পোষ্ট কৰা হৈছে:
03 NOV 2026 2:46PM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ জাহাজ আই এন এছ সহয়াদ্ৰিয়ে ২৯ অক্টোবৰত দক্ষিণ কোৰিয়া গণৰাজ্যৰ বুছানত অনুষ্ঠিত ভাৰতীয় নৌসেনা আৰু দক্ষিণ কোৰিয়া নৌসেনাৰ দ্বিপাক্ষিক অনুশীলনত অংশগ্ৰহণ সফলতাৰে সম্পন্ন কৰে। এই কাৰ্যসূচীয়ে দুয়োখন দেশৰ নৌসেনাৰ মাজত সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক কাৰ্যক্ষমতা আৰু বুজাবুজি বৃদ্ধি কৰে।
অনুশীলনৰ বন্দৰ পৰ্যায়ত পেছাদাৰী আলোচনা, পৰস্পৰৰ জাহাজ পৰিদৰ্শন, অভিযান সম্পৰ্কীয় অৱগতকৰণ আৰু বিষয়ভিত্তিক বিশেষজ্ঞসকলৰ মাজত মত বিনিময়ৰ জৰিয়তে ভাৰতীয় নৌসেনা আৰু দক্ষিণ কোৰিয়া নৌসেনাৰ সদস্যসকলৰ মাজত অৰ্থপূৰ্ণ মত বিনিময়ৰ সুযোগ সৃষ্টি হয়। এই আদান-প্ৰদানে অভিযান সম্পৰ্কীয় অভিজ্ঞতা আৰু উত্তম কাৰ্যপদ্ধতিৰ বিনিময়ত সহায় কৰে। আনহাতে, সাংস্কৃতিক বিনিময় আৰু ক্ৰীড়া কাৰ্যসূচীয়ে দুয়ো পক্ষৰ মাজত সৌহাৰ্দ্য আৰু পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰে।
সাগৰীয় পৰ্যায়ত এই পেছাদাৰী মত বিনিময়সমূহ ব্যৱহাৰিক অভিযানমূলক কাৰ্যকলাপলৈ ৰূপান্তৰিত হয়। এই পৰ্যায়ত আই এন এছ সহয়াদ্ৰি আৰু দক্ষিণ কোৰিয়াৰ নৌসেনাৰ জাহাজ আৰ অ’ কে এছ মুনমু দ্য গ্ৰেটে সমন্বিত নৌ-চালনা, হেলিকপ্টাৰ পৰিচালনা আৰু যৌথ সামুদ্ৰিক কৌশলগত অনুশীলনত অংশগ্ৰহণ কৰে। এই অনুশীলনে সাগৰত পাৰস্পৰিক সমন্বয়ৰ অনুশীলন, পৰস্পৰৰ কাৰ্যপদ্ধতিৰ বিষয়ে অধিক ভালদৰে বুজি উঠা আৰু দুয়োখন নৌসেনাৰ মাজত পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধিৰ সুযোগ প্ৰদান কৰে।
এই অনুশীলনৰ সফল সামৰণিয়ে নিৰন্তৰ যোগাযোগ আৰু সহযোগিতাৰ জৰিয়তে সামুদ্ৰিক সহযোগিতা অধিক গভীৰ কৰাৰ ক্ষেত্ৰত ভাৰত আৰু দক্ষিণ কোৰিয়া গণৰাজ্যৰ উমৈহতীয়া সংকল্পৰ প্ৰতিফলন ঘটায়। এনে যোগাযোগে পাৰস্পৰিক বিশ্বাস আৰু আস্থা বৃদ্ধিত সহায় কৰাৰ লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ উমৈহতীয়া প্ৰচেষ্টাকো শক্তিশালী কৰে।
(4)_20261103144705_211409.jpeg)
(3)_20261103144735_5b0952.jpeg)
VM/AS /UD