পোষ্ট কৰা হৈছে:
31 OCT 2026 3:33PM by PIB Guwahati
এয়াৰ চীফ মাৰ্শ্বেল অশুতোষ দীক্ষিত পি ভি এছ এম এ ভি এছ এম ভি এম ভি এছ এম-এ চলিত বৰ্ষৰ ৩১ অক্টোবৰত ভাৰতীয় বায়ুসেনাৰ ২৯ সংখ্যক মুৰব্বী (চীফ অৱ দি এয়াৰ ষ্টাফ) হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেওঁ ৪২ বছৰীয়া গৌৰৱোজ্জ্বল সেৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰা এয়াৰ চীফ মাৰ্শ্বেল এ পি সিং, পি ভি এছ এম এ ভি এছ এম-ৰ স্থলাভিষিক্ত হয়।
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন শিক্ষাৰ্থী এয়াৰ চীফ মাৰ্শ্বেল অশুতোষ দীক্ষিতে ১৯৮৬ চনৰ ৬ ডিচেম্বৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান শাখাত এগৰাকী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল।
চাৰি দশকজোৰা কৰ্মজীৱনত বায়ুসেনাৰ নতুন মুৰব্বীগৰাকীয়ে অভিযান, উৰণ পৰীক্ষণ, সামৰ্থ্য বিকাশ আৰু যৌথ সামৰিক কৰ্মচাৰী বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালনৰ বিস্তৃত অভিজ্ঞতা অৰ্জন কৰিছে। যুঁজাৰু বিমানৰ এগৰাকী সুদক্ষ পাইলট তথা প্ৰশিক্ষক হিচাপে আৰু পৰীক্ষামূলক উৰণৰ পাইলট হিচাপে তেওঁৰ মিৰেজ-২০০০, মিগৰ বিভিন্ন সংস্কৰণ, জাগুৱাৰ আৰু কেইবাখনো পৰিবহণ বিমানকে ধৰি বিভিন্ন শ্ৰেণীৰ বিমানত ৩,৩০০ ঘণ্টাৰো অধিক সময় উৰণৰ অভিজ্ঞতা আছে।
ভাৰতীয় বায়ুসেনাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদানে বিশেষভাৱে স্বীকৃত লাভ কৰি আহিছে। জাগুৱাৰ আৰু মিগ-২৭ বিমানৰ উন্নীতকৰণ প্ৰকল্পৰ চূড়ান্ত ৰূপ দিয়াৰ লগতে এল চি এ এম কে-১ তেজছ বিমানৰ প্ৰাৰম্ভিক কাৰ্যকৰী সক্ষমতা আৰু চূড়ান্ত কাৰ্যকৰী সক্ষমতা সম্পৰ্কীয় কাম-কাজ সম্পূৰ্ণ কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ অভিযানমূলক কমাণ্ডৰ দায়িত্বসমূহৰ ভিতৰত আছিল মিৰেজ-২০০০ স্কোৱাড্ৰনৰ কমাণ্ড, পশ্চিম খণ্ডৰ এটা ফৰৱাৰ্ড বে’ছ ছাপ'ৰ্ট ইউনিট আৰু ভাৰতীয় বায়ুসেনাৰ এখন আগশাৰীৰ যুঁজাৰু বিমান প্ৰশিক্ষণ ঘাটি বায়ুসেনা ষ্টেচন বিদাৰৰ কমাণ্ড।
এইগৰাকী বায়ুসেনা বিষয়াই ছাউডাৰ্ণ এয়াৰ কমাণ্ডৰ এয়াৰ ডিফেন্স কমাণ্ডাৰ, ছাউথ ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ ছিনিয়ৰ এয়াৰ ষ্টাফ অফিচাৰ আৰু বায়ুসেনাৰ উপ-মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি সামৰ্থ্য বিকাশ আৰু ক্ৰয় সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ নেতৃত্ব দিছিল। পৰৱৰ্তী সময়ত তেওঁ চেণ্ট্ৰেল এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ হিচাপেও দায়িত্ব পালন কৰে। ইয়াৰ পিছত অপাৰেচন সিন্দূৰৰ সময়ছোৱাত তেওঁ চীফছ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষৰ অধীনস্থ চীফ অৱ ইণ্টিগ্ৰেটেড ডিফেন্স ষ্টাফ হিচাপে কাৰ্যনিৰ্বাহ কৰে। বায়ুসেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ বায়ুসেনাৰ উপ-মুৰব্বীৰ দায়িত্বত আছিল।
এয়াৰ চীফ মাৰ্শ্বেল অশুতোষ দীক্ষিত বাংলাদেশৰ ডিফেন্স ছাৰ্ভিচেছ কমাণ্ড এণ্ড ষ্টাফ কলেজ আৰু নতুন দিল্লীৰ নেচনেল ডিফেন্স কলেজৰ এগৰাকী কৃতী স্নাতক। দেশৰ প্ৰতি আগবঢ়োৱা বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে তেওঁক বায়ুসেনা পদক, বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক আৰু পৰম বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হৈছে।

***
JS/VK/GK/UD