সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

কাৰ্যালয়সমূহত স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু অমীমাংসিত বিষয়সমূহ সৰ্বনিম্ন কৰাৰ দিশত গুৰুত্ব আৰোপ কৰি সংস্কৃতি মন্ত্ৰালয়ে সম্পন্ন কৰিলে বিশেষ অভিযান ৬.০

পোষ্ট কৰা হৈছে: 02 NOV 2026 4:07PM by PIB Guwahati

স্বচ্ছতাক প্ৰতিষ্ঠানৰ এক মৌলিক কৰ্ম-সংস্কৃতি হিচাপে প্ৰতিষ্ঠা কৰা আৰু কাৰ্যালয়সমূহত অমীমাংসিত কামৰ বোজা হ্ৰাস কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে দেশজুৰি এই বিশেষ অভিযান চলাই আহিছে।। নিৰ্দিষ্ট সময়সীমাৰ এই পদক্ষেপে ব্যাপক পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ জৰিয়তে কৰ্মক্ষেত্ৰৰ ব্যৱস্থাপনা উন্নত কৰা, বাতিল বা অপ্ৰয়োজনীয় সামগ্ৰী নিষ্কাশনৰ দ্বাৰা স্থানৰ সদ্ব্যৱহাৰ সুনিশ্চিত কৰা আৰু নথি-পত্ৰসমূহৰ সুশৃংখল ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও, জনসাধাৰণৰ ওজৰ-আপত্তিৰ তাৎক্ষণিক নিষ্পত্তি, নথি পৰ্যালোচনা আৰু অপ্ৰয়োজনীয় নথি নিষ্কাশন অভিযান (ভৌতিক আৰু ইলেক্ট্ৰনিক উভয় মাধ্যমতে), লগতে ৰূপায়ণ নোহোৱাকৈ থকা সংসদীয় প্ৰতিশ্ৰুতিসমূহ, বিশিষ্ট ব্যক্তিৰ প্ৰসংগ আৰু আন্তঃমন্ত্ৰালয় পৰামৰ্শসমূহ পদ্ধতিগতভাৱে নিষ্পত্তি কৰি এই অভিযানে প্ৰশাসনিক দক্ষতাক সুদৃঢ় কৰে। বিশেষ অভিযানৰ ষষ্ঠ সংস্কৰণ ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰূপায়ণ কৰা হয়। অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে সংগতি ৰাখি সংস্কৃতি মন্ত্ৰালয়ৰ লগতে ইয়াৰ সংলগ্ন, অধীনস্থ আৰু স্বায়ত্তশাসিত সংস্থাসমূহে সুপৰিকল্পিতভাৱে এই অভিযানত অংশগ্ৰহণ কৰে।

এই অভিযানৰ জৰিয়তে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰা হৈছে। কাৰ্যালয়সমূহক পৰিষ্কাৰ-পৰিচ্ছন্ন, কাৰ্যক্ষম আৰু নাগৰিককেন্দ্ৰিক কৰি তোলাৰ লগতে সুশাসনৰ আদৰ্শ প্ৰতিফলিত কৰাৰ দিশত এই ফলাফলসমূহে মন্ত্ৰালয়ৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

 বিশেষ অভিযান ৬.০-ৰ মূল সাফল্যসমূহ :

Parameter

Target

Achievement

জনসাধাৰণৰ অভিযোগ

৯২

৮১ (৮৮%)

জনসাধাৰণৰ অভিযোগৰ পুনৰীক্ষণৰ আবেদন

৪৪

৩২ (৭৩%)

সাংসদৰ প্ৰসংগ

৮০

৫৫ (৬৯%)

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰসংগ

২৬

২২ (৮৫%)

ৰাজ্য চৰকাৰৰ প্ৰসংগ

২৮

১৬ (৫৭%)

ভৌতিক আৰু ই-নথি পৰ্যালোচনা

৩১,৫১৫ আৰু ৩২৩

১০০%

নথি-পত্ৰ নিষ্কাশন

২,৯২১

১০০%

বাহ্যিক পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ স্থান

৫৯৫

১০০%

  • মুক্ত কৰা স্থান : ৪৯,২৯৫ বৰ্গফুট
  • বাতিল সামগ্ৰী নিষ্কাশনৰ জৰিয়তে উপাৰ্জন কৰা ৰাজহ : ২৬,৬০,৬৫৮ টকা
  • মন্ত্ৰালয়ৰ তৰফৰ পৰা ৩ খন পি আই বি বিবৃতি জাৰি কৰা হয় আৰু ইয়াৰ বিভিন্ন সংস্থাই ১৮৯ টা টুইট প্ৰকাশ কৰে।

অভিযান ৰূপায়ণ পৰ্যায়ৰ কিছু দৃশ্য:

বিশেষ অভিযানৰ সময়ত বিভিন্ন সংস্থাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচী


ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ দ্বাৰা আৱৰ্জনাৰ পৰা শিল্পকৰ্ম নিৰ্মাণ


 

ভাৰতীয় নৃতাত্ত্বিক জৰীপ বিভাগৰ দ্বাৰা আৱৰ্জনাৰ পৰা শিল্পকৰ্ম নিৰ্মাণ

ভিক্টোৰিয়া মেম’ৰিয়েল হলৰ পুৰণি স্মৃতিচিহ্ন বিপণী কাউণ্টাৰক ভিআইপি লাউঞ্জলৈ ৰূপান্তৰ



 

সংস্কৃতি মন্ত্ৰালয়ে এই বিশেষ অভিযানৰ সময়ছোৱাত গ্ৰহণ কৰা ইতিবাচক পদক্ষেপসমূহ অব্যাহত ৰখাৰ লগতে সকলো সংস্থাতে স্বচ্ছতাৰ সংস্কৃতি প্ৰতিষ্ঠা আৰু কাৰ্যালয়সমূহত অমীমাংসিত কাম-কাজৰ বোজা হ্ৰাস কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

 

 

 M. Annadurai/KrDD


(ৰিলিজ আই ডি : 2331701) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी