পোষ্ট কৰা হৈছে:
01 NOV 2026 7:41PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি চণ্ডীগড় প্ৰশাসনৰ ২৫৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত পঞ্জাবৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ প্ৰশাসক শ্ৰী গুলাব চান্দ কাটাৰিয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ১৯৬৬ চনৰ আজিৰ দিনটোতে চণ্ডীগড় প্ৰতিষ্ঠা হৈছিল, হাৰিয়ানা ৰাজ্য গঠন হৈছিল আৰু চণ্ডীগড় আৰক্ষীৰ জন্ম হৈছিল। তেওঁ কয় যে এই একেটা দিনতে চণ্ডীগড় আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ সন্মানসূচক পতাকাও লাভ কৰিছে।
তেওঁ উল্লেখ কৰে যে ১৯৬৬ চনৰ পৰা ২০২৬ চনলৈ ৬০ বছৰীয়া যাত্ৰাত চণ্ডীগড়ে নগৰ পৰিকল্পনা আৰু উন্নয়নৰ ক্ষেত্ৰত সমগ্ৰ দেশতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এটা অৰ্থত চণ্ডীগড় উত্তৰ ভাৰতৰ সামগ্ৰিক পৰিচয়ৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে।
আজি ইয়াত ২৫৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা উন্নয়নমূলক প্ৰকল্পসমূহ উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে শিক্ষা, স্বাস্থ্যসেৱা, ন্যায়, প্ৰশাসন, গৱেষণা আৰু উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ২৫৮ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে।
তেওঁ কয় যে ৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চিটি-ইউটি বাছ আস্থান উদ্বোধন কৰা হৈছে।ইয়াৰ উপৰি আৰক্ষী কৰ্মীসকলৰ বাসস্থানৰ সুবিধাৰ বাবে ৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আৱাসসমূহৰো নিৰ্মাণ সম্পূৰ্ণ হৈছে।
তেওঁ আশা প্ৰকাশ কৰে যে ২০২৯ চনৰ পূৰ্বেই আৰক্ষী কৰ্মীসকলৰ আবাসিক সন্তুষ্টিৰ ক্ষেত্ৰত চণ্ডীগড় আৰক্ষীয়ে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিব।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বিগত ১৫ বছৰ ধৰি নিৰ্বাচনত পৰাজিত হৈ অহা বিৰোধীয়ে এতিয়া আৰ্হি সংসদ অনুষ্ঠিত কৰাৰ জৰিয়তে নিজৰ উপস্থিতি প্ৰকাশৰ এটানতুন পথ বিচাৰি উলিয়াইছে।তেওঁ কয় যে যদি বিৰোধীৰ দৃষ্টিভংগী মিছা প্ৰচাৰ, বিশৃংখলতা আৰু নেতিবাচক ধাৰণা বিয়পোৱা, সংসদৰ কাম-কাজত বাধা সৃষ্টি কৰা আৰু সংসদীয় বিষয়সমূহ ৰাজপথলৈ নি হুলস্থূল সৃষ্টি কৰাতে সীমাবদ্ধ থাকে, তেন্তে তেওঁলোকে পুনৰ অহা পাঁচ বছৰলৈ বিৰোধীৰ আসনতে বহিবলগীয়া হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে এফালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনক দ্ৰুত উন্নয়ন আৰু প্ৰগতিৰ দিশে আগুৱাই নিছে। ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে, নক্সালবাদ নিৰ্মূল কৰা হৈছে আৰু তিনি তালাক প্ৰথা বিলুপ্ত কৰা হৈছে। তেওঁ কয় যে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত পঞ্জাবকে ধৰি সমগ্ৰ দেশক ড্ৰাগছমুক্ত কৰা হ’ব।শ্ৰী অমিত শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশতে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণৰ কামতো নেতৃত্ব প্ৰদান কৰিছে।বৰ্তমান ভাৰতত সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম, সৰ্বোচ্চ উৰণ সেতু আৰু দীৰ্ঘতম দলং নিৰ্মাণ কৰা হৈছে।দেশত ১১ লাখ কোটি টকা ব্যয়সাপেক্ষ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম চলি আছে।তেওঁ কয় যে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈ বিদ্যুৎ আৰু শৌচাগাৰৰ সুবিধা আগবঢ়োৱা হৈছে।
প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বেংক একাউণ্টৰ জৰিয়তে বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হৈছে।দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ ব্যক্তিয়ে প্ৰতিমাহে পাঁচ কিলোগ্ৰামকৈ বিনামূলীয়া খাদ্যশস্য লাভ কৰিছে।শিশুসকলৰ বাবে বিদ্যালয় স্থাপন কৰা হৈছে। আনহাতে, বিৰোধী নেতাসকলে মহিলাসকলে ৩৩ শতাংশ সংৰক্ষণ লাভ কৰাত বাধা দিবলৈ সংসদৰ কাম-কাজত ব্যাঘাত জন্মাইছে।তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰাটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু চৰকাৰৰ দৃঢ় সংকল্প।দেশবাসীয়ে এই সকলোবোৰ ঘটনা গভীৰভাৱে লক্ষ্য কৰি আছে।
কোনে দেশখনক সুৰক্ষিত আৰু উন্নত কৰি তুলিছে, কোনে উদ্ভাৱনক উৎসাহিত কৰিছে, কোনে নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰিছে আৰু কোনে দেশৰ অৰ্থনৈতিক সমৃদ্ধিৰ দিশত কাম কৰিছে, সেই বিষয়ে দেশবাসী সম্পূৰ্ণৰূপে অৱগত বুলিও তেওঁ কয়।
*****
RK/RR/PS/PR/DM