প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

টাইগাৰ ট্ৰায়াম্ফ ২০২৬ সামৰিক অনুশীলনৰ উদ্বোধনী অনুষ্ঠান

পোষ্ট কৰা হৈছে: 03 NOV 2026 11:02AM by PIB Guwahati

ভাৰত–আমেৰিকাৰ তিনিওটা সামৰিক বাহিনীৰ মাজত আয়োজন কৰা মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য (এইচ এ ডি আৰ) সম্পৰ্কীয় দ্বিপাক্ষিক সামৰিক অনুশীলন ‘টাইগাৰ ট্ৰায়াম্ফ ২০২৬’ৰ পঞ্চম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান ২ নৱেম্বৰত বিশাখাপট্টনমৰ মেৰিটাইম ৱাৰফেয়াৰ চেণ্টাৰ (এম ডব্লিউ চি)ত অনুষ্ঠিত হয়। এইবাৰৰ অনুশীলনটো টেবুলটপ এক্সাৰচাইজ (টি টি এক্স) হিচাপে অনুষ্ঠিত হৈছে। বৃহৎ পৰিসৰৰ মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযানৰ সময়ত দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীৰ মাজত সমন্বয়, যৌথ পৰিকল্পনা আৰু পাৰস্পৰিক কাৰ্যক্ষমতা অধিক শক্তিশালী কৰাই এই অনুশীলনৰ লক্ষ্য। উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে ভাৰতীয় নৌসেনাৰ ইষ্টাৰ্ন ফ্লীটৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ৰিয়াৰ এডমিৰেল বিশাল বিষ্ণৈ আৰু আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় নৌবহৰৰ উপ-কমাণ্ডাৰ ৰিয়াৰ এডমিৰেল জোৱাকিন জে মাৰ্টিনেজ ডি পিনিল’ছে।

 

এই অনুশীলনে ভাৰত আৰু আমেৰিকাৰ মাজত ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা সহযোগিতাৰ লগতে কৌশলগত সামুদ্ৰিক স্বাৰ্থৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত গভীৰতৰ হোৱা ঐকমত্যৰ প্ৰতিফলন ঘটাইছে। এইবাৰৰ অনুশীলনৰ লক্ষ্য হৈছে পাৰস্পৰিক কাৰ্যক্ষমতা অধিক বৃদ্ধি কৰাৰ লগতে সংযুক্ত যৌথ সৰ্বক্ষেত্ৰীয় অভিযান পৰিচালনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা।এই ক্ষেত্ৰত বিশেষকৈ বৃহৎ পৰিসৰৰ মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযানৰ পৰিকল্পনা আৰু সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

 

ভাৰতীয় পক্ষৰ হৈ অংশগ্ৰহণ কৰা গোটসমূহৰ ভিতৰত আছে ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক অভিযানৰ সকলো ক্ষেত্ৰৰ বিশেষজ্ঞ, ভাৰতীয় সেনাৰ স্থল বাহিনীৰ সদস্য, ভাৰতীয় বায়ুসেনাৰ বিভিন্ন ইউনিটৰ প্ৰতিনিধি আৰু তিনিওটা সামৰিক বাহিনীৰ বিশেষ বাহিনীৰ সদস্য। ইয়াৰ উপৰি, টাইগাৰ ট্ৰায়াম্ফ ২০২৬ৰ পঞ্চম সংস্কৰণত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)ৰ এটা দলেও অংশগ্ৰহণ কৰিব।

 

আমেৰিকাৰ যৌথ বাহিনীৰ দলটোত দেশখনৰ সশস্ত্ৰ বাহিনীৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ প্ৰতিনিধি অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত আছে বায়ুসেনা, সেনা, মেৰিন কৰ আৰু নৌসেনাৰ প্ৰতিনিধিৰ লগতে মহাকাশ, চাইবাৰ, চিকিৎসা আৰু বিস্ফোৰক অস্ত্ৰ নিৰ্মূলকৰণ সম্পৰ্কীয় বিশেষজ্ঞসকল।

VM/AS /UD


(ৰিলিজ আই ডি : 2331958) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil