাতু) সন্মুখত শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ইয়াৰ আধ্যাত্মিক তাৎপৰ্য উপলব্ধি কৰাৰ এটি বিৰল সুযোগ লাভ কৰিছে। বুদ্ধৰ চিৰন্তন কৰুণা, শান্তি, প্ৰজ্ঞা আৰু বিশ্ব ভাতৃত্ববোধৰ বাণীৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰো ই এক মহৎ সুযোগ আনি দিছে।

পৱিত্ৰ অৱশেষ (ধাতু) প্ৰদৰ্শনৰ সমান্তৰালভাৱে দুখন বিশেষ প্ৰদৰ্শনীৰ জৰিয়তে দৰ্শনাৰ্থীসকলক বৌদ্ধ সভ্যতাৰ চহকী ঐতিহ্য আৰু বিভিন্ন মাত্ৰাৰ সৈতে পৰিচয় হোৱাৰ সুযোগ দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ উদ্যোগত আয়োজিত 'পৱিত্ৰ পিপ্ৰাহৱাৰ উন্মোচন : ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষ (ধাতু) আৰু ইয়াৰ আৱিষ্কাৰৰ কাহিনী' শীৰ্ষক প্ৰদৰ্শনীখনত ১৮৯৮ চনত হোৱা পিপ্ৰাহৱা অৱশেষৰ (ধাতু) আৱিষ্কাৰ আৰু বৌদ্ধ ইতিহাসত ইয়াৰ প্ৰত্নতাত্ত্বিক তাৎপৰ্যক তুলি ধৰা হৈছে। আনহাতে, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ে সজাই তোলা 'ধম্ম(ধৰ্ম )ৰ সংযোগস্থল : ধ্ৰুপদী ঐতিহ্য, জীৱন্ত কলা আৰু নৃতাত্ত্বিক দৃষ্টিভংগী' শীৰ্ষক দ্বিতীয়খন প্ৰদৰ্শনীত বৌদ্ধ ধৰ্মৰ ঐতিহাসিক, কলাত্মক আৰু সাংস্কৃতিক ক্ৰমবিকাশ প্ৰদৰ্শন কৰা হৈছে। এই দুয়োখন প্ৰদৰ্শনীয়ে দৰ্শনাৰ্থীসকলক বৌদ্ধ ধৰ্মৰ সমৃদ্ধ আৰু চিৰস্থায়ী ঐতিহ্যৰ বিষয়ে অধিক গভীৰভাৱে জানিবলৈ সুযোগ প্ৰদান কৰিছে।

 

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰা অনা শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশেষ (ধাতু) ঐতিহাসিক টাৱাং মঠত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীপ্ৰেমা খাণ্ডুৱে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ৰাজ্যখনত এই পৱিত্ৰ কাৰ্যসূচীৰ শুভাৰম্ভণী উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰীগজেন্দ্ৰ সিং শ্বেখাৱতৰ লগতে বৌদ্ধ ভিক্ষু, ধৰ্মীয় নেতা আৰু বৃহৎসংখ্যক ভক্তি প্ৰাণ ৰাইজ উপস্থিত থাকে।

টাৱাং মঠত অহা ৭ নৱেম্বৰ, ২০২৬ তাৰিখলৈকে এই প্ৰদৰ্শনী অব্যাহত থাকিব। ইয়াৰ পাছত পৱিত্ৰ অৱশেষসমূহ (ধাতু) ব’মডিলাৰ টিজিএল মঠ অৰ্থাৎ ল'ৱাৰ গোম্পালৈ লৈ যোৱা হ'ব, য'ত ৮ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰ, ২০২৬ তাৰিখলৈ সৰ্বসাধাৰণৰ দৰ্শন আৰু শ্ৰদ্ধা নিবেদনৰ বাবে মুকলি ৰখা হ'ব। পৰৱৰ্তী সময়ত ১৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰ, ২০২৬ তাৰিখলৈ নামছাইৰ গোল্ডেন পেগোডাত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ২১ নৱেম্বৰ, ২০২৬ তাৰিখে পৱিত্ৰ অৱশেষসমূহ (ধাতু) নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ পুনৰ ঘূৰাই অনাৰ দিন নিৰ্ধাৰণ কৰা হৈছে।

 

M Annadurai/KrDD


(ৰিলিজ আই ডি : 2332332) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी