পোষ্ট কৰা হৈছে:
01 NOV 2026 6:40PM by PIB Guwahati
এয়াৰ মাৰ্শ্বাল মেহতাব সিং দেছৱালে (AVSM, VM) আজি ( ১ নৱেম্বৰ) ভাৰতীয় বায়ুসেনাৰ পূব এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰে।
এয়াৰ মাৰ্শ্বাল দেছৱালে ১৯৮৯ চনৰ ১৪ জুনত ভাৰতীয় বায়ুসেনাৰ ফ্লায়িং ব্ৰাঞ্চত ফাইটাৰ পাইলট হিচাপে নিযুক্তি লাভ কৰিছিল। বিভিন্ন প্ৰকাৰৰ যুদ্ধবিমান উৰুৱাই তেওঁৰ ৩২০০ ঘণ্টাতকৈও অধিক উৰণৰ অভিজ্ঞতা আছে। তেওঁ ষ্ট্ৰাইক এয়াৰক্ৰাফ্ট আৰু আকাশ প্ৰতিৰক্ষা অভিযানৰ বিশেষজ্ঞ তথা এগৰাকী প্ৰশিক্ষিত পাইলট এটেক ইনষ্ট্ৰাক্টৰ। তেওঁ নেচনেল ডিফেন্স একাডেমী (NDA) আৰু নেচনেল ডিফেন্স কলেজৰ প্ৰাক্তন শিক্ষাৰ্থী।
কৰ্মজীৱনত তেওঁ কেইবাটাও ক্ষেত্ৰভিত্তিক আৰু প্ৰশাসনিক পদত কাৰ্যনিৰ্বাহ কৰিছে। ইয়াৰ ভিতৰত দুটা উৰণ ঘাটিৰ এয়াৰ অফিচাৰ কমাণ্ডিং আৰু এখন ফাইটাৰ স্কোৱাড্ৰনৰ কমাণ্ডিং অফিচাৰ হিচাপে দায়িত্ব পালন কৰাটো উল্লেখযোগ্য। তেওঁ পাকিস্তানস্থিত ভাৰতীয় দূতাবাসত এয়াৰ এটাচে হিচাপেও নিযুক্ত আছিল। ইয়াৰ উপৰি তেওঁ বায়ুসেনাৰ মুখ্য কাৰ্যালয়ত সঞ্চালক প্ৰধান (ৱেপন ছিষ্টেমছ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
পূব এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ দক্ষিণ-পশ্চিম এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয়ত ছিনিয়ৰ এয়াৰ ষ্টাফ অফিচাৰ (SASO) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে এয়াৰ মাৰ্শ্বাল দেছৱালক অতি বিশিষ্ট সেৱা পদক (Ati Vishisht Seva Medal) আৰু বায়ুসেনা পদক (Vayu Sena Medal) প্ৰদান কৰা হৈছে।

****
JS/VK/SM/PB