পোষ্ট কৰা হৈছে:
02 NOV 2026 9:22PM by PIB Guwahati
কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকৰ সহযোগত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত গ্ৰাম্য গৃহ নিৰ্মাণ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সংস্কাৰ সম্পৰ্কীয় এদিনীয়া অংশীদাৰিত্ব আলোচনাচক্ৰ 'পিএমএৱাই-জি ৰিফৰ্ম সংবাদ'ৰ আয়োজন কৰে। এই আলোচনাত গ্ৰামোন্নয়ন মন্ত্ৰালয়, ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংক, বিভিন্ন ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগ, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় বিত্ত নিগম, ছাঁ-ধন, টিচিআইএছ হেবিটেট ফৰ হিউমেনিটি ইণ্টাৰনেশ্যনেল তথা গৃহ বিত্তীয় কোম্পানী, আঞ্চলিক গ্ৰামীণ বেংক, ক্ষুদ্ৰ বিত্তীয় বেংক আৰু মাইক্ৰ' ফাইনেঞ্চ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
গ্ৰাম্য ঋণ সম্পৰ্কীয় পৰম্পৰাগত দৃষ্টিভংগীৰ পৰা আঁতৰি আহি ঋণদাতা সংস্থাসমূহে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পি এম এ ৱাই-জি)ৰ হিতাধিকাৰী পৰিয়ালসমূহক এটা সম্ভাৱনাপূৰ্ণ তথা এতিয়াও পৰ্যাপ্তভাৱে ব্যৱহৃত নোহোৱা ক্ষেত্ৰ হিচাপে চিহ্নিত কৰে। তেওঁলোকে উল্লেখ কৰে যে আঁচনিখনৰ অধীনত হিতাধিকাৰীসকলৰ পৰিচয় আৰু যোগ্যতা পৰীক্ষা কৰা হয়, চৰকাৰী সাহায্যই গৃহ নিৰ্মাণৰ ব্যয়ৰ এটা উল্লেখযোগ্য অংশ বহন কৰে আৰু পি এম এ ৱাই-জি ডিজিটেল মঞ্চত নিৰ্মাণ কাৰ্যৰ বিভিন্ন পৰ্যায়ৰ অগ্ৰগতি অনুসৰণ কৰা হয়। ইয়াৰ ফলত ঋণ প্ৰদানৰ ব্যয় আৰু বিপদাশংকা হ্ৰাস পায়। ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে এই শ্ৰেণীৰ হিতাধিকাৰীসকলৰ বাবে সুকীয়া ঋণ আঁচনি প্ৰস্তুত কৰাৰ লগতে প্ৰয়োজনীয় সংস্কাৰ সাধনৰ বাবে মন্ত্ৰালয়, ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংক আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বে দিনৰ ভাগত মহাৰাষ্ট্ৰ চৰকাৰৰ গ্ৰাম্য গৃহ নিৰ্মাণ বিভাগৰ সঞ্চালক ড° ৰাজাৰাম দিঘেই অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকৰ পৰিচালন সঞ্চালক শ্ৰীসঞ্জয় শুক্লাই গ্ৰাম্য পৰিয়ালসমূহে যাতে নিজৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে সুলভ প্ৰতিষ্ঠানিক ঋণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টা শ্ৰীপীয়ুষ শ্ৰীবাস্তৱে মূল ভাষণ প্ৰদান কৰি দিনজোৰা আলোচনাৰ দিশ নিৰ্ধাৰণ কৰে। তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণক বিশ্বৰ সৰ্ববৃহৎ গৃহ নিৰ্মাণ আঁচনি বুলি উল্লেখ কৰি গ্ৰাম্য গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ইয়াৰ সফলতাক সন্তুষ্টিৰ বিষয় বুলি অভিহিত কৰে। অৱশ্যে, সকলোৰে বাবে গৃহৰ ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হ'বলৈ অধিক সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথা উনুকিয়াই তেওঁ প্ৰতিষ্ঠানিক বিত্তীয় সাহায্যই এই প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব পাৰে বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংক, বিশ্ব বেংক, ছা-ধন আৰু টিচিআইএছ হেবিটেট ফৰ হিউমেনিটি ইণ্টাৰনেশ্যনেলে গ্ৰাম্য গৃহ নিৰ্মাণৰ বিত্তীয় সাহাৰ্য সন্দৰ্ভত বিশ্বজনীন আৰু তৃণমূল পৰ্যায়ৰ বাস্তৱ অভিজ্ঞতা দাঙি ধৰে।
পি এম এ ৱাই-জিৰ বাবে প্ৰতিষ্ঠানিক ঋণ কিয় গুৰুত্বপূৰ্ণ
পি এম এ ৱাই-জিয়ে ২০২৯ চনৰ মাৰ্চ মাহৰ ভিতৰত ৪.৯৫ কোটি পকী ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। গ্ৰাম্য অঞ্চলত এটা ঘৰ নিৰ্মাণৰ মুঠ ব্যয় প্ৰায়েই আঁচনিখনৰ অধীনত লাভ কৰা চৰকাৰী সাহায্যতকৈ অধিক হয়। ফলত অতিৰিক্ত ধনৰ ব্যৱস্থা কৰাত পলম হোৱাৰ বাবে নিৰ্মাণ কাৰ্য বাধাগ্ৰস্ত হয় আৰু বহু পৰিয়ালে অধিক সুতৰ হাৰত অনানুষ্ঠানিক ঋণদাতাৰ পৰা ধন ল'বলৈ বাধ্য হয়। আনহাতে, গ্ৰাম্য অঞ্চলৰ শেষ প্ৰান্তলৈকে ঋণৰ সুবিধা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহেও পুঁজিৰ অভাৱ, ঋণ পৰিশোধৰ সম্ভাৱ্য বিপদাশংকা আৰু গ্ৰাম্য গৃহ নিৰ্মাণৰ বাবে মানসম্পন্ন ঋণ আঁচনিৰ অভাৱৰ দৰে সমস্যাৰ সন্মুখীন হয়। ।
এই আলোচনাত বিশেষকৈ তলত উল্লেখ কৰা বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হয় -
· পৰিয়ালসমূহৰ ঋণ পৰিশোধৰ সামৰ্থ্য আৰু ঋতুভিত্তিক উপাৰ্জনৰ সৈতে সংগতি ৰাখি কোনবোৰ শ্ৰেণীৰ হিতাধিকাৰীক দায়িত্বশীলভাৱে ঋণ প্ৰদান কৰিব পাৰি আৰু ঋণৰ পৰিমাণ কিমান হ'ব লাগে
· নথি-পত্ৰ, ঋণৰ যোগ্যতা নিৰূপণ আৰু লেনদেনৰ ব্যয়কে ধৰি ঋণ প্ৰদানৰ ক্ষেত্ৰত থকা বাধাসমূহ কেনেদৰে দূৰ কৰিব পাৰি
· পি এম এ ৱাই-জিৰ তথ্য, নিৰ্মাণ কাৰ্যৰ বিভিন্ন পৰ্যায়ৰ অগ্ৰগতি আৰু দীনদয়াল অন্ত্যোদয় যোজনা - জাতীয় গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ নেটৱৰ্কৰ জৰিয়তে এই বাধাসমূহ কেনেদৰে হ্ৰাস কৰিব পাৰি
· কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকৰ পৰা প্ৰয়োজনীয় সহযোগিতা, বিশেষকৈ গ্ৰাম্য গৃহ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকে প্ৰস্তাৱ কৰা পুনৰ বিত্তীয় সাহায্য ব্যৱস্থা।
ইয়াৰ পাছতে ঋণদাতা আৰু ৰাজ্য চৰকাৰসমূহৰ তিনিটা যৌথ গোটে মূল অধিৱেশনত নিজৰ পৰামৰ্শসমূহ দাঙি ধৰে আৰু তাৰ পাছত মুকলি আলোচনা অনুষ্ঠিত হয়।
আলোচনাৰ মূল ফলাফল আৰু পৰামৰ্শসমূহ -
এই আলোচনাৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল পি এম এ ৱাই-জিৰ হিতাধিকাৰীসকলক চৰকাৰী সাহায্যৰ উপৰি অতিৰিক্ত ঋণ প্ৰদানৰ ক্ষেত্ৰত গৃহ নিৰ্মাণ বিত্তীয় প্ৰতিষ্ঠান, ক্ষুদ্ৰ বিত্তীয় বেংক আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে আগ্ৰহ প্ৰকাশ কৰাটো । ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে মাটিৰ মালিকীস্বত্ব সম্পৰ্কীয় অস্পষ্টতা, আবণ্টিত সম্পত্তি বন্ধকত ৰখাৰ ক্ষেত্ৰত থকা বাধা, ঋতুভিত্তিক উপাৰ্জন, অধিক লেনদেনৰ ব্যয় আৰু ঋণ পৰিশোধৰ বিপদাশংকাক এই ক্ষেত্ৰৰ প্ৰধান বাধা হিচাপে চিনাক্ত কৰে। এই আগ্ৰহক ব্যাপক পৰ্যায়ৰ ঋণ প্ৰদানলৈ ৰূপান্তৰিত কৰিবলৈ অংশগ্ৰহণকাৰীসকলে তলত উল্লেখ কৰা পৰামৰ্শসমূহ আগবঢ়ায় -
- ২ৰ পৰা ৫ লাখ টকালৈ ঋণৰ ব্যৱস্থা আৰু ঋতুভিত্তিক উপাৰ্জনৰ সৈতে সংগতি ৰাখি ঋণ পৰিশোধৰ সময়সীমা নিৰ্ধাৰণ কৰি সুকীয়া গ্ৰামীণ গৃহ নিৰ্মাণ ঋণ আঁচনি প্ৰস্তুত কৰা
- বৃহৎ পৰিসৰত ৰূপায়ণৰ পূৰ্বে ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকৰ সহযোগত বাণিজ্যিকভাৱে লাভজনক ঋণ ব্যৱস্থাৰ এটা পৰীক্ষামূলক প্ৰকল্প ৰূপায়ণ কৰা
- চৰকাৰৰ সহযোগত আংশিক ঋণৰ নিশ্চয়তা প্ৰদানৰ ব্যৱস্থা গঢ়ি তোলা
- সুতৰ হাৰত ৰেহাই, ৰেহাইমূলক পুঁজি আৰু ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকৰ পুনৰ বিত্তীয় সাহায্যৰ জৰিয়তে ঋণৰ সুতৰ হাৰ সুলভ কৰা
- আবণ্টিত সম্পত্তি বন্ধকত ৰখাৰ সুবিধা আৰু ষ্টাম্প ডিউটীত ৰেহাইকে ধৰি ৰাজ্য চৰকাৰসমূহে মাটি আৰু সম্পত্তি সম্পৰ্কীয় প্ৰয়োজনীয় সংস্কাৰ সাধন কৰা
- গ্ৰাম্য ঋণ গ্ৰহণকাৰীসকলৰ উপযোগীকৈ অনাদায়ী ঋণ আৰু ঋণৰ বিপৰীতে সংৰক্ষণৰ ক্ষেত্ৰত পৃথক নিয়ামক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা
- গাঁও পঞ্চায়ত, দীনদয়াল অন্ত্যোদয় যোজনা - জাতীয় গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোট আৰু LokOS মঞ্চৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ শেষ প্ৰান্তলৈকে ঋণৰ সুবিধা সম্প্ৰসাৰণ কৰা ।
পিএমএৱাই-জিৰ অগ্ৰগতি পৰ্যালোচনা
কৰ্মশালাখনত মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, অসম আৰু কেৰালাত পিএমএৱাই-জি আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। ইয়াৰ লগতে ৰাজ্যভিত্তিক এছএনএ স্পৰ্শ সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা প্ৰণালীৰ সৈতে বিশেষ আলোচনাও অনুষ্ঠিত হয়।
ভৱিষ্যৎ কাৰ্যপন্থা
ঋণদাতা সংস্থাসমূহে প্ৰকাশ কৰা এই আগ্ৰহে চৰকাৰী সাহায্যৰ সৈতে প্ৰতিষ্ঠানিক ঋণৰ সংযোগ ঘটোৱাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ সূচনা কৰিছে। ইয়াৰ মাধ্যমেৰে পি এম এ ৱাই-জিৰ পৰিয়ালসমূহে উচ্চ সুতৰ অনানুষ্ঠানিক ঋণ গ্ৰহণ নকৰাকৈ গুণগত মানসম্পন্ন গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। এই কাৰ্যসূচীত হোৱা আলোচনাৰ পৰামৰ্শসমূহ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে পৰীক্ষা কৰিব আৰু ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংক, ৰাজ্য চৰকাৰসমূহ, ঋণদাতা প্ৰতিষ্ঠান তথা বিশেষজ্ঞ অংশীদাৰসকলৰ সৈতে আলোচনা কৰি এই দিশত অগ্ৰসৰ হ'ব।
PU/KrDD