পোষ্ট কৰা হৈছে:
02 NOV 2026 10:06PM by PIB Guwahati
নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘই ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয় আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগত সোমবাৰে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ কলাৱাংপো কনভেনচন চেণ্টাৰত পবিত্ৰ অৱশেষ প্ৰদৰ্শনৰ সমান্তৰালভাৱে “বৌদ্ধ ধৰ্ম : হিমালয় অঞ্চল আৰু ইয়াৰ বাহিৰত প্ৰসাৰ” শীৰ্ষক এদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনত ভাৰত, নেপাল, শ্ৰীলংকা, ম্যানমাৰ, মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু জাৰ্মানীৰ বৌদ্ধ ভিক্ষু, পণ্ডিত আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
সংঘৰ সদস্য (বৌদ্ধ ভিক্ষু)সকলৰ মন্ত্ৰোচ্চাৰণেৰে উদ্বোধনী অধিৱেশন আৰম্ভ হয়। ইয়াৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ সাধাৰণ সম্পাদক শ্বাৰ্টচে খেনচুৰ জাংচুপ চ’ডেন ৰিনপোচিয়ে আদৰণী ভাষণ প্ৰদান কৰে। সমবেত প্রতিনিধিসকলক সম্বোধন কৰি তথা সন্মিলনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে ভাৰতৰ সমতল ভূমিত জন্ম লাভ কৰা বৌদ্ধ ধৰ্মই কেনেদৰে সমগ্ৰ উপমহাদেশ আৰু ইয়াৰ বাহিৰৰ অঞ্চলসমূহলৈ বিস্তাৰ লাভ কৰিছিল, সেয়া এই সন্মিলনৰ আলোচনাৰ মূল বিষয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ উপৰি, সন্মিলনখন সফলভাৱে আয়োজন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সকলো ধৰণৰ সহযোগিতাৰ বাবে সাধাৰণ সম্পাদকগৰাকীয়ে অৰুণাচল প্ৰদেশ প্ৰশাসন আৰু ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ শলাগ লয়।
আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰে যে এই অনুষ্ঠানৰ বিশেষ তাৎপৰ্য আছে, কিয়নো ইয়াৰ সৈতে সংঘৰ ১৪সংখ্যক প্ৰতিষ্ঠা দিৱসো জড়িত হৈ আছে। বিগত ১৪ বছৰে সংস্থাটোৱে বুদ্ধ ধৰ্মৰ নিৰৱচ্ছিন্ন সেৱা আগবঢ়াই আহিছে। বিশ্বজুৰি বৌদ্ধ ভিক্ষু আৰু সাধাৰণ অনুগামীসকলৰ সংস্থাসমূহক একত্ৰিত কৰাৰ ক্ষেত্ৰত সংঘ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেওঁ কয় যে বুদ্ধ ধৰ্মৰ প্ৰসাৰৰ স্বাৰ্থত সদ্যগঠিত অৰুণাচল বৌদ্ধ মহাসংঘৰ সৈতে সংঘই ভৱিষ্যতে যৌথভাৱে কাম কৰি যাব।
অনুষ্ঠানৰ মুখ্য অতিথি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীপ্ৰেমা খাণ্ডুৱে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘক চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জনায়। টাৱাঙত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সন্মিলনৰ সৈতে সংঘৰ ১৪ বছৰীয়া গৌৰৱোজ্জ্বল সেৱাৰ সংমিশ্ৰণক শুভ সংযোগ বুলি অভিহিত কৰি তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে সংঘৰ বৰ্তমান আৰু পূৰ্বৰ নেতৃবৰ্গৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পবিত্ৰ অৱশেষৰ উপস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘ, সংস্কৃতি মন্ত্ৰালয় আৰু অৰুণাচল প্ৰদেশ চৰকাৰে যৌথভাৱে আয়োজন কৰা এই সন্মিলনখনে টাৱাঙত বিশেষ প্ৰাসংগিকতা লাভ কৰিছে। তেওঁ সন্মিলনৰ আলোচনাৰ বিষয়বস্তু আৰু উপ-বিষয়সমূহৰ উল্লেখ কৰি কয় যে ভাৰতত উৎপত্তি হোৱা বৌদ্ধ ধৰ্মৰ প্ৰসাৰত খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত সম্ৰাট অশোকৰ প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত খ্ৰীষ্টীয় ষষ্ঠ আৰু সপ্তম শতিকাৰ পৰা ভাৰতৰ হিমালয় অঞ্চল, বিশেষকৈ অৰুণাচল প্ৰদেশৰ পৰা বৌদ্ধ ধৰ্ম তিব্বত আৰু আন আন অঞ্চললৈ বিস্তাৰিত হৈছিল। এই প্ৰসাৰত গুৰু পদ্মসম্ভৱ আৰু শান্তৰক্ষিতৰ অৱদানৰ কথাও তেওঁ উল্লেখ কৰে। ষষ্ঠ দালাই লামাৰ জন্মস্থান হিচাপে টাৱাঙৰ গুৰুত্বৰ ওপৰতো তেওঁ আলোকপাত কৰে।
