স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী জেপি নাড্ডাই এইমছ ৰাজকোটত উন্নত ৰেডিঅ’থেৰাপী সুবিধা উদ্বোধন কৰে, প্ৰতিগৰাকী নাগৰিকৰ বাবে গুণগত মানৰ কৰ্কট ৰোগৰ চিকিৎসা প্ৰদানৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত এইমছ ৰাজকোটত প্ৰায় ₹৩৯ কোটি বিনিয়োগেৰে উন্নত কৰ্কট ৰোগ চিকিৎসাৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ফলত তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী হৈ পৰিছে

শ্ৰী নাড্ডাই এইমছৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশজুৰি কৰ্কট ৰোগৰ পৰীক্ষণৰ কথা উল্লেখ কৰে, য’ত ৩৭.৭ কোটি লোকৰ মুখৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰা হৈছে

গুজৰাট চৰকাৰৰ স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰফুল পাণচেৰিয়াই ৰাজকোটত উন্নত ৰেডিঅ’থেৰাপী সেৱাক আদৰণি জনায় আৰু আঞ্চলিক স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ৰ অধীনত সৰ্বাংগীণ স্বাস্থ্যসেৱা, ১.৮ লাখৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু কৰ্কট ৰোগৰ ঔষধ সুলভ মূল্যত যোগান ধৰাৰ পদক্ষেপসমূহৰ কথা উল্লেখ কৰে

উন্নত ৰেডিঅ’থেৰাপী সুবিধাই আনুমানিক ১.৫৪ কোটি লোকক সেৱা আগবঢ়াব, য’ত বছৰি ৫০০-৭০০ গৰাকী ৰোগী উপকৃত হোৱাৰ সম্ভাৱনা আছে

পোষ্ট কৰা হৈছে: 02 NOV 2026 6:17PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই আজি অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্সেছ (এইমছ) ৰাজকোটত উন্নত ৰেডিঅ’থেৰাপী সুবিধা উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। অত্যাধুনিক বিকিৰণ চিকিৎসা (ৰেডিয়েচন থেৰাপী) প্ৰযুক্তিৰে সুসজ্জিত এই সুবিধাই ৰাজকোট আৰু সমগ্ৰ সৌৰাষ্ট্ৰ অঞ্চলৰ জনসাধাৰণৰ বাবে বিশেষায়িত কৰ্কট ৰোগৰ চিকিৎসা লাভৰ দিশত  গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে।

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ (পিএমএছএছৱাই) অধীনত এইমছ ৰাজকোটত প্ৰায় ৩৯ কোটি টকা বিনিয়োগেৰে এই সুবিধা স্থাপন কৰা হৈছে। এই পদক্ষেপে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ আঞ্চলিক বৈষম্য দূৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাকে প্ৰতিফলিত কৰে।

উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত শ্ৰী জেপি নাড্ডাই কয় যে কৰ্কট ৰোগে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত  গুৰুতৰ চিকিৎসা সম্বন্ধীয়, মানসিক, সামাজিক আৰু আৰ্থিক বোজা জাপি দিয়ে। তেওঁ গুৰুত্ব আৰোপ কৰে যে সময়মতে চিকিৎসা লোৱাটো অত্যন্ত প্ৰয়োজনীয় আৰু কেৱল ভৌগোলিক অৱস্থান বা আৰ্থিক পৰিস্থিতিৰ বাবে কোনো ব্যক্তিয়েই যেন উন্নত মানৰ কৰ্কট ৰোগৰ চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই নতুন সুবিধাই বিশেষকৈ সৌৰাষ্ট্ৰ আৰু কচ্ছ অঞ্চলৰ লোকসকলক উপকৃত কৰিব, যিসকলে পূৰ্বে বিশেষ চিকিৎসাৰ বাবে আহমেদাবাদ আৰু মুম্বাইৰ দৰে দূৰ-দূৰণিৰ চহৰলৈ যাবলগীয়া হৈছিল। তেওঁ এই সুবিধাক অঞ্চলটোত কৰ্কট ৰোগৰ চিকিৎসাৰ সুচলতা বৃদ্ধিৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এইমছৰ সম্প্ৰসাৰণৰ দিশটোত আলোকপাত কৰি শ্ৰী নাড্ডাই উল্লেখ কৰে যে নতুন দিল্লীত থকা মাত্ৰ এখন এইমছৰ পৰা ভাৰতে অগ্ৰগতি লাভ কৰি বৰ্তমান ২২ খনৰ ভিতৰত ১৮ খন প্ৰতিষ্ঠান কাৰ্যক্ষম কৰি তুলিছে, যাৰ ফলত বিশেষায়িত তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভৰ দিশটো যথেষ্ট শক্তিশালী হৈ পৰিছে। ৰোগীসকলে যাতে সঠিক চিকিৎসা লাভ কৰিব পাৰে, তাৰ বাবে স্বাস্থ্যসেৱাৰ বিভিন্ন পৰ্যায়সমূহৰ মাজত  সুচল যোগসূত্ৰ স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

ৰোগ প্ৰতিৰোধ আৰু প্ৰাৰম্ভিক পৰ্যায়তে ৰোগ চিনাক্তকৰণত গুৰুত্ব দি শ্ৰী নাড্ডাই আয়ুষ্মান আৰোগ্য মন্দিৰসমূহৰ জৰিয়তে গ্ৰহণ কৰা পৰীক্ষণ পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। ২০১৮ চনৰ পৰা উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ বাবে প্ৰায় ৪৪ কোটি লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। আনহাতে প্ৰায় ৩৭.৭ কোটি লোকৰ মুখৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে প্ৰায় ২.৫ লাখ লোকৰ দেহত এই ৰোগ ধৰা পৰিছে। স্তন কেন্সাৰ পৰীক্ষণৰ অধীনত প্ৰায় ১৭.৭ কোটি মহিলাক সামৰি লোৱা হৈছে, য’ত প্ৰায় ৯৫,০০০ গৰাকী ৰোগী চিনাক্ত কৰা হৈছে; লগতে জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ (চাৰ্ভাইকেল কেন্সাৰ) বাবে ৯.৮ কোটি মহিলাৰ পৰীক্ষা সম্পন্ন কৰি প্ৰায় এক লাখ ৰোগী চিনাক্ত কৰা হৈছে। তেওঁ উল্লেখ কৰে যে প্ৰাৰম্ভিক পৰ্যায়তে ৰোগ ধৰা পৰিলে ৰোগীয়ে সোনকালে চিকিৎসা লাভ কৰিব পাৰে আৰু আৰোগ্য লাভৰ সম্ভাৱনাও বৃদ্ধি পায়।

মন্ত্ৰীগৰাকীয়ে লগতে ‘দ্য লেনছেট’ৰ প্ৰতিবেদনৰ তথ্য উল্লেখ কৰি কয় যে ৯০ শতাংশ কৰ্কট ৰোগীয়ে ৩০ দিনৰ ভিতৰতে চিকিৎসা আৰম্ভ কৰে। সময়মতে চিকিৎসা লাভৰ ক্ষেত্ৰত হোৱা এই অগ্ৰগতিৰ কৃতিত্ব তেওঁ ‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ (এবিপিএম-জেএৱাই) জৰিয়তে বিত্তীয় সুৰক্ষাৰ সম্প্ৰসাৰণক দিয়ে, যিয়ে আৰ্থিকভাৱে পিছপৰা ৰোগীসকলক কোনো আৰ্থিক বাধা নোহোৱাকৈ চিকিৎসা গ্ৰহণ কৰিবলৈ সক্ষম কৰি তুলিছে। এইমছ ৰাজকোটত উপযুক্ত এবিপিএম-জেএৱাই হিতাধিকাৰীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ কৰ্কট ৰোগৰ চিকিৎসা লাভ কৰিব পাৰিব, আনহাতে অন্যান্য ৰোগীসকলে আৰ্থিক বোজা লাঘৱ কৰিব পৰাকৈ ৰেহাই মূল্যত চিকিৎসা সেৱা লাভ কৰিব।

গুজৰাট চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী প্ৰফুল পাণচেৰিয়াই এই উদ্বোধনক আদৰণি জনায় আৰু অঞ্চলটোত স্বাস্থ্যসেৱাৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে এই উন্নত ৰেডিঅ’থেৰাপী সুবিধা সমগ্ৰ সৌৰাষ্ট্ৰবাসীৰ বাবে যথেষ্ট লাভজনক হিচাপে বিবেচিত হ’ব।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে এই উদ্বোধনক এইমছ ৰাজকোটৰ উন্নয়নৰ  গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত’ৰ সপোন বাস্তৱায়িত কৰাৰ দিশত  উল্লেখনীয় পদক্ষেপ বুলি অভিহিত কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ মাৰ্গদৰ্শনত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই নীতিত সাৰ্বজনীন স্বাস্থ্য সুৰক্ষাক ৰাষ্ট্ৰীয় লক্ষ্য হিচাপে লৈ প্ৰতিৰোধমূলক, স্বাস্থ্যবৰ্ধক, নিৰাময়মূলক, পুনৰ্সংস্থাপনমূলক আৰু উপশমমূলক সেৱাসমূহক সামৰি  সৰ্বাংগীণ স্বাস্থ্যসেৱাৰ পৰিকল্পনা কৰা হৈছে।

শ্ৰীমতী শ্ৰীবাস্তৱে উল্লেখ কৰে যে চৰকাৰে ১.৮ লাখতকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ জৰিয়তে দেশৰ স্বাস্থ্য আন্তঃগাঁথনি অধিক সুদৃঢ় কৰি তুলিছে। তেওঁ উন্নত চিকিৎসা আৰু গৱেষণাত এইমছ ৰাজকোটৰ অৱদান, ‘সুস্থ নাৰী সশক্ত পৰিবাৰ’ অভিযানৰ অধীনত কেন্সাৰ পৰীক্ষণৰ পদক্ষেপসমূহ আৰু ট্ৰেড মাৰ্জিন ৰেচনেলাইজেচন, অমৃত (এএমআৰআইটি) ফাৰ্মাচী, জন ঔষধি কেন্দ্ৰ তথা মূল শুল্ক ৰেহাইকে ধৰি কৰ্কট ৰোগৰ ঔষধ সুলভ মূল্যত যোগান ধৰাৰ বিভিন্ন ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে। ভাৰতত সুলভ মূল্যত চিএআৰ-টি চেল থেৰাপীৰ উপলব্ধতাৰ কথাও তেওঁ উল্লেখ কৰে।

এইমছ ৰাজকোটৰ অধ্যক্ষ ড° জেএছ তিতিয়ালে এই সুবিধাক অঞ্চলটোত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত  গুৰুত্বপূৰ্ণ সংযোজন বুলি অভিহিত কৰে আৰু এই সেৱা প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰত চৰকাৰ তথা গুজৰাট চৰকাৰৰ সহযোগিতাক শলাগ লোৱাৰ লগতে অধ্যাপক, চিকিৎসক, নাৰ্ছ আৰু কাৰিকৰী কৰ্মচাৰীসকলৰ শলাগ লয়।

এই উন্নত ৰেডিঅ’থেৰাপী সুবিধাই ৰাজকোট, জামনগৰ, জুনাগড়, পোৰবন্দৰ, অমৰেলী, ভাৱনগৰ, মৰবী, সুৰেন্দ্ৰনগৰ, গিৰ সোমনাথ, দেৱভূমি দ্বাৰকা আৰু বোটাডকে ধৰি সৌৰাষ্ট্ৰৰ প্ৰায় ১.৫৪ কোটি জনসাধাৰণক সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে। ইয়াৰ দ্বাৰা অঞ্চলটোৰ মূলতঃ গ্ৰাম্য, অৰ্ধ-নগৰীয়া আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকল যথেষ্ট উপকৃত হ’ব।

