পোষ্ট কৰা হৈছে:
01 NOV 2026 5:56PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১ নৱেম্বৰ, ২০২৬) হাৰিয়ানাৰ কুৰুক্ষেত্ৰত ৰাজ্য গঠনৰ ৬০ বছৰ উপলক্ষে আয়োজিত ‘হীৰক জয়ন্তী’উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ প্ৰগতিৰ যাত্ৰাৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে হাৰিয়ানাৰ জনসাধাৰণক অভিনন্দন জনায়।তেওঁ কয় যে ভগৱান শ্ৰীকৃষ্ণৰ নিষ্কাম কৰ্মৰ চিৰন্তন বাণী সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰা এই পবিত্ৰ ভূমিয়ে আধুনিক যুগতো মানৱীয় কৃতিত্বৰ বহু মাইলৰ খুঁটি স্থাপন কৰিছে।স্বাধীনতা সংগ্ৰামৰ পৰা সামাজিক পৰিৱৰ্তন, গণতন্ত্ৰ, সাহিত্য আৰু বিজ্ঞানলৈকে বিভিন্ন ক্ষেত্ৰত হাৰিয়ানাৰ জনসাধাৰণে অৰ্থপূৰ্ণ অৱদান আগবঢ়াই আহিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে বিগত এটা দশকত নাৰী সবলীকৰণৰ বিভিন্ন দিশত হাৰিয়ানাই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰে।তেওঁ কয় যে ২০১৫ চনৰ জানুৱাৰী মাহত পানীপথৰ পৰা আৰম্ভ কৰা ৰাষ্ট্ৰীয় অভিযান ‘বেটী বচাও, বেটী পঢ়াও’ নাৰী সবলীকৰণৰ দিশত অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।২০১৪ চনৰ তুলনাত ২০২৫ চনত জন্মৰ ক্ষেত্ৰত লিংগ অনুপাত বৃদ্ধি পোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে এই অনুপাত সমতা ৰক্ষা কৰিব পৰা পৰ্যায়ত উপনীত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।ৰাজ্যখনত নাৰীৰ স্বাস্থ্য আৰু কন্যা শিশুৰ শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত অব্যাহত থকা উন্নয়নৰ ধাৰা আগন্তুক দিনত অধিক ত্বৰান্বিত হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় ক্ৰীড়াৰ ইতিহাসত হাৰিয়ানাৰ খেলুৱৈসকলে সন্মানীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অসাধাৰণ সফলতা অৰ্জন কৰিছে।ক্ৰীড়াক্ষেত্ৰত উল্লেখযোগ্য সাফল্যৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা হাৰিয়ানাৰ কন্যাসকলক তেওঁ প্ৰশংসা কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাত হাৰিয়ানাই নতুন শিখৰ স্পৰ্শ কৰি আছে।তেওঁ কয় যে হাৰিয়ানাৰ এই পবিত্ৰ ভূমিয়েই সমগ্ৰ বিশ্বক গীতাৰ বাণী উপহাৰ দিছে।হাৰিয়ানাৰ উন্নয়নত অৰিহণা যোগাই থকা প্ৰতিগৰাকী ব্যক্তি তথা প্ৰতিটো প্ৰতিষ্ঠানে ভগৱান শ্ৰীকৃষ্ণৰ বাণীৰ পৰা শক্তি আৰু সঠিক দিশ লাভ কৰক বুলিও তেওঁ কামনা কৰে।
Please click here to see the President’s Speech

*****
MJPS/SS/PRK/DM