বৃহত্তৰ বৌদ্ধ ঐতিহ্যৰ মাজত অৰুণাচল প্ৰদেশৰ সুকীয়া স্থান থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অঞ্চলটোৰ বৌদ্ধ মঠসমূহ কেৱল উপাসনা স্থলীয়েই নহয়, বৰঞ্চ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য। সাংস্কৃতিক মূল্যবোধ অক্ষুণ্ণ ৰখাৰ সমান্তৰালভাৱে বিকাশ আৰু আধুনিকতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু ভগৱান বুদ্ধৰ বাৰ্তা কেনেদৰে আগলৈ প্ৰসাৰিত কৰিব পাৰি, সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়।
পবিত্ৰ অৱশেষ প্ৰদৰ্শনী আৰু এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন আয়োজনৰ বাবে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়, ৰাষ্ট্ৰীয় সংগ্ৰহালয়, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘ আৰু অৰুণাচল প্ৰদেশ প্ৰশাসনক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে। সন্মিলনত অংশগ্ৰহণৰ বাবে টাৱাঙলৈ অহা বিভিন্ন দেশৰ আন্তঃৰাষ্ট্ৰীয় বক্তা আৰু প্ৰতিনিধিসকলকো তেওঁ ধন্যবাদ জনায়।
এদিনীয়া সন্মিলনখনত হিমালয় অঞ্চল আৰু ইয়াৰ বাহিৰত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ, ক্ৰমবিকাশ আৰু সমসাময়িক প্ৰাসংগিকতাৰ বিভিন্ন দিশক লৈ তিনিটা বিষয়ভিত্তিক সত্ৰ (অধিৱেশন) অনুষ্ঠিত হয়।
প্ৰথম সত্ৰ
মহাপৰিনিৰ্বাণৰ পৰৱৰ্তী কালত বুদ্ধৰ ঐতিহ্য আগবঢ়াই নিয়া শীৰ্ষক সন্মিলনৰ প্ৰথম সত্ৰত শ্ৰীলংকা, ম্যানমাৰ আৰু ভাৰতৰ বক্তাসকলে ভৌতিক ঐতিহ্য সংৰক্ষণ, ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ জৰিয়তে বুদ্ধৰ চিৰন্তন ঐতিহ্য জীয়াই ৰখাৰ বিষয়সমূহ বিশ্লেষণ কৰে। এই আলোচনাত চাৰি আৰ্য সত্যক জীৱন্ত ঐতিহ্য হিচাপে মূল্যায়ন কৰাৰ লগতে আন্তঃসাংস্কৃতিক আদান-প্ৰদান, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বিভিন্ন প্ৰজন্ম তথা সমাজৰ মাজেৰে ধম্ম প্ৰসাৰৰ জৰিয়তে বৌদ্ধ ধৰ্ম সমন্বিত সাংস্কৃতিক পৰম্পৰা হিচাপে কেনেদৰে বিকশিত হৈছে, সেই বিষয়ে আলোকপাত কৰা হয়।
দ্বিতীয় সত্ৰ
বৌদ্ধ ধৰ্মৰ ঐতিহাসিক আৰু মতাদৰ্শগত ধাৰাবাহিকতা শীৰ্ষক দ্বিতীয় সত্ৰত নেপাল, জাৰ্মানী আৰু ভাৰতৰ বক্তাসকলে বিভিন্ন ঐতিহাসিক কালছোৱাত বৌদ্ধ শাস্ত্ৰ আৰু মঠ পৰম্পৰাৰ প্ৰসাৰৰ বিষয়ে আলোচনা কৰে, য'ত অৰুণাচল প্ৰদেশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৌদ্ধ ধৰ্মৰ বিভিন্ন পন্থাৰ বৈচিত্ৰ্য আৰু তেওঁলোকৰ উমৈহতীয়া মতাদৰ্শগত ভিত্তিৰ বিষয়ে আলোচনা কৰাৰ লগতে বৌদ্ধ চিন্তাধাৰাৰ সংৰক্ষণ আৰু প্ৰসাৰত ভাষা, ব্যাখ্যা, শিক্ষাদান পদ্ধতি আৰু কলাত্মক প্ৰকাশভংগীৰ ভূমিকায়েও আলোচনাত স্থান পায়।
তৃতীয় সত্ৰ
দিনটোৰ অন্তিম সত্ৰ ‘বৌদ্ধ ধৰ্ম আৰু সম্যক জীৱিকা’ শীৰ্ষক বিষয়ত অনুষ্ঠিত হয়। এই সত্ৰত ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু ভাৰতৰ বক্তাসকলে সমসাময়িক শৈক্ষিক, অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত বৌদ্ধ দৰ্শনৰ সম্যক জীৱিকা নীতিৰ প্ৰাসংগিকতা অন্বেষণ কৰে। আলোচনাত নালন্দাৰ বৌদ্ধিক ঐতিহ্যৰ সৈতে আধুনিক শিক্ষা ব্যৱস্থাক সংযোগ কৰা হয় আৰু বৌদ্ধ দৃষ্টিভংগীৰ জৰিয়তে সাংস্কৃতিক পৰ্যটন, তীৰ্থযাত্ৰা, বহনক্ষম সমৃদ্ধি, দক্ষতা বিকাশ, ভৌগোলিক আন্তঃসংযোগ আৰু বিশ্বায়ন তথা ভোগবাদৰ প্ৰভাৱ আদি বিষয়সমূহ বিশ্লেষণ কৰা হয়।
সন্মিলনৰ সামৰণী অনুষ্ঠানত অৰুণাচল প্ৰদেশ চৰকাৰৰ কাৰ্মিক আৰু আধ্যাত্মিক পৰিক্ৰমা বিভাগ(DoKAA)ৰ সঞ্চালক শ্ৰী থুপটেন কালডেনে শলাগৰ শৰাই আগবঢ়ায় । মনপা জনগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা অতিশ দীপংকৰ শ্ৰীজ্ঞানৰ পবিত্ৰ প্ৰদীপ প্ৰাৰ্থনাৰ জৰিয়তে আধ্যাত্মিক পৰিৱেশত সন্মিলনখনৰ সমাপ্তি ঘটে।


M Annadurai/KrDD