এই কেন্দ্ৰটোত হাই এনাৰ্জি লিনিয়াৰ একচেলেৰেটৰ (লিনাক), ৱাইড ব’ৰ চিটি চিমুলেটৰ আৰু এটা হাই ড’জ ৰেট (এইচডিআৰ) ব্ৰাকীথেৰাপী ইউনিট সন্নিৱিষ্ট কৰা হৈছে। লিনাকে ইনটেনচিটি মডিউলেটেড ৰেডিঅ’থেৰাপী (আইএমআৰটি), ভলিউমেট্ৰিক মডিউলেটেড আৰ্ক থেৰাপী (ভিএমএটি), ইমেজ গাইডেড ৰেডিঅ’থেৰাপী (আইজিআৰটি), ষ্টেৰিঅ’টেক্টিক ৰেডিঅ’চাৰ্জাৰী (এছআৰএছ), ষ্টেৰিঅ’টেক্টিক ৰেডিঅ’থেৰাপী (এছআৰটি) আৰু ষ্টেৰিঅ’টেক্টিক বডী ৰেডিঅ’থেৰাপী (এছবিআৰটি)ৰ দৰে উন্নত পদ্ধতিসমূহ প্ৰয়োগ কৰাত সহায় কৰে, যিয়ে মিলিমিটাৰ পৰ্যায়ৰ নিখুঁততাৰে বিকিৰণ প্ৰদানত সহায় কৰে। ৱাইড ব’ৰ চিটি চিমুলেটৰে ত্ৰিমাত্ৰিক চিকিৎসা পৰিকল্পনাৰ ছবি প্ৰস্তুত কৰাত সহায় কৰে, আনহাতে এইচডিআৰ ব্ৰাকীথেৰাপীয়ে স্ত্ৰীৰোগ সম্বন্ধীয় কৰ্কট, মূৰ আৰু ডিঙিৰ কৰ্কট, ছাৰ্কোমা আৰু অন্যান্য টিউমাৰৰ বাবে লক্ষ্যভিত্তিক আভ্যন্তৰীণ বিকিৰণ চিকিৎসা প্ৰদান কৰাত সহায় কৰে।

ৰেডিঅ’লজিকেল অনক’লজী বিভাগে  সমন্বিত কৰ্কট ৰোগ চিকিৎসা ব্যৱস্থাৰ অধীনত কাম কৰে, যাক কেম’থেৰাপী আৰু অস্ত্ৰোপচাৰ সেৱাসমূহে সহায় কৰে; ইয়াৰ ভিতৰত মূৰ আৰু ডিঙি, হাড়ৰ অস্ত্ৰোপচাৰ, স্ত্ৰীৰোগ অনক’লজী আৰু সাধাৰণ অস্ত্ৰোপচাৰ আদি অন্তৰ্ভুক্ত। এই বহুমুখী ব্যৱস্থাই ৰোগীসকলক একেখন প্ৰতিষ্ঠানতে বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসা লাভ কৰিবলৈ সুযোগ প্ৰদান কৰে।

২০২৬ চনৰ ২৯ মে’ৰ পৰা কাৰ্যক্ষম হোৱা এই বিভাগটোৱে ইতিমধ্যে ৰেডিঅ’থেৰাপী আৰু কেম’থেৰাপী সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে। এই কেন্দ্ৰটোৱে আৰম্ভণিতে বছৰি প্ৰায় ৫০০-৭০০ গৰাকী ৰোগীক সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে, য’ত মূলতঃ মূৰ আৰু ডিঙি, স্ত্ৰীৰোগ সম্বন্ধীয়, স্তন, হাড় আৰু কোমল কলা তথা অন্যান্য টিউমাৰ আৰু দুৰাৰোগ্য ৰোগৰ চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

এই কাৰ্যসূচীত সাংসদদ্বয় শ্ৰী পৰশোত্তমভাই ৰূপালা আৰু শ্ৰী কেশৰীদেৱসিংহ ঝালা; এইমছ ৰাজকোটৰ কাৰ্যবাহী সঞ্চালক ড° এলএন দোৰাইৰাজন; আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল, অধ্যাপকসকল তথা স্বাস্থ্যসেৱা পেছাদাৰীসকল উপস্থিত থাকে।

***

SR/MM


(ৰিলিজ আই ডি : 2331840) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: हिन्दी , English , Urdu