পোষ্ট কৰা হৈছে:
30 OCT 2026 7:54PM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ জাহাজ তাৰ্কাশৰ ২০২৬ চনৰ ৩০ অক্টোবৰত মৰিছাছৰ পোৰ্ট লুইছত উপস্থিত হয়। দক্ষিণ ভাৰত মহাসাগৰ অঞ্চলত চলি থকা অভিযানৰ অংশ হিচাপে জাহাজখনে এই বন্দৰ ভ্ৰমণ কৰিছে। এই বন্দৰ ভ্ৰমণে ভাৰত আৰু মৰিছাছৰ মাজৰ ঘনিষ্ঠ সামুদ্ৰিক অংশীদাৰিত্বক প্ৰতিফলিত কৰে। ইয়াৰ লগতে পেছাদাৰী মত বিনিময়, যুটীয়া কাৰ্যকলাপ আৰু সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে দ্বিপাক্ষিক নৌ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে।
বন্দৰ ভ্ৰমণৰ সময়ত জাহাজৰ কৰ্মীসকলে মৰিছাছ কোষ্ট গাৰ্ডৰ কৰ্মীসকলৰ সৈতে কেইবাটাও কাৰ্যসূচীত অংশ ল'ব।ইয়াৰ ভিতৰত যুটীয়া প্ৰশিক্ষণ কাৰ্যকলাপো থাকিব। ইয়াৰ উদ্দেশ্য হৈছে অভিযানৰ অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান কৰা। ইয়াৰ দ্বাৰা দুয়োটা সামুদ্ৰিক বাহিনীৰ মাজত আন্তঃকাৰ্যক্ষমতা বৃদ্ধি পোৱাৰ লগতে সমন্বয় শক্তিশালী হ'ব। ভ্ৰমণৰ সময়ত সাংস্কৃতিক আদান-প্ৰদান আৰু সামাজিক কাৰ্যসূচীও আয়োজিত হ’ব। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ কৰ্মীসকলৰ মাজত মত বিনিময়ৰ সুযোগ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ হ'ব।
আই এন এছ তাৰ্কাশে চনৰ ২ নৱেম্বৰত মৰিছাছৰ ১৯২ সংখ্যক আপ্ৰৱাসী দিৱসৰ স্মৃতিচাৰণ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। এই বাৰ্ষিক অনুষ্ঠানে ১৮৩৪ চনৰ ২ নৱেম্বৰত পোৰ্ট লুইছৰ আপ্ৰৱাসী ঘাটত ভাৰতৰ পৰা অহা প্ৰথমটো বনুৱাৰ দলৰ আগমনক স্মৰণ কৰে। এই দিৱসে এই শ্ৰমিকসকলৰ ঐতিহাসিক ঐতিহ্য, ত্যাগ আৰু অৱদানক সন্মান জনায়। তেওঁলোকৰ বংশধৰসকলে বৰ্তমান মৰিছাছৰ জনসংখ্যাৰ এক উল্লেখযোগ্য অংশ হিচাপে পৰিগণিত হৈছে। তেওঁলোকে দ্বীপ ৰাষ্ট্ৰখনৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে। এই স্মৃতিচাৰণ অনুষ্ঠানত আই এন এছ তাৰকাশৰ অংশগ্ৰহণে দুয়োখন দেশৰ মাজৰ গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কক উজ্জ্বল কৰি তোলে।
এই বন্দৰ ভ্ৰমণ ভাৰত আৰু মৰিছাছৰ মাজৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ, যি পাৰস্পৰিক ঐতিহাসিক সম্পৰ্ক, সাংস্কৃতিক সাদৃশ্য আৰু যৌথ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। ই ইণ্ডিয়ান ওচেন ৰিজিয়ন বা ভাৰত মহাসাগৰীয় অঞ্চলৰ মিত্ৰ দেশসমূহৰ সৈতে ভাৰতীয় নৌসেনাৰ নিৰন্তৰ সম্পৰ্কক প্ৰতিফলিত কৰে, যাৰ ফলত সামুদ্ৰিক সহযোগিতা, আঞ্চলিক সুৰক্ষা আৰু স্থিৰতা বৃদ্ধি পায়। এনেধৰণৰ মোতায়েন আৰু অংশগ্ৰহণৰ জৰিয়তে, ভাৰতীয় নৌসেনাই সামুদ্ৰিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে 'মহাসাগৰ' (MAHASAGAR - Mutual and Holistic Advancement for Security and Growth Across Regions) নামৰ দূৰদৰ্শিতাক আগুৱাই লৈ যোৱাত অহৰহ অৰিহণা যোগাই আহিছে।
(2)_20261030195535_916907.jpeg)
VM/AS/DD