পোষ্ট কৰা হৈছে:
31 OCT 2026 7:27PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তেওঁৰ চৰকাৰী বাসভৱনত মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰী আৰু সামুদ্ৰিক কেডেটসকলক ৰাষ্ট্ৰীয় একতা দিৱসৰ শপতবাক্য পাঠ কৰোৱায়। ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষ্যে প্ৰতি বছৰে ৩১ অক্টোবৰত দেশত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস। ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে দেশৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তা অটুট ৰখাৰ বাবে নিজকে উৎসৰ্গা কৰাৰ লগতে দেশবাসীৰ মাজত এই বাৰ্তা প্ৰচাৰৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰাৰ সংকল্প গ্ৰহণ কৰে।
শপতবাক্যত কোৱা হয়, “মই দেশৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ বাবে নিজকে উৎসৰ্গা কৰিম আৰু মোৰ দেশবাসীৰ মাজত এই বাৰ্তা প্ৰচাৰৰ বাবে সকলো সম্ভৱ প্ৰচেষ্টা গ্ৰহণ কৰিম। চৰ্দাৰ বল্লভভাই পেটেলৰ দূৰদৰ্শিতা আৰু কৰ্মৰাজিৰ ফলত সম্ভৱ হোৱা মোৰ দেশৰ ঐক্যৰ ভাবনাৰে মই এই শপতগ্ৰহণ কৰিছোঁ। লগতে মোৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে অৱদান আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ।”
অনুষ্ঠানত সোণোৱালে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। স্বাধীনতাৰ পিছত ৫৬০খনতকৈও অধিক দেশীয় ৰাজ্যক একত্ৰিত কৰি এখন অখণ্ড ভাৰত গঢ় দিয়াৰ ক্ষেত্ৰত ঐতিহাসিক ভূমিকা গ্ৰহণ কৰাৰ বাবে তেওঁ ‘ভাৰতৰ লৌহমানৱ’ হিচাপে পৰিচিত।
সোণোৱালে কয়, “চৰ্দাৰ পেটেলে আমাক এখন ভাৰত উপহাৰ দিছিল। দেশখনক একত্ৰিত কৰা মহান ব্যক্তিগৰাকীয়ে দশক দশক ধৰি তেওঁৰ প্ৰাপ্য সন্মান লাভ কৰা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটাইছে। বিশ্বৰ সৰ্বোচ্চ মূৰ্তি ‘ষ্টেচু অৱ ইউনিটি’ নিৰ্মাণ আৰু ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উৎসৰ্গা কৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ লৌহমানৱক প্ৰতিগৰাকী ভাৰতীয়ৰ জাতীয় পৰিচয় আৰু দেশপ্ৰেমৰ কেন্দ্ৰবিন্দুত প্ৰতিষ্ঠা কৰিছে।”
অনুষ্ঠানত সোণোৱালে যুৱ সামুদ্ৰিক কেডেটসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ কয় যে দেশৰ প্ৰতি যুৱ কেডেটসকলৰ উৎসাহ-উদ্দীপনাই যুৱশক্তিৰ প্ৰকৃত সামৰ্থ্য প্ৰতিফলিত কৰিছে।
সোণোৱালে লগতে কয়, “এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মূলমন্ত্ৰৰে এখন শক্তিশালী ভাৰত গঢ়ি তোলাৰ বাবে চৰ্দাৰ পেটেলৰ ঐক্য আৰু অখণ্ডতাৰ আদৰ্শক সন্মান জনোৱাৰ ক্ষেত্ৰত আমি দায়বদ্ধ।”
মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে আৰু ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠাৰ লক্ষ্যৰে দেশখন ক্ৰমাগতভাৱে আগুৱাই গৈছে।
সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ কেৱল এক দৃষ্টিভংগীতে সীমাবদ্ধ হৈ থকা নাই, বৰং ই এক ৰাষ্ট্ৰীয় অভিযানত পৰিণত হৈছে। আমাৰ বন্দৰ, জাহাজ পৰিবহণ ব্যৱস্থা আৰু আভ্যন্তৰীণ জলপথসমূহে এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পশ্চিম উপকূললৈকে দেশৰ প্ৰতিটো প্ৰান্তক সংযোগ কৰিছে। ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ লক্ষ্যৰে দেশ আগুৱাই যোৱাৰ সময়ত এই যুৱ কেডেটসকলেই দেশৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিব।”
অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
উল্লেখ্য যে ভাৰতৰ ৰাজনৈতিক একত্ৰীকৰণৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ঐতিহাসিক অৱদানক স্মৰণ কৰাৰ লগতে দেশৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰাৰ উদ্দেশ্যে ২০১৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ৩১ অক্টোবৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি আহিছে।


***
MI/Indu/DM