পোষ্ট কৰা হৈছে:
02 NOV 2026 6:10PM by PIB Guwahati
দহ মহীয়া আন্তঃমহাসাগৰীয় পালতোলা জাহাজ অভিযান ‘লোকায়ান ২৬’ সফলভাৱে সমাপ্ত কৰি ২০২৬ চনৰ ০২ নৱেম্বৰত জাহাজখনে কোচিলৈ প্ৰত্যাৱৰ্তন কৰাৰ লগে লগে ভাৰতীয় নৌসেনাই আইএনএছ সুদৰ্শিনীক আনুষ্ঠানিক আদৰণি জনায়। মহাসাগৰসমূহত ২২,০০০ নটিকেল মাইলতকৈও অধিক বিস্তৃত অসাধাৰণ যাত্ৰাৰ অন্তত জাহাজৰ কৰ্মীসকলক আদৰিবলৈ তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল একত্ৰিত হোৱাৰ সময়তে এই প্ৰত্যাৱৰ্তনক ৱাটাৰ কেনন ছেল্যুট আৰু নৌসেনাৰ বেণ্ডৰ আনুষ্ঠানিক বাদ্যৰে চিহ্নিত কৰা হয়।
এই ফ্লেগ-ইন অনুষ্ঠানত দক্ষিণ নৌসেনা কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং-ইন-চীফ ভাইচ এডমিৰেল সমীৰ ছাক্সেনাই সভাপতিত্ব কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি এফঅ’চি-ইন-চি ছাউথে জাহাজৰ কৰ্মীসকলৰ দৃষ্টান্তমূলক অধ্যৱসায়, পেছাদাৰিত্ব, স্থিতিস্থাপকতা আৰু কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠাক প্ৰশংসা কৰে, যিয়ে দেশ আৰু ভাৰতীয় নৌসেনালৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ উল্লেখ কৰে যে এই বিৰল কৃতিত্বৰ সফল সমাপ্তিয়ে ভাৰতীয় নৌসেনাৰ পালতোলা প্ৰশিক্ষণ, নাৱিকসুলভ দক্ষতা আৰু কাৰ্যকৰী প্ৰস্তুতিৰ উচ্চ মান প্ৰতিফলিত কৰাৰ লগতে ভাৰতৰ সামুদ্ৰিক ঐতিহ্য আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক তুলি ধৰিছে।
২০২৬ চনৰ ২০ জানুৱাৰীত কোচিৰ পৰা ‘লোকায়ান ২৬’ৰ যাত্ৰা আৰম্ভ হৈছিল। এই ঐতিহাসিক যাত্ৰাত এছিয়া, ইউৰোপ, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ ১১খন দেশৰ ১৭টা ভিন্ন বন্দৰত জাহাজখনে প্ৰৱেশ কৰে। এই অভিযানত দুবাৰকৈ আটলান্টিক মহাসাগৰ পাৰ হোৱাৰ লগতে বিভিন্ন সামুদ্ৰিক পৰিৱেশৰ মাজেৰে সুদীৰ্ঘ নৌযাত্ৰা সম্পন্ন কৰা হয়, যিয়ে সুদূৰ মহাসাগৰীয় পালতোলা যাত্ৰাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ অমূল্য অভিজ্ঞতা প্ৰদান কৰে (https://www.pib.gov.in/PressReleasePage.aspx?PRID=2216522)।
এই অভিযানৰ অন্যতম প্ৰধান আকৰ্ষণ আছিল ফ্ৰান্সত অনুষ্ঠিত ‘এস্কাল আ ছেতে’ সামুদ্ৰিক ঐতিহ্য মহোৎসৱত জাহাজখনৰ অংশগ্ৰহণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মৃতিচাৰণ কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত ‘ছেইল ২৫০’ তথা ‘আন্তঃৰাষ্ট্ৰীয় নৌ সমীক্ষা’ত ভাগ লোৱা। প্ৰতিকূল বতৰ আৰু সাগৰীয় পৰিস্থিতিৰ মাজতো ১৮ দিনত ২,২০০ নটিকেল মাইল অতিক্ৰম কৰি সম্পন্ন কৰা এই আটলান্টিক পাৰাপাৰ আছিল কেৱল পালৰ সহায়ত অতিক্ৰম কৰা আটাইতকৈ দীঘলীয়া দূৰত্ব। এই কৃতিত্বই নাৱিকসকলৰ পালচালন দক্ষতা, ধৈৰ্য্য, সুসংহত দলীয় কাম আৰু জটিল মহাসাগৰীয় পৰিস্থিতি সফলতাৰে পাৰ কৰাৰ সামৰ্থ্যক প্ৰমাণ কৰে।
(https://www.pib.gov.in/PressReleasePage.aspx?PRID=2246112)
(https://www.pib.gov.in/PressReleasePage.aspx?PRID=2289604 )
‘লোকায়ান ২৬’ অভিযানে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে এখন বিস্তৃত মঞ্চও প্ৰদান কৰা হয়। ৰয়েল মৰোক্কান নৌসেনা, পৰ্তুগীজ নৌসেনা, ইটালীয় নৌসেনা, ইজিপ্তীয় নৌসেনা আৰু স্পেনিছ নৌসেনাৰ সৈতে পেছাদাৰী বাৰ্তালাপ, প্ৰশিক্ষণ বিনিময় আৰু যৌথ প্ৰশিক্ষণ কাৰ্যসূচী আছিল এই অভিযানৰ অন্যতম প্ৰধান আকৰ্ষণ। এই সম্পৰ্কসমূহে সামুদ্ৰিক সহযোগিতাক অধিক আগুৱাই লৈ যায় আৰু সংশ্লিষ্ট সামুদ্ৰিক বাহিনী তথা নৌসেনাসমূহৰ মাজত বন্ধুত্বৰ সেতু গঢ়ি তোলে। বিভিন্ন বন্দৰত প্ৰৱেশ, জাহাজৰ ভিতৰত ভ্ৰমণ আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময়ৰ জৰিয়তে আইএনএছ সুদৰ্শিনীয়ে ভাৰতৰ সামুদ্ৰিক ঐতিহ্য আৰু সদিচ্ছাৰ বিশিষ্ট দূত হিচাপে কাম কৰে। এই অভিযানে ভাৰতৰ সামুদ্ৰিক দৃষ্টিভংগী ‘মহাসাগৰ’ আৰু ‘বসুধৈৱ কুটুম্বকম’— সমগ্ৰ বিশ্বই এটা পৰিয়াল— এই সভ্যতাগত আদৰ্শকেই প্ৰতিফলিত কৰে।
কূটনৈতিক যোগাযোগৰ উপৰি এই অভিযানৰ মূল লক্ষ্য পালতোলা প্ৰশিক্ষণৰ ওপৰতে নিবদ্ধ আছিল। জাহাজখনে যুৱ প্ৰশিক্ষাৰ্থী বিষয়াসকলক মহাসাগৰীয় দিকদৰ্শন, ৱাটছকিপিং, পাল সঞ্চালন, ৰিগিং, বতৰ বিজ্ঞান সম্বন্ধীয় মূল্যায়ন আৰু জাহাজ পৰিচালনাৰ ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰে।
‘লোকায়ান ২৬’ৰ সফল সমাপ্তিয়ে ভাৰতৰ সামুদ্ৰিক সম্প্ৰসাৰণ আৰু বিশ্বব্যাপী সম্পৰ্ক স্থাপনৰ পদক্ষেপসমূহত উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে, যিয়ে পেছাদাৰী প্ৰশিক্ষণ আৰু মহাসাগৰীয় পালচালনত উৎকৃষ্টতাৰ প্ৰতি ভাৰতীয় নৌসেনাৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে।
(2)_20261102210250_704a5c.jpeg)
****
VM/AS/MM