ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
পোষ্ট কৰা হৈছে:
02 NOV 2026 5:36PM by PIB Guwahati
পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে (ডিপিপিডব্লিউ) পেঞ্চনাৰসকলে যাতে সহজতে আৰু কোনো অসুবিধা নোহোৱাকৈ নিজৰ ডিজিটেল জীৱন প্ৰমাণ-পত্ৰ দাখিল কৰিব পাৰে, সেই উদ্দেশ্যে ২০২৬ চনৰ ১ৰ পৰা ৩০ নৱেম্বৰলৈ সমগ্ৰ দেশৰ ২,০০০খন চহৰ আৰু জিলাত পঞ্চম সৰ্বভাৰতীয় ডিজিটেল জীৱন প্ৰমাণ-পত্ৰ (ডিএলচি) অভিযানৰ আয়োজন কৰিছে।
এই দেশজোৰা পদক্ষেপৰ অংশ হিচাপে, দূৰসংযোগ বিভাগৰ গুৱাহাটীস্থিত প্ৰধান সঞ্চালক যোগাযোগ হিচাপ (চিচিএ)ৰ কাৰ্যালয়ে এই অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত ২০২৬ চনৰ ১ৰ পৰা ১৫ নৱেম্বৰলৈ অসমৰ বিভিন্ন চহৰ আৰু জিলাত ডিজিটেল জীৱন প্ৰমাণ-পত্ৰ শিবিৰৰ আয়োজন কৰিছে।
পেঞ্চনাৰসকলে যাতে নিজৰ ডিজিটেল জীৱন প্ৰমাণ-পত্ৰ দাখিল কৰিব পাৰে, তাৰ বাবে নিৰ্ধাৰিত বিএছএনএল জেনেৰেল মেনেজাৰ টেলিকম ডিষ্ট্ৰিক্ট (জিএমটিডি)ৰ কাৰ্যালয়সমূহত এই শিবিৰসমূহ অনুষ্ঠিত হ’ব। এই শিবিৰসমূহ ২০২৬ চনৰ ৩ নৱেম্বৰত বঙাইগাঁও আৰু শিৱসাগৰৰ বিএছএনএল জিএমটিডি কাৰ্যালয়ত; ৪ নৱেম্বৰত শিলচৰত; ৫ নৱেম্বৰত তেজপুৰত; ১০ নৱেম্বৰত ডিব্ৰুগড়ত; ১১ নৱেম্বৰত নগাঁৱত; ১২ নৱেম্বৰত তিনিচুকীয়াত; আৰু ১৩ নৱেম্বৰত নলবাৰীত অনুষ্ঠিত হ’ব।
সংশ্লিষ্ট অঞ্চলসমূহত বসবাস কৰা পেঞ্চনাৰসকলক নিৰ্ধাৰিত তাৰিখত সংশ্লিষ্ট বিএছএনএল জিএমটিডি কাৰ্যালয়লৈ গৈ এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
ডিজিটেল জীৱন প্ৰমাণ-পত্ৰ কি?
ডিজিটেল জীৱন প্ৰমাণ-পত্ৰ (জীৱন প্ৰমাণ) হৈছে পেঞ্চনাৰসকলৰ বাবে এটা বায়’মেট্ৰিক ব্যৱস্থাযুক্ত ডিজিটেল সেৱা। কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ, কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন বা আন যিকোনো চৰকাৰী সংস্থাৰ পেঞ্চনাৰ, যাৰ পেঞ্চন বিতৰণকাৰী সংস্থা ডিএলচিৰ সৈতে সংযুক্ত, তেওঁলোকে এই সুবিধা লাভ কৰিব পাৰিব। তেওঁলোকে জীৱন প্ৰমাণ-পত্ৰ শাৰীৰিকভাৱে জমা দিয়াৰ বাবে বিতৰণকাৰী সংস্থা বা বেংকৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই আৰু তাৰ পৰিৱৰ্তে পেঞ্চন সেৱা অব্যাহত ৰাখিবলৈ ডিএলচি প্ৰস্তুত কৰিবলৈ আধাৰ সংযুক্ত বায়’মেট্ৰিক প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰিব।

PG/SS/